CBSE ৰ নিৰ্দেশনা; বিদ্যালয়ত ৭৫% উপস্থিতি অবিহনে দিব নোৱাৰিব পৰীক্ষা

Story by  atv | Posted by  [email protected] • 3 d ago
CBSE ৰ নিৰ্দেশনা; বিদ্যালয়ত ৭৫% উপস্থিতি অবিহনে দিব নোৱাৰিব পৰীক্ষা
CBSE ৰ নিৰ্দেশনা; বিদ্যালয়ত ৭৫% উপস্থিতি অবিহনে দিব নোৱাৰিব পৰীক্ষা
 
নতুন দিল্লী
 
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে ৭৫% উপস্থিতি বাধ্যতামূলক কৰিছে।
 
চিবিএছইএ বিদ্যালয়সমূহক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি পৰীক্ষা কৰিবলৈও কঠোৰ নিৰ্দেশনা দিছে, যদি কোনো ছাত্ৰ-ছাত্ৰী দীৰ্ঘদিন ধৰি বিদ্যালয়ত অনুপস্থিত থাকে তেন্তে বিদ্যালয় কৰ্তৃপক্ষই অভিভাৱকক অৱগত কৰিব লাগিব।
 
কেৱল বৈধ কাৰণৰ প্ৰমাণ দিলেহে ৰেহাই দিব পাৰিব, যাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে লিখিত আবেদন বা চৰকাৰী নথি-পত্ৰ জমা দিব লাগিব।
 
যদি কোনো ছাত্ৰ-ছাত্ৰী অনুপস্থিত থকাৰ বাবে সঠিক নথি-পত্ৰ প্ৰদান কৰিব নোৱাৰে তেন্তে তেওঁক ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ দিয়া নহ’ব।যদিহে উপস্থিতি ৭৫%তকৈ কম হয় তেন্তে ছাত্ৰজনক ব’ৰ্ড পৰীক্ষাৰ বাবে অযোগ্য বুলি গণ্য কৰা হ’ব।
 
চিবিএছইয়ে কৈছে যে কিছুমান বিশেষ পৰিস্থিতিত হে শিথিলতা দিয়া হ’ব, ইয়াৰ ভিতৰত জৰুৰীকালীন পৰিস্থিতি, পৰিয়ালৰ কোনো সদস্যৰ মৃত্যু আৰু স্বীকৃতিপ্ৰাপ্ত খেলত অংশগ্ৰহণৰ ক্ষেত্ৰত ৰেহাই দিয়া হ’ব। আকস্মিক পৰিদৰ্শনৰ বিষয়েও বিদ্যালয়সমূহক CBSEএ সকীয়াই দিছে।