ৰাজীৱ নাৰায়ণ
ভাৰতৰ পৰা অহা সামগ্ৰীৰ ওপৰত আমেৰিকাই অতি উচ্চ কৰ (শুল্ক) আৰোপ কৰিছে। এই কৰবোৰ দ্ৰুতগতিত বৃদ্ধি পাইছে—প্ৰথমে ২৫%, তাৰ পিছত ৫০%, আৰু আগন্তুক সময়ত এয়া আনকি ৭০%ও হ’ব পাৰে বুলি সতৰ্কবাণী দিয়া হৈছে। ভাৰতীয় কোম্পানীসমূহৰ বাবে এইটো এটা ডাঙৰ সমস্যা হৈ পৰিছে।
স্বদেশত বহু ভাৰতীয় প্ৰতিষ্ঠান নিৰাপদ আৰু ভাল লাভ কৰে, কাৰণ চৰকাৰে নিয়ম আৰু বাধাৰে তেওঁলোকক সুৰক্ষা দিয়ে। কিন্তু বিদেশত বিশেষকৈ আমেৰিকাত এতিয়া তেওঁলোক ভয়ংকৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ২০১৮ চনত আমেৰিকাই তীখাৰ ওপৰত ২৫% আৰু এলুমিনিয়ামৰ ওপৰত ১০% অতিৰিক্ত কৰ আৰোপ কৰিবলৈ আৰম্ভ কৰিছিল। ভাৰতকো ইয়াৰ পৰা ৰেহাই দিয়া নহ’ল। ইয়াৰ ফলত আমেৰিকাই যেতিয়াই বাণিজ্যিক আলোচনাত অধিক ক্ষমতা বিচাৰে তেতিয়াই শুল্ক ব্যৱহাৰ কৰাৰ আহিলা লাভ কৰিলে।
পিছলৈ ২০১৯ চনত ভাৰতে “Most Favored Nation” (MFN)ৰ মৰ্যদা হেৰুৱাই পেলালে। ইয়াৰ ফলত কোটি কোটি ডলাৰৰ ভাৰতীয় ৰপ্তানি আৰু আমেৰিকাত শুল্কমুক্ত প্ৰৱেশ নাপালে। আমেৰিকাই কয় যে ভাৰতে এতিয়াও ৰাছিয়াৰ পৰা সস্তা তেল ক্ৰয় কৰি আছে। গতিকে, “শাস্তি” হিচাপে ই ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক ২৫%ৰ পৰা ৫০%লৈ দুগুণ কৰিলে। আনকি আমেৰিকাই ইয়াক কেৱল স্বাভাৱিক বাণিজ্যৰ সৈতে নহয়, ভাৰতৰ ৰাছিয়া নীতিৰ সৈতে জড়িত “গৌণ শুল্ক” বুলিও অভিহিত কৰে। এইদৰে এতিয়া ৰাজনীতি, যুদ্ধ আৰু ব্যৱসায় সানমিহলি হৈ পৰিছে।
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প
ভাৰতে কয় যে ভাৰতে কেৱল মুদ্ৰাস্ফীতি হ্ৰাস কৰাৰ বাবে আৰু নিজৰ জনসাধাৰণৰ বাবে শক্তি সুৰক্ষিত ৰখাৰ বাবেহে ৰাছিয়াৰ তেল ক্ৰয় কৰিছিল। ভাৰতে ৰাছিয়া-ইউক্ৰেইন যুদ্ধত নিৰপেক্ষ হৈ থকাৰ কথাও বিশ্ববাসীক সোঁৱৰাই দিলে। কিন্তু আমেৰিকা নিজৰ স্থিতিত অটল। কিছুমান বিশেষজ্ঞই কয় যে ভাৰতৰ সৈতে আলোচনা বিফল হ’লে আমেৰিকাৰ শুল্ক আনকি ৭০% পৰ্যন্তও বৃদ্ধি পাব পাৰে।
ইয়াৰ কুপ্ৰভাৱ এতিয়া স্পষ্ট হৈ পৰিছে। আমেৰিকালৈ ভাৰতীয় ৰপ্তানিৰ প্ৰায় দুই তৃতীয়াংশক বৰ্ধিত শুল্কই আঘাতপ্ৰাপ্ত কৰিছে। সেইবোৰ হৈছে--কাপোৰ, ৰত্ন, গহনা, অটো পাৰ্টছ, সাগৰীয় খাদ্য, আৰু কৃষিজাত সামগ্ৰী। এইটো অত্যন্ত গুৰুতৰ বিষয়, কাৰণ এই উদ্যোগসমূহে বিশেষকৈ সৰু সৰু কাৰখানা আৰু চহৰত লাখ লাখ শ্ৰমিকক সংস্থাপন দিয়ে। এটা অধ্যয়নত সকীয়াই দিয়া হৈছে যে যদিহে বাংলাদেশ আৰু ভিয়েটনামৰ দৰে প্ৰতিযোগী দেশতকৈ শুল্ক ৩০% বেছি হৈ থাকে, তেন্তে ভাৰত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে।
আমেৰিকাৰ বাবে শুল্ক এক অস্ত্ৰ। ৱাশ্বিংটনে কয় যে ভাৰতে ৰাছিয়াৰ খাৰুৱা তেল “পৰিষ্কাৰ” কৰি বিশ্বক ইন্ধন হিচাপে বিক্ৰী কৰি আছে। তেওঁলোকে এইটো বন্ধ কৰিব বিচাৰে। ভাৰতীয় কোম্পানীসমূহৰ বাবে সমস্যাটো বেলেগ। স্বদেশত চৰকাৰী সুৰক্ষাৰ বাবেই তেওঁলোকে ভাল লাভ উপাৰ্জন কৰে। কিন্তু এই সুৰক্ষাই তেওঁলোকক বিশ্বজুৰি কম প্ৰতিযোগিতামূলক কৰি তুলিছে। গতিকে ৫০% শুল্কৰ দৰে আঘাতৰ বাবে তেওঁলোক সাজু নহয়। সেয়ে, ভাৰতৰ ভিতৰত লাভ ভাল দেখা যায়, কিন্তু বাহিৰত ৰপ্তানি তীব্ৰভাৱে হ্ৰাস পায়।
ভাৰতৰ ভিতৰত এতিয়াও কোম্পানীয়ে টকা উপাৰ্জন কৰি আছে কাৰণ স্থানীয় চাহিদা প্ৰবল। মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰতো ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানসমূহ শক্তিশালী। কিন্তু ৰপ্তানিৰ ক্ষেত্ৰত ক্ষতি হৈছে। উদাহৰণ স্বৰূপে: চুৰাটৰ হীৰা শ্ৰমিকৰ অৰ্ডাৰ হেৰুৱাইছে, তিৰুপপুৰ আৰু নয়ডাৰ কাপোৰ নিৰ্মাতা কোম্পানীসমূহে লাভালাভ হেৰুৱাইছে, সাগৰীয় খাদ্য ৰপ্তানিকাৰকসকলে বজাৰৰ অংশীদাৰিত্ব হেৰুৱাইছে। বিশেষ চৰকাৰী ইনচেণ্টিভৰ বাবেই মাত্ৰ কেইজনমান ইলেক্ট্ৰনিকছ ৰপ্তানিকাৰকহে এতিয়া সুৰক্ষিত হৈ আছে।
নতুন শুল্ক নীতি ঘোষণা কৰাৰ সময়ত ট্ৰাম্প
এই ক্ষেত্ৰত আনকি আমেৰিকাও সম্পূৰ্ণৰূপে সুৰক্ষিত নহয়। শুল্ক হৈছে কৰৰ দৰে, আৰু কৰে সামগ্ৰীৰ দাম বৃদ্ধি কৰে। যদি বহু দেশে প্ৰতিহত কৰে বা নতুন বজাৰ বিচাৰি পায় তেন্তে আমেৰিকাৰ ব্যৱসায়ী আৰু গ্ৰাহকো ক্ষতিগ্ৰস্ত হ’ব। দীৰ্ঘকালীনভাৱে শুল্ক যুদ্ধত প্ৰকৃততে কোনেও জয়ী নহয়।
ইফালে, ভাৰতীয় বিশেষজ্ঞসকলে কয়: খঙৰ বিৰুদ্ধে খঙেৰে যুঁজিব নালাগে। সমান শুল্কৰে প্ৰতিশোধ লোৱাটো ক্ষন্তেক সময়ৰ বাবেহে ভাল অনুভৱ হ’ব, কিন্তু ই স্মাৰ্ট সমাধান সূত্ৰ নহয়। বৰঞ্চ ভাৰতে উন্নতিৰ বাবে এই আঘাতক ইতিবাচকভাৱে ব্যৱহাৰ কৰা উচিত। পৰিবহণ ব্যয় হ্ৰাস কৰি বাণিজ্য সহজ কৰি তোলক; জটিল নিয়মসমূহ প্ৰত্যাহাৰ কৰক; আদালতৰ গোচৰ আৰু শুল্ক ক্ষিপ্ৰ কৰি তোলক; এছিয়া, আফ্ৰিকা, আৰু ইউৰোপত অধিক বজাৰ বিচাৰি উলিয়াওক।
যদি শুল্ক ৭০% হয় তেন্তে বহু উদ্যোগৰ বাবে ই অতি গধুৰ বোজা হ’ব। তেতিয়া ভাৰতৰ মনোযোগ কেৱল কোম্পানীক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে তেওঁলোকক বিশ্বৰ বাবে প্ৰকৃতাৰ্থত শক্তিশালী কৰি তোলাৰ দিশলৈ স্থানান্তৰিত হ’ব লাগিব৷
ভাৰতে সিদ্ধান্ত ল’ব লাগিবঃ স্বদেশত শুল্ক প্ৰতিৰোধ কৰি কোম্পানীৰ লাভ সুৰক্ষিত কৰি থাকিবনে দক্ষতা আৰু সংস্কাৰৰ জৰিয়তে নিজকে শক্তিশালী ৰূপত গঢ়ি তুলিব? স্মাৰ্ট পথটো হৈছে দ্বিতীয়টো। ভাৰতে আমেৰিকাৰ সৈতে সাৱধানে কথা পাতিব লাগে, উভয়ে উপকৃত হোৱা সৰু সৰু বিষয়তহে একমত হ’ব লাগে আৰু বিনিময়ত শুল্ক ৰেহাইৰ দাবী কৰিব লাগে। একে সময়তে ভাৰতে আন দেশৰ সৈতে বাণিজ্য সম্প্ৰসাৰণ কৰিব লাগিব। তেনে ক্ষেত্ৰত কোনো এখন দেশেই—যিমানেই শক্তিশালী নহওক কিয়—ভাৰতৰ সমৃদ্ধি শুল্কৰ বোজাৰে প্ৰতিহত কৰিব নোৱাৰে৷
(লেখক এগৰাকী প্ৰবীণ সাংবাদিক আৰু যোগাযোগ বিশেষজ্ঞ। তেওঁ প্ৰকাশ কৰা মতামত সম্পূৰ্ণৰূপে ব্যক্তিগত)