নতুন দিল্লী
ছৌদি আৰৱৰ বাছ দুর্ঘটনাত নিহত ৪৫ ভাৰতীয় হজযাত্ৰীৰ মৃতদেহ ভাৰতলৈ ঘূৰাই অনাৰ পৰিবৰ্তে সেই দেশতে কবৰস্থ কৰাৰ সিদ্ধান্ত লৈছে দেশখনৰ প্রশাসনে। তেলেংগানাৰ চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি এইক্ষেত্ৰত ভাৰতীয় ধর্মীয় ৰীতি-নীতি, পৰম্পৰাগত প্ৰথাৰে তেওঁলোকক কবৰস্থ কৰা হ'ব। কাৰণ মৃতদেহ ঘূৰাই অনাটো সম্ভৱপৰ নহয়।
সোমবাৰে নিশা মক্কাৰ পৰা মদিনালৈ গৈ থকা অৱস্থাত হজযাত্রী যোৱা বাছখন ভয়ংকৰ দুর্ঘটনাত পতিত হয়। বাছখনে বিপৰীত দিশৰ পৰা অহা এখন টেংকাৰত তীব্ৰ জোৰেৰে খুন্দা মৰাত বাছখন দাওদাওকৈ জ্বলি উঠে। ভয়ংকৰ এই দুর্ঘটনাটোত প্রাণ হেৰুৱায় ৪৫ গৰাকী ভাৰতীয় হজযাত্রীয়ে। ইপিনে ভয়াৱহ এই দুর্ঘটনাটোত সৌভাগ্যক্রমে প্রাণ ৰক্ষা পৰে হায়দৰাবাদৰ ২৪ বছৰীয়া মহম্মদ আব্দুল ছোয়েবৰ।
দুৰ্ঘটনাৰ সময়ত বাছখনৰ চালকৰ পিচৰ আসনখনত বহিছিল যুৱকজন। দুৰ্ঘটনাৰ সময়ত তেওঁ বাছখনৰ পৰা বাহিৰলৈ ছিটিকি পৰিছিল। ফলত এই অগ্নিকাণ্ডৰ পৰা তেওঁ ৰক্ষা পৰিছিল। বর্তমান তেওঁ হাস্পতালত চিকিৎসাধীন।