আলিগড় মুছলিম বিশ্ববিদ্যালয়, জামিয়া মিলিয়া ইছলামিয়াত ‘জয় হিন্দ’ৰ প্ৰতিধ্বনি

Story by  atv | Posted by  [email protected] • 12 h ago
জামিয়া মিলিয়া ইছলামিয়াৰ চৌহদৰ পৰা উলিওৱা 'হৰ ঘৰ তিৰংগা' সমদল
জামিয়া মিলিয়া ইছলামিয়াৰ চৌহদৰ পৰা উলিওৱা 'হৰ ঘৰ তিৰংগা' সমদল

আৱাজ দ্য ভইচ / নতুন দিল্লী / আলিগড়

আলিগড় মুছলিম বিশ্ববিদ্যালয় (এ এম ইউ) আৰু নতুন দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া (জে এম আই)ত ২০২৫ বৰ্ষৰ স্বাধীনতা দিৱস উদযাপন এইবাৰ এক পৃথক ৰূপত দেখা গ’ল। দুয়োখন বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰিৱেশ স্বাধীনতা দিৱসৰ পূৰ্বৰে পৰা দেশপ্ৰেমৰ ৰঙেৰে সজীৱ আৰু প্ৰাণৱন্ত হৈ উঠিছে।
 
চৌহদৰ ৰাজপথত উৰি ফুৰা ত্ৰিৰংগা, "জয় হিন্দ" শ্লোগানৰ প্ৰতিধ্বনি আৰু উৎসাহেৰে ভৰা ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে স্বাধীনতা দিৱস উদযাপন যে কেৱল এটা দিন নহয়, সকলোৰে হৃদয়ত স্পন্দন কৰা এক অনুভূতি, সেয়া প্ৰমাণ কৰিছে।
 
একে সময়তে আলিগড় মুছলিম বিশ্ববিদ্যালয়ত স্বাধীনতা দিৱস উদযাপন কৰা হয় "উন্নত ভাৰত যুৱক সংযোগ" আৰু "হৰ ঘৰ ত্ৰিৰংগা" শীৰ্ষক বিষয়বস্তুৰ অধীনত। ই কেৱল এক উদযাপন নাছিল; দেশ গঠন, পৰিৱেশ বহনক্ষমতা, মানসিক স্বাস্থ্য সজাগতা আৰু যুৱ সবলীকৰণৰ বাৰ্তা দিয়াৰ এক অনুষ্ঠান আছিল।
এ এম ইউৰ সাংস্কৃতিক শিক্ষা কেন্দ্ৰ (চি ই চি)ৰ উদ্যোগত "উন্নত ভাৰতত যুৱক-যুৱতীৰ ভূমিকা ২০৪৭" বিষয়ক গোট আলোচনাৰ আয়োজন কৰা হয়, য'ত অংশগ্ৰহণকাৰীসকলে নবীকৰণযোগ্য শক্তি, বনানীকৰণ, গ্ৰাম্য উন্নয়ন, মহিলা সৱলীকৰণ আৰু সৰ্বাংগীন শিক্ষা আদি বিষয়সমূহৰ ওপৰত মতামত দাঙি ধৰে।
 
ছাত্ৰ-ছাত্ৰীসকলে কেৱল বেটি বাচাও, বেটি পঢ়াওৰ দৰে চৰকাৰী আঁচনি আৰু গ্ৰাম্য গৃহ নিৰ্মাণ আঁচনিৰ বিষয়ে আলোচনা কৰাই নহয়, শিক্ষা, ফিনটেক, এআই আৰু মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰতৰ কৃতিত্বৰ ওপৰতো আলোকপাত কৰে। শেষত ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰতৰ বাবে উদ্ভাৱন আৰু নাগৰিকৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি সকলোৱে গ্ৰহণ কৰে।
ছাত্ৰ পৰামৰ্শ কেন্দ্ৰৰ উদ্যোগত “ব্যক্তিগত জীৱনত পৰামৰ্শৰ ভূমিকা: মংগলৰ পথ” বিষয়ক এক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়, য’ত পৰামৰ্শ আৰু মানসিক স্বাস্থ্যৰ সৈতে জড়িত ধাৰণাসমূহ দূৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। অনুষ্ঠানৰ শেষত শ্লোগান লিখা প্ৰতিযোগিতাৰ বিজয়ীসকলক সম্বৰ্ধনা জনোৱা হয়। 
 
সমাজবিজ্ঞান বিভাগে "উন্নত ভাৰত ২০৪৭ক লৈ মোৰ দৃষ্টিভংগী" শীৰ্ষক বৃক্ষৰোপণ অভিযান আৰু ভাষণ প্ৰতিযোগিতা আয়োজন কৰে। ছাত্ৰ-ছাত্ৰীসকলে অৰ্থনৈতিক উন্নয়ন, সামাজিক ন্যায়, সাংস্কৃতিক বহুত্ববাদ আৰু বহনক্ষমতাৰ ওপৰত নিজৰ মতামত দাঙি ধৰে। কৃষি বিজ্ঞান পৰিষদেও পিছ পৰি নাথাকি এইচ জি টি ২০২৫ৰ অধীনত ত্ৰিৰংগ ৰেলী আয়োজন কৰাৰ বিপৰীতে জৱাহৰলাল নেহৰু চিকিৎসা মহাবিদ্যালয়ৰ শৰীৰবিজ্ঞান বিভাগে গছপুলি ৰোপণ কৰি পৰিৱেশ সুৰক্ষাৰ বাৰ্তা প্ৰদান কৰে। প্ৰফেচাৰ গুল আৰ নাভি খানে যুৱক-যুৱতীসকলক তেওঁলোকৰ চাৰিওফালে সেউজীয়া বিয়পাই দিবলৈ অনুপ্ৰাণিত কৰে।
বিদ্যালয় পৰ্যায়তো দেখা গ’ল উৎসৱৰ ঢৌ। এবিকে হাইস্কুল (ছোৱালী)ৰ উদ্যোগত পোষ্টাৰ, ৰচনা প্ৰতিযোগিতা আৰু ঐক্য কাৰ্যসূচী আয়োজন কৰাৰ বিপৰীতে আব্দুল্লা স্কুলে হৰ ঘৰ তিৰঙা অভিযানৰ প্ৰচাৰৰ বাবে প্ৰতিযোগিতা আৰু পতাকা উত্তোলনৰ উদ্যোগ লয়। এ এম ইউ চিটি গাৰ্লছ হাইস্কুলত "UN@80 আৰু ভাৰতৰ নেতৃত্ব" শীৰ্ষক ষ্টাম্প ডিজাইন প্ৰতিযোগিতা অনুষ্ঠিত হয়, য'ত কন্যা ছাত্ৰ-ছাত্ৰীসকলে ভাৰতৰ বিশ্বব্যাপী ভূমিকা সম্পৰ্কে নিজৰ মতামত সৃষ্টিশীলভাৱে উপস্থাপন কৰে।
 
আহমদী স্কুল ফৰ দ্য ভিজুৱেলি চেলেঞ্জেডে কুইজ, হুলা হুপ দৌৰ আৰু দলীয় খেলৰ আয়োজন কৰি সমন্বিত অংশগ্ৰহণৰ উদাহৰণ দাঙি ধৰে। এ বি কে হাইস্কুলত (ল’ৰা) বিশেষ সভা, দেশপ্ৰেমমূলক গীত আৰু ঐক্যৰ ওপৰত ভাষণে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দেশপ্ৰেমৰ ভাৱ আৰু অধিক জগাই তোলে।