প্ৰেম খান, ফৰিদাবাদ (হৰিয়াণা)
হাৰিয়ানাৰ ফৰিদাবাদত এক সৰু শিল্পকৰ্মই ৰাজ্যখনৰ দুৰ্গোৎসৱৰ দশেৰাক বিশেষ মাত্ৰা প্ৰদান কৰায়ে নহয়, ই বহু পৰিয়ালৰ জীৱনলৈ এক নতুন আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। কিয়নো এগৰাকী স্থানীয় শিল্পীৰ কঠোৰ পৰিশ্ৰম আৰু দক্ষতাই বহু লোকৰ বাবে কৰ্মসংস্থাপনৰ নতুন বাট মুকলি কৰিছে, যি সম্প্ৰতি সংগ্ৰাম, আশা আৰু সামূহিক প্ৰচেষ্টাৰ কাহিনী আৰু জীৱন গঢ় দিয়া এক পৰম্পৰাত পৰিণত হৈছে।
দশেৰাৰ প্ৰস্তুতিৰ তুংগত উঠাৰ লগে লগে ফৰিদাবাদৰ পথসমূহত শাৰী শাৰীকৈ ৰঙীন ৰাৱণৰ মূৰ্তি দেখা গৈছে। বিগত ১০ বছৰে এই পৰম্পৰাগত শিল্পক জীয়াই ৰাখিছে উষা নামৰ এগৰাকী শিল্পীয়ে। যিগৰাকীয়ে এই মূৰ্তিবোৰ তৈয়াৰ কৰিছে। উষাই এই মূৰ্তিবোৰ কেৱল তেওঁৰ চখৰ বাবেহে নিৰ্মান কৰি আহিছে আৰু তেওঁৰ এই শিল্প বহু পৰিয়াল আৰু আন বহু শিল্পীৰ বাবে এক শক্তিশালী কৰ্মসংস্থাপনৰ উৎস হৈ পৰিছে।
ৰাৱণৰ মূৰ্তি নিৰ্মানত ব্যস্ত এগৰাকী মহিলা শিল্পী
আৱাজ দ্য ভইচ'ক উষাই জনোৱা মতে, প্ৰায় এদশক পূৰ্বে তেওঁ ৰাৱণৰ মূৰ্তি নিৰ্মাণ কৰাৰ কলা শিকিছিল। তাৰ পিছত তেওঁৰ ভায়েক অজয়ে তেওঁৰ সৈতে সহযোগ কৰিছিল আৰু আজি দুয়ো মিলিয়ে ২ ফুটৰ পৰা ৪৫ ফুট উচ্চতালৈকে বিশাল ৰাৱনৰ প্ৰতিমূৰ্তি সৃষ্টি কৰি আহিছে। এই প্ৰতিমূৰ্তিসমূহ কেৱল দশেৰাত বিক্ৰী কৰা হয়, আৰু প্ৰতি বছৰে ইয়াৰ নিৰ্মাণ প্ৰক্ৰিয়া প্ৰায় তিনিমাহ আগৰ পৰাই আৰম্ভ কৰা হয়।
যদিও ৰাৱণক অশুভৰ প্ৰতীক বুলি গণ্য কৰা হয়, তথাপিও দশেৰাৰ সময়ত ৰাৱণেই বহু লোকক কৰ্মসংস্থাপন প্ৰদান কৰি আহিছে। চহৰখনৰ বহু নিবনুৱাক কেইদিনমানৰ বাবে হ'লেও জীৱিকাৰ সুযোগ প্ৰদান কৰি আহিছে। দশেৰাৰ দিনা ৰাৱণ, কুম্ভকৰ্ণ, মেঘনাদৰ প্ৰতিমূৰ্তি মুকলি পথাৰত স্থাপনৰ বাবে ৰাতিপুৱাৰ পৰা অসংখ্য লোকে কঠোৰ পৰিশ্ৰম কৰা দেখা যায়।
সেইদিনা মাটিত প্ৰতিমূৰ্তি স্থাপনৰ কৰাৰ কাৰ্যত ক্রেন মেচিনৰ সৈতে প্ৰায় ১০-১২ জন লোকৰ প্ৰয়োজন হয়। প্ৰতিমূৰ্তি নিৰ্মাণ কৰা শিল্পীসকলে কয় যে, তেওঁলোক বহুদিনৰ পৰা এই কাম কৰি আহিছে। বিশেষকৈ উচ্চ প্ৰতিমূৰ্তি গঢ়িবলৈ সময় আৰু পৰিশ্ৰম দুয়োটায়ে খুব প্ৰয়োজন হয়। দশেৰাৰ সময়ত এনে উচ্চ প্ৰতিমূৰ্তিবোৰৰ চাহিদা বহু বেছি হোৱাৰ বাবে কিছুদিনৰ বাবে হ'লেও সকলোৰে বাবে কৰ্মসংস্থাপনৰ ব্যৱস্থা হৈ যায়।
ৰাজপথত শাৰী শাৰিকৈ থকা ৰাৱণৰ মূৰ্তি
অজয়ে কয়, "আগতে বিক্ৰী বহুত বেছি আছিল, এতিয়া বজাৰ সিমান ভাল নহয়, কিন্তু আমাৰ বিশ্বাস আছে যে, দশেৰা ওচৰ চাপি অহাৰ লগে লগে আমাৰ অ'ৰ্ডাৰৰ সংখ্যাও বৃদ্ধি পাব।"
এটা ৰাৱণৰ প্ৰতিমূৰ্তি সম্পূৰ্ণ কৰিবলৈ প্ৰায় ৩-৪ দিন লাগে। কোনোৱে অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত ৰাৱণ বিচাৰে, কোনোৱে পৰম্পৰাগত ৰাজকীয় সাজ-পোছাকত বিচাৰে। সেয়েহে গ্ৰাহকৰ দাবী অনুসৰি আমি প্ৰতিমূৰ্তিসমূহৰ ডিজাইনসমূহ নিৰ্মান কৰি দিওঁ।
উষা আৰু তেওঁৰ পৰিয়ালৰ বাবে এই কাম কেৱল ঋতুভিত্তিক নহয়। আন সময়তো তেওঁলোকে মেট বনোৱা আৰু ফেৰী (স্থানীয় হস্তশিল্প) কাম কৰে। কিন্তু দশেৰা বতৰত তেওঁলোকৰ মনোযোগ সম্পূৰ্ণৰূপে ৰাৱণ নিৰ্মাণৰ ওপৰত স্থানান্তৰিত হয়। এই সময়ছোৱাত বহু স্থানীয় শিল্পীয়েও তেওঁলোকৰ অধীনত অস্থায়ীভাৱে কৰ্মসংস্থাপন লাভ কৰে।
ৰাৱণৰ মূৰ্তি নিৰ্মানত ব্যস্ত এগৰাকী শিল্পী
এই শিল্পই দশেৰা উৎসৱ উদযাপনত জাকজমক বৃদ্ধি কৰাই নহয়, ফৰিদাবাদৰ দৰে এখন চহৰত এই স্থানীয় শিল্প বহুজনৰ জীৱন-জীৱিকাৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰে। উষাই আৱেগিকভাৱে কয়, প্ৰতিটো প্ৰতিমূৰ্তি কেৱল কাগজ আৰু বাঁহেৰে নিৰ্মিত নহয়, ই আমাৰ কঠোৰ পৰিশ্ৰম, আশা আৰু পৰম্পৰাকো মূৰ্ত কৰি তুলিছে।
বৰ্তমান বজাৰত যন্ত্ৰৰ দ্বাৰা নিৰ্মিত ৰাৱণৰ প্ৰতিমূৰ্তি উপলব্ধ, যদিও উষাৰ দৰে শিল্পীয়ে প্ৰমাণ কৰি আহিছে যে তেওঁলোকৰ হাতে নিৰ্মিত স্থানীয় শিল্প আজিও জীয়াই আছে। মাত্ৰ ইয়াৰ বাবে প্ৰয়োজন কিছু সহায় আৰু এখন মঞ্চৰ।