গুৱাহাটী
ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰত অৱস্থিত এখন চৰকাৰী খণ্ডৰ মাতৃভাষা মাধ্যমৰ প্রাথমিক বিদ্যালয়ত শিক্ষা জীৱনৰ পাতনি মেলা এগৰাকী ছাত্ৰীয়ে কেমব্রিজ ইণ্টাৰনেচনেলৰ স্ট্রেটেজিক হায়াৰ এডুকেচন এডভাইছৰী কাউন্সিলৰ সদস্যৰূপে মনোনীত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত শিক্ষা আহৰণ কৰি আন্তঃৰাষ্ট্ৰীয় পর্যায়ত জিলিকি উঠা এইগৰাকী অসম কন্যা হ'ল ড° উপাসনা মহন্ত।
ড° উপাসনা মহন্ত ব্রিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰ বিছাৰ্চ ফেল' হিচাপেও কৰ্মৰত আছিল। SHEACলৈ মনোনীত ভাৰতৰ প্রথমগৰাকী সদস্য ড° উপাসনা মহন্তই বিশ্বৰ আগশাৰীৰ শিক্ষানুষ্ঠানত নামভর্তি-শৈক্ষিক দিশ সন্দৰ্ভত কাম কৰি আহিছে।
উল্লেখ্য যে অসম মানৱ অধিকাৰ আয়োগৰ প্ৰাক্তন সদস্য, শিৱসাগৰ কলেজৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা সাংবাদিক প্রয়াত শৰৎ মহন্ত আৰু মীনা মহন্তৰ তনয়া ড° উপাসনা মহন্তই জয়সাগৰ নিম্ন বুনিয়াদী অভ্যসন বিদ্যালয়ত প্রাথমিক শিক্ষা গ্রহণ কৰি পৰৱৰ্তী সময়ত ৰংপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আৰু শিৱসাগৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়ৰ মিৰাণ্ডা হাউছ আৰু হিন্দু কলেজৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল।
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পি এইচ ডি ডিগ্রীধাৰী ড° উপাসনা মহন্ত গুৱাহাটীৰ আৰক্ষী আযুক্ত ড° পার্থসাৰথি মহন্ত আৰু গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট নিবন্ধকাৰ ড° সব্যসাচী মহন্তৰ কনিষ্ঠ ভগ্নী। উল্লেখ্য যে ড° উপাসনা মহন্ত দিল্লীৰ অ' পি জিন্দাল গ্ল'বেল ইউনিভাৰছিটিৰ ডীন তথা প্রাধ্যাপক হিচাপে কৰ্মৰত আছিল।