বুলেট ৰেল প্ৰকল্পৰ স্থানসমূহ পৰিদৰ্শন জাপানৰ মন্ত্ৰী হিৰোমাছা নাকানোৰ

Story by  atv | Posted by  Munni Begum • 5 h ago
জাপানৰ মন্ত্ৰী হিৰোমাছা নাকানো আৰু অশ্বিনী বৈষ্ণৱ
জাপানৰ মন্ত্ৰী হিৰোমাছা নাকানো আৰু অশ্বিনী বৈষ্ণৱ
 
চুৰাত
 
শুকুৰবাৰে জাপানৰ ভূমি, আন্তঃগাঁথনি, পৰিবহণ আৰু পৰ্যটন মন্ত্ৰী হিৰোমাছা নাকানোৰ সৈতে কেন্দ্ৰীয় ৰে’লৱে, তথ্য আৰু সম্প্ৰচাৰৰ লগতে ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে চুৰাট আৰু মুম্বাইত অৱস্থিত হাই-স্পীড ৰে’ল (এইচএছআৰ) প্ৰকল্পৰ নিৰ্মাণ স্থানসমূহ, বিশেষকৈ মুম্বাই-আহমেদাবাদ বুলেট ট্ৰেইন নিৰ্মাণ স্থান ভ্ৰমণ কৰে। 
 
নাকানোক চুৰাট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত পৰম্পৰাগত গৰ্বাৰে আদৰণি জনোৱা হয়। জাপানৰ মন্ত্ৰীৰ অভ্যৰ্থনা অনুষ্ঠানত চুৰাটৰ সাংসদ মুকেশ দলাল, মেয়ৰ দক্ষেশ মাৱনী, ৰে’লৱে ব’ৰ্ডৰ অধ্যক্ষ, ৰে’লৱে, এন এইচ এছ আৰ চি এল আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলো উপস্থিত থাকে।
 
মন্ত্ৰীসকলে চুৰাট হাই-স্পীড ৰে’ল স্থানত ট্ৰেক নিৰ্মাণ ঘাটি পৰিদৰ্শন কৰে, য’ত তেওঁলোকে ভায়াডাক্টত জে-স্লেব বেলেষ্ট-লেছ ট্ৰেক ব্যৱস্থা স্থাপনৰ সাক্ষী হয়। ট্ৰেক স্লেব সংস্থাপন আৰু স্থায়ী ৰেল লেইং দ্ৰুতভাৱে আগবাঢ়িছে।
 
মন্ত্ৰীসকলে চুৰাটৰ পৰা মুম্বাইলৈও বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লযোগে যাত্ৰা কৰিছিল। তেওঁলোকে মুম্বাইৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্স (বি কে চি) বুলেট ৰেল ষ্টেচনৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। মন্ত্ৰী নাকানো আৰু জাপানৰ দলটোৱে বন্দে ভাৰত ৰে’লৰ গুণগত মান দেখি আনন্দ প্ৰকাশ কৰে। 
 
মহাৰাষ্ট্ৰৰ তিনিওটা উচ্চ ষ্টেচনৰ কাম আৰম্ভ হৈছে। জাপানৰ মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে ভাৰতৰ প্ৰথমটো হাই-স্পীড ৰে’ল কৰিড’ৰ ৰূপায়ণৰ ক্ষেত্ৰত ভাৰত আৰু জাপানৰ মাজত শক্তিশালী সহযোগিতাৰ প্ৰতিফলন ঘটায়।