আমেৰিকাই ৰাজহুৱা কৰিলে ভেনিজুৱেলাৰ বন্দী ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ ভিডিঅ’

Story by  atv | Posted by  [email protected] • 22 h ago
আমেৰিকাই ৰাজহুৱা কৰিলে ভেনিজুৱেলাৰ বন্দী ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ ভিডিঅ’
আমেৰিকাই ৰাজহুৱা কৰিলে ভেনিজুৱেলাৰ বন্দী ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ ভিডিঅ’
 
নিউয়ৰ্ক
 
ভেনিজুৱেলাত আক্ৰমণৰ পিছতেই আমেৰিকাই দেশখনৰ ৰাষ্ট্ৰপতি মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক গ্ৰেপ্তাৰ কৰে। দীঘলীয়া অভিযানৰ অন্তত ৩০ মিনিটৰ ভিতৰতে মাদুৰোক বন্দী কৰা হয়। আমেৰিকাই ৰাজহুৱা কৰে ভেনিজুৱেলাৰ বন্দী ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ ভিডিঅ'৷ ভিডিঅ'টোত বন্দী ৰাষ্ট্ৰপতিগৰাকীক মাৰ্কিন সেনাই হেণ্ডকাফ পিন্ধাই নিজৰ জিম্মালৈ লৈ যোৱা দেখা যায়৷ 
 
উল্লেখ্য যে, আক্ৰমণৰ পূৰ্বে ভেনিজুৱেলাৰ উপকূলত আমেৰিকাৰ সেনাই নীৰৱে নিজৰ উপস্থিতি বৃদ্ধি কৰাৰ বিপৰীতে চোৰাংচোৱা সংস্থাই নিকোলাছ মাদুৰোৰ দৈনন্দিন গতিবিধি তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আহিছিল। এছ’চিয়েটেড প্ৰেছৰ এক প্ৰতিবেদন অনুসৰি, বিষয়াসকলে মাদুৰোৰ অৱস্থান, তেওঁৰ অভ্যাস অনুসৰণ কৰিছিল, আনকি তেওঁৰ পোহনীয়া জন্তু আৰু কাপোৰৰ বিষয়েও তথ্য আহৰণ কৰিছিল৷
 
শুকুৰবাৰে পুৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়াত ভেনিজুৱেলাৰ নেতা নিকোলাছ মাদুৰোৰ বিৰুদ্ধে বৃহৎ পৰিসৰৰ আমেৰিকাৰ সামৰিক অভিযান চূড়ান্ত পৰ্যায়ত উপনীত হোৱা বুলি প্ৰকাশ কৰিছিল৷ আমেৰিকাৰ বিষয়াসকলৰ মতে, “এবছল্যুট ৰিজ’লভ” নামৰ এই অভিযানটো পৰিকল্পিত আছিল আৰু কেইবামাহো ধৰি অনুশীলন কৰা হৈছিল। ৩০ মিনিটতকৈও কম সময়ৰ ভিতৰতে ইয়াক সম্পূৰ্ণ কৰি এঘণ্টাৰ ভিতৰতে নিকোলাছ মাদুৰোৰ শাসন ব্যৱস্থাৰ অন্ত পেলায়।
 
চি এন এনৰ তথ্য মতে, মাদুৰোক গ্ৰেপ্তাৰৰ পিছত নিউয়ৰ্ক চহৰৰ মেট্ৰ’পলিটান ডিটেনচন চেণ্টাৰলৈ (MDC) লৈ যোৱা হৈছে। MDC অতি কদৰ্য বুলি জনাজাত৷ তদুপৰি দীৰ্ঘদিনীয়া কৰ্মচাৰীৰ অভাৱ, কয়দীৰ মাজত সঘনাই চলা হিংসা আৰু বিদ্যুৎ বিচ্ছিন্নতাৰ বাবেও ই পৰিচিত। আমেৰিকাৰ কাৰাগাৰসমূহত অতিমাত্ৰা ভিৰৰ পৰিপ্ৰেক্ষিতত নব্বৈৰ দশকত নিৰ্মাণ কৰা হৈছিল এই মেট্ৰ’পলিটান ডিটেনচন চেণ্টাৰ।
 
ইপিনে, মাদুৰো আৰু তেওঁৰ পত্নীক বন্দী কৰাৰ কেইঘণ্টামানৰ পাছত ভেনিজুৱেলাৰ বিৰোধীয়ে বিজয় উৎসৱ উদযাপন কৰা পৰিলক্ষিত হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভেনিজুৱেলাৰ ৰাষ্ট্ৰীয় বিধানসভাৰ প্ৰাক্তন ডেপুটি মাৰিয়া ক’ৰিনা মাচাডোৰ ওপৰত অনাস্থা প্ৰকাশ কৰি তেওঁৰ পৰিৱৰ্তে ডেলচি ৰড্ৰিগেজৰ প্ৰতি আস্থা প্ৰকাশ কৰে৷ ইফালে, ভেনিজুৱেলাৰ উচ্চতম ন্যায়ালয়ে আমেৰিকাই নিকোলাছ মাদুৰোক বন্দী কৰাৰ পিছত উপ-ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজক ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কৰ্তব্য গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।