কৃতী ছাত্ৰীক বিশেষ জলপানি আৰু সম্বৰ্দ্ধনা প্ৰদান এৰিয়ান:৮৬ৰ

Story by  atv | Posted by  Munni Begum • 12 h ago
কৃতী ছাত্ৰীক বিশেষ জলপানি আৰু সম্বৰ্দ্ধনা প্ৰদানৰ এক মূহুৰ্ত
কৃতী ছাত্ৰীক বিশেষ জলপানি আৰু সম্বৰ্দ্ধনা প্ৰদানৰ এক মূহুৰ্ত
 
গুৱাহাটী 
 
অলপতে এৰিয়ান:৮৬ ৰ উদ্যোগত আৰ্য‍্য বিদ‍্যাপীঠ উঃমাঃ বঃ বিদ‍্যালয়ৰ দুগৰাকী কৃতী ছাত্ৰীক এবছৰৰ বাবে জলপানি প্ৰদান কৰা হয়। বিদ্যালয়খনৰ প্ৰাংগনত অনুষ্ঠিত এক অনুষ্ঠানত এই বছৰৰ নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাত বিশেষ কৃতিত্বৰে দশম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক এই জলপানি প্ৰদানৰ ব‍্যৱস্থা কৰা হৈছে। 
 
ছাত্ৰ-ছাত্ৰীসকলক অধিক ভাল ফল দেখুওৱাত উৎসাহিত কৰাৰ উদ্দেশ‍্যেৰে জলপানি প্ৰদানৰ বাবে আয়োজিত সভাখন আঁতধৰে  এৰিয়ানঃ৮৬ ৰ সাধাৰণ সম্পাদক অনিল দাসে। 
 
সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন আৰু বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক স্ব গিৰিধৰ শৰ্মাৰ প্ৰতিকৃতিত মাল্যাৰ্পণেৰে কৰে বিদ‍্যালয়ৰ অধ‍্যক্ষ শ্ৰী ছামচুদ্দিন আহমেদে। আদৰণি ভাষণত এৰিয়ান: ৮৬ ৰ সভাপতি সত্যব্ৰত দেৱ মিশ্ৰই সংগঠনৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা ব্যক্ত কৰে।
 
উক্ত সভাতেই উদ‍্যোক্তা এৰিয়ান:৮৬ ৰ যিসকল সদস্যৰ সন্তানে এইবাৰ হাইস্কুল শিক্ষান্ত/উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিশেষ সফলতাৰে উত্তীৰ্ণ হৈছে আৰু ৰাষ্ট্ৰীয় খেলত বিশেষ কৃতিত্ব অৰ্জন কৰিছে তেওঁলোককো সম্বৰ্দ্ধনা জনোৱা হয়।  


শেহতীয়া খবৰ