শান্তিপ্ৰিয়া ৰয়চৌধুৰী/হাওৰা
পূজা সমাগত। এই সময়ছোৱাত সিংহ, মুকুট, শিৱ, মা দুৰ্গা আৰু তেওঁৰ পুত্ৰ-কন্যাৰ প্ৰতিমাৰ চুলি যোগান ধৰাত ব্যস্ত হৈ পৰিছে শ্বেখ নূৰ, হোছেইন, মুস্তাফা, কমল, ছাইফুদ্দি। কিন্তু দিনে নিশাই কাম কৰিও তেওঁলোকে কাম সম্পূৰ্ণ কৰিব পৰা নাই কাৰণ চুলি চাহিদা যথেষ্ট বৃদ্ধি পাইছে।
প্ৰতিবছৰে ব্যৱসায়ীসকলে যি ব্যৱসায়ৰ ওপৰত নিৰ্ভৰ কৰি আহিছে, বৰ্তমান সময়ত সেই ব্যৱসায়ৰ অৱস্থা তথৈবচ। দুৰ্গা পূজাৰ সময়ত ব্যৱসায়ীসকলে আৰ্থিকভাৱে লাভ হোৱাৰ আশা কৰে, যদিও এইবাৰ হাওৰা জিলাৰ বৰাগাচিয়াত প্ৰতিমাৰ বাবে চুলি তৈয়াৰ কৰা ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীসকলে প্ৰায়ে প্ৰাকৃতিক দুৰ্যোগৰ বাবে লাভৰ আশা ত্যাগ কৰিবলগীয়া হৈছে।
এগৰাকী মহিলাই দেৱী দুৰ্গাৰ প্ৰতিমাত চুলি সজ্জিত কৰি থকাৰ এক দৃশ্য
এই সন্দৰ্ভত ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীসকলে কয়, "এই বছৰ অবিৰতভাৱে হোৱা বৰষুণৰ বাবে ৰং কৰা মৰাপাট ৰ'দত শুকুৱাবলৈ বহু সময়ৰ প্ৰয়োজন হৈছে। ফলস্বৰূপে প্ৰতিমাবোৰৰ চুলি সময়মতে যোগান ধৰাত অসুবিধা হৈছে, যাৰ বাবে এইবাৰৰ ব্যৱসায় যথেষ্ট লোকচানৰ সন্মুখীন হবলগীয়া হৈছে।"
হাওৰাৰ জগতবল্লভপুৰ ব্লকৰ বৰাগাচিয়াৰ এখন গাঁও পাবৰতিপুৰ। হাওৰাৰ এই পবৰতিপুৰ এতিয়া হিন্দু সম্প্ৰদায়ৰ দেৱ-দেৱী প্ৰতিমাৰ মূৰৰ চুলি তৈয়াৰ কৰি জনাজাত হৈ পৰিছে। পাবৰতিপুৰ হৈছে মুছলমান অধ্যুষিত এখন গাওঁ। আৰু দেৱী প্ৰতিমাৰ চুলি প্ৰস্তুতৰ কামৰ বাবে বৰ্তমান তেওঁলোকে খোৱা বোৱাৰ কথাও পাহৰি গৈছে। অৱশ্যে প্ৰতিবছৰে পূজাৰ পূৰ্বে তেওঁলোকৰ মাজত ভিষণ ব্যস্ত বৃদ্ধি পায়। আৰু তেওঁলোকৰ এই ব্যস্ততা কালি পূজালৈকে চলি থাকে। কাৰণ তেওঁলোকেহে প্ৰতিমাবোৰৰ আড়ম্বৰপূৰ্ণ চুলি তৈয়াৰ কৰি আহিছে।
দেৱী প্ৰতিমাৰ চুলি প্ৰস্তুতত কৰাৰ বাবে মৰাপাট শুকুৱাত ব্যস্ত এগৰাকী কাৰিকৰ
পাবৰতিপুৰ গাঁৱৰ মল্লিকপাৰা শ্বেখপাৰা আদি অঞ্চলত প্ৰায় ৪০০ৰো অধিক মুছলমান পৰিয়াল আছে। আৰু এই অঞ্চলৰ লোকসকলে তৈয়াৰ চুলিৰ বাবে হাওৰা, হুগলী, কলকাতা আৰু কুমাৰতুলিৰ মৃৎশিল্পীসকলে অপেক্ষা কৰি থাকে। গতিকে এতিয়া তেওঁলোকৰ কাম কৰাৰ সময়। এই ব্যস্ততা কালি পূজালৈ চলিব তাৰ পিছত আকৌ সৰস্বতী পূজাৰ সময়ত কাম আৰম্ভ হব।
বৰাগাচিয়াৰ শ্বেখপাৰা গাঁৱৰ পাবৰতিপুৰৰ অধিকাংশ পৰিয়ালে প্ৰতিমাৰ বাবে মৰাপাটৰ চুলি সাজি জীৱিকা নিৰ্বাহ কৰি আহিছে। এই চুলিক উইগ বুলি জনা যায়। কিন্তু এইবাৰ বাৰিষাৰ বাবে তেওঁলোকে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। কিয়নো সময়মতে মৰাপাটবোৰ শুকুৱাব পৰা নাই।
পাবৰতিপুৰ, শ্বেখপাৰাৰ একাংশ ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিমাৰ চুলি নিৰ্মাণ ব্যৱসায়ীয়ে কয়, "যদিও বছৰজুৰি প্ৰতিমাৰ চুলিৰ যোগান ধৰা হয়, তথাপিও দুৰ্গাপূজাৰ সময়ত এই মূল ব্যৱসায়টোৱে যথেষ্ট উত্থান ঘটায়। অৱশ্যে সৰস্বতী পূজালৈকে এই ব্যৱসায় চলি থাকে। এই সময়ছোৱাত আমি অধিক ধনৰ বিনিয়োগ কৰি আৰু অধিক মৰাপাট ক্ৰয় কৰিব পাৰো। আমি মৰাপাটবোৰ ক'লা, বাদামী, আৰু অন্যান্য ৰঙেৰে ৰং কৰি ৰ'দত ভালদৰে শুকুৱাই ল'ব লাগে। আন বছৰৰ তুলনাত এই বছৰ প্ৰায় প্ৰতিদিনে বৰষুণ হৈ আছে, যাৰ বাবে ৰং কৰা মৰাপাট শুকুৱাবলৈ কঠিন হৈ পৰিছে।
দেৱী প্ৰতিমাৰ চুলি প্ৰস্তুতত ব্যস্ত এগৰাকী কাৰিকৰ
প্ৰতিমাৰ চুলি নিৰ্মাণ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীসকলে এই সমস্যাৰ সন্মুখীন হোৱাৰ বিপৰীতে বৃহৎ ব্যৱসায়ীসকলে এই সমস্যাৰ সন্মুখীন হোৱা নাই। বৃহৎ ব্যৱসায়ীসকলে কয়, "আমি প্ৰতিবছৰে বুজন পৰিমাণৰ মৰাপাট ক্ৰয় কৰো আৰু আগতীয়াকৈ চুলি প্ৰস্তুত কৰি ৰাখো। ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীসকলে আৰ্থিক অনাটনৰ বাবেই এই কামটো কৰিব নোৱাৰে। গতিকে পূজাৰ সময়ত বৰষুণ হ'লেই তেওঁলোকে সমস্যাৰ সন্মুখীন হয়। অৱশ্যে যি হাৰত কেঁচামালৰ দাম বৃদ্ধি হৈছে সেই হাৰত সামগ্ৰীৰ দাম বৃদ্ধি হোৱা নাই, যাৰ ফলত ব্যৱসায়ীসকলে লোকচানৰ সন্মুখীন হবলগীয়া হৈছে।"
পাবৰতিপুৰ গাঁৱৰ শ্বেখপাৰাৰ নিবাসী শ্বেখ নূৰৰ দেৱী প্ৰতিমাৰ বাবে চুলি বনোৱা কাৰখানা আছে। অৱশ্যে কেৱল তেওঁৰ কাৰখানাতে নহয়, এতিয়া ইয়াত থকা আন ৩১টাতকৈও অধিক কাৰখানাত কাৰিকৰসকলৰ মাজতো ব্যস্ততা বৃদ্ধি পাইছে।
ৰাজ্যৰ ভিতৰতে পবৰতিপুৰ গাওঁখনেই প্ৰথমে প্ৰতিমাৰ চুলি তৈয়াৰ কৰাৰ কাম আৰম্ভ কৰিছিল। ইয়াৰ জৰিয়তে গাঁওখনৰ সম্প্ৰীতিৰ বান্ধোন দীৰ্ঘদিন ধৰি সুদৃঢ় হৈ আহিছে। এই গাঁৱৰ অধিকাংশ কাৰখানাৰ স্বত্বাধিকাৰীয়ে মুছলমান আৰু বেছিভাগ কাৰিকৰ হৈছে হিন্দু। হিন্দু আৰু মুছলমান দুয়োটা সম্প্ৰদায়ৰ লোকে একত্ৰিত হৈ প্ৰতিমাৰ চুলি তৈয়াৰ কৰাত ইজনে আনজনৰ ওপৰত নিৰ্ভৰশীল হৈ আহিছে।
দেৱী প্ৰতিমাৰ চুলি প্ৰস্তুত কৰি আছে দুগৰাকী কাৰিকৰে
শ্বেখ নূৰে কয়, "ধৰ্মীয় বিভাজনৰ সিপাৰে শিল্পীসকলৰ পৰিয়ালৰ সৈতে আমি বিভিন্ন সম্পৰ্ক গঢ়ি তুলিছো। হিন্দুসকলে আমাক তেওঁলোকৰ ঘৰতে বিভিন্ন ধৰ্মীয় অনুষ্ঠান আৰু পাৰিবাৰিক অনুষ্ঠানলৈ আমন্ত্ৰণ জনায়। লগতে আমি শিল্পীসকলক আৰু তেওঁলোকৰ পৰিয়ালক আমাৰ ধৰ্মীয় অনুষ্ঠান যেনে ঈদ, বকৰি-ঈদ, আৰু শ্ববে-বৰাতলৈ আমন্ত্ৰণ জনাই আহিছো। সকলোৰে উপস্থিতিত দুয়োটা ধৰ্মৰ লোকে ইজনে আনজনৰ লগত সহযোগ কৰি আহিছে। যি পৰস্পৰৰ মিলনৰ উৎসৱলৈ ৰূপান্তৰিত হৈছে।"
এফালে শঙ্খৰ ধ্বনি, আনফালে মছজিদৰ আজান। সম্প্ৰীতিৰ এই ধ্বনি আজিও অটুট আছে এই অঞ্চলত। ই বংগৰ বাবে এক অতি ব্যতিক্ৰমী দৃষ্টান্ত। সৰ্বশেষত কাৰখানাৰ স্বত্বাধিকাৰীসকলে ক’লে যে, নিৰ্বাচন আহিলে নেতা, বিধায়ক, সাংসদ, মন্ত্ৰীয়ে বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে, কিন্তু ভোটদানৰ পিছত সেই প্ৰতিশ্ৰুতি আৰু আমাৰ কথা তেওঁলোকে পাহৰি যায়। আমাৰ ইয়াত হাজাৰ হাজাৰ লোকে এই কামত জড়িত হৈ আছে। চৰকাৰী প্ৰশাসনৰ এই পৰিস্থিতি যদি অব্যাহত থাকে, তেন্তে ভৱিষ্যতে এই উদ্যোগটোক জীয়াই ৰখাটো অসম্ভৱ হৈ পৰিব।