ডেনিছ আলী / শ্ৰীনগৰ
যোৱা ১৪ আগষ্টৰ পুৱা জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ চিচোটি গাঁৱৰ বতাহত শ্ৰদ্ধা-ভক্তি, সাম্প্ৰদায়িক উল্লাস আৰু ধৰ্মীয় সমন্বয়ৰ শক্তি প্ৰতিধ্বনিত হৈছিল। কিস্তৱাড় (kishtwar) জিলাৰ পড্ডাৰ অঞ্চলত অৱস্থিত এই শতবছৰীয়া গাঁওখন হৈছে মচাইল মাতা (Machail Mata) যাত্ৰাৰ অন্তিমটো মটৰচালিত ষ্টপেজ, য’ত প্ৰতি বছৰে হাজাৰ হাজাৰ ভক্তই দৰ্শনৰ বাবে ৰৈ থাকে।
পুৱা উল্লাস আৰু লেংগাৰেৰে গুঞ্জৰিত হৈ থকা গাঁওখন দুপৰীয়ালৈকে চিঞৰ-বাখৰ আৰু ধ্বংসস্তুপৰ দৃশ্যলৈ ৰূপান্তৰিত হৈছিল। এটা বিধ্বংসী ডাৱৰ বিস্ফোৰণে চিচোটি গাঁওখনক কিছু মুহূৰ্তৰ ভিতৰতে ধ্বংসাৱশেষত পৰিণত কৰে। পানী আৰু শিলৰ ঢৌৱে মন্দিৰ, অস্থায়ী আশ্ৰয় শিবিৰ, দোকান-পোহাৰ আৰু শ শ লোকৰ জীৱন ধ্বংস কৰি পেলালে। এই ভয়ংকৰ শোকাৱহ দুৰ্ঘটনাত এতিয়ালৈকে দুজন পুৰোহিতকে ধৰি ৬৫ জনতকৈ অধিক লোকৰ প্ৰাণহানি হোৱাৰ লগতে ১০০ জনতকৈ অধিক আহত আৰু প্ৰায় ৭০ জন ভক্ত এতিয়াও নিৰুদ্দেশ হৈ আছে।
উদ্ধাৰ অভিযানত অংশ লোৱা বিভিন্ন উদ্ধাৰকাৰী দলৰ লোকসকল
"আমি দৌৰিবলৈ চেষ্টা কৰিছিলো, কিন্তু পানীৰ ঢৌ বেছি শক্তিশালী হৈ আছিল।"-সেইদিনা তাত উপস্থিত থকা হাজাৰ হাজাৰ তীৰ্থযাত্ৰীৰ ভিতৰত এজনে এইদৰে কয়। ভয়ংকৰ প্ৰাকৃতিক দূৰ্যোগৰ পৰা ৰক্ষা পাবলৈ সেই স্থানত প্ৰায় ২৫০০ লোকে ইফালে সিফালে দৌৰিছিল। নিজৰ ভঙা ঘৰৰ ধ্বংসাৱশেষলৈ আঙুলিয়াই দি ২২ বছৰীয়া সাৱন্ত সিঙে কয়, "যেতিয়া বানপানী আহিছিল, তেতিয়া মোৰ মা আৰু ভণ্টীয়ে ৰুটি বিক্ৰী কৰি আছিল। দুয়োগৰাকীকে পানীৰ ঢৌৱে উটুৱাই লৈ যায়।"
প্ৰতি বছৰে তীৰ্থযাত্ৰীৰ পৰাই জীৱন নিৰ্বাহ কৰা তেওঁৰ দৰে শতাধিক পৰিয়ালৰ বাবে এই দুৰ্ঘটনাই কেৱল জীৱিকাৰ সামৰ্থ্য হেৰুৱাই পেলোৱাই নহয়, আপোনজনক হেৰুৱাৰ যন্ত্ৰণাও দিছে, যিটো শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। "এনে ধ্বংস আগতে কেতিয়াও দেখা নাই"-উদ্ধাৰ অভিযানত জড়িত থকা ডোডা জিলাৰ ৩৭ বছৰীয়া উমৰ ইকবালে এইদৰে কয়। তেওঁ পুনৰ কয়, "আমি ৬৩টা মৃতদেহ উলিয়াই আনিলোঁ। ১০০ বছৰতকৈও অধিক সময় ধৰি থকা গাঁওখন কেইমিনিটমানৰ ভিতৰতে সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল।"
জম্মুৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ (জিএমচি) চিকিৎসালয়ৰ কৰিডৰত আহত, তেওঁলোকৰ আত্মীয় আৰু স্বেচ্ছাসেৱকসকল ভৰি পৰে। চিকিৎসকে জনোৱা মতে, ৭৫ জনতকৈ অধিক আহত লোকক ইয়াত ভৰ্তি কৰোৱা হৈছে, আৰু ইয়াৰে চাৰিজনৰ অৱস্থা সংকটজনক। ১১টা মৃতদেহ মৰ্গত ৰখা হৈছিল, যিবোৰ পিছত আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি পৰিয়ালসমূহক গতাই দিয়া হৈছে।
ইফালে, গাঁওখনত প্ৰথমে উপস্থিত হোৱা উদ্ধাৰকাৰী দলৰ সদস্য ৪৩ বছৰীয়া ডাঃ মুজতাবা আহমেদে এই দুৰ্যোগৰ পৰিসৰৰ বিষয়ে আৱেগিকভাৱে কয়, "মই আহি পোৱাৰ সময়ত ধ্বংসাৱশেষত পুত যোৱা মৃতদেহ, ভঙা জুপুৰি, কান্দি থকা আত্মীয়-স্বজন দেখিছিলো। সঁচাই এই দৃশ্য বৰ অসহনীয় আছিল। দেখিলো এজন ভাতৃয়ে ভনীয়েকৰ মৃতদেহ বিচাৰি ফুৰিছে। ধ্বংসাৱশেষত পুত্ৰক বিচাৰি আছিল এজন অসহায় পিতৃয়ে। সেই পৰিয়ালবোৰৰ কান্দোনবোৰ হৃদয় বিদাৰক আছিল।" বেয়া বতৰৰ বাবে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হৈছে বুলিও তেওঁ কয়।
উল্লেখ্য যে, এই ট্ৰেজেডীৰ আটাইতকৈ ডাঙৰ ইতিবাচক দিশ আছিল আবাবিল আৰু ফুৰকান ৱেলফেয়াৰ ট্ৰাষ্টৰ দৰে মুছলমান স্বেচ্ছাসেৱী সংগঠনৰ সহায়-সহযোগিতা। তেওঁলোকে আঘাতপ্ৰাপ্তসকলক সহায় কৰাই নহয়, ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবেও জীৱনৰেখা হৈ পৰিছে।আবাবিলৰ স্বেচ্ছাসেৱক বছিৰ আহমেদে কয়, "আহতসকলৰ বাবে আমি ৰক্তদান কৰিলোঁ। খাদ্যৰ ব্যৱস্থা কৰিলোঁ। মৃতদেহবোৰ গাঁৱলৈ লৈ যোৱা হ’ল। আমি তেওঁলোকৰ শেষকৃত্যৰ ৰীতি-নীতিতো সহায় কৰিছো। এই সময় ধৰ্মৰ নহয়, মানৱতাৰ সেৱাৰ।”
এই গোটসমূহে চিকিৎসালয়সমূহত সামূহিক পাকঘৰ স্থাপন কৰে, মৃতকৰ বাবে কফনৰ ব্যৱস্থা কৰে আৰু সুদূৰ গাঁৱত বসবাস কৰা ভুক্তভোগী পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াইছে। যি সময়ত প্ৰয়োজন আটাইতকৈ বেছি আছিল, সেই সময়ত মুছলমান সংগঠনসমূহে সহায়ৰ হাত আগবঢ়াই ধৰ্মৰ উৰ্ধত সেৱাৰ নিদৰ্শন দাঙি ধৰিছে।
দুৰ্যোগৰ পিছত স্থানীয় প্ৰশাসন, সেনা, আৰক্ষী, এন ডি আৰ এফ, এছ ডি আৰ এফ আদিৰ দৰে চৰকাৰী বাহিনীয়ে অতুলনীয় সাহস আৰু দায়বদ্ধতা প্ৰদৰ্শন কৰে। একেদৰে, সেনাবাহিনীৰ ১৭ ৰাষ্ট্ৰীয় ৰাইফলে পাহাৰীয়া ভূখণ্ডত দলং নিৰ্মাণ কৰি সাহায্য অভিযান ক্ষিপ্ৰ কৰি তুলিছে। স্থানীয় বিষয়া বিশেষকৈ আৰটিঅ’ তাছলীমে উদ্ধাৰ অভিযানত ২৪ ঘণ্টাই কাম কৰিছে। উমৰ ইকবালে কয় যে প্ৰশাসন আৰু বেচৰকাৰী সংস্থাসমূহে উদ্ধাৰ অভিযানত সমন্বয়েৰে কাম কৰিছে।
পূৰ্বে প্ৰতি বছৰে ধৰ্মীয় উদযাপনৰ প্ৰতীক হিচাপে পৰিগণিত হোৱা মচাইল মাতা যাত্ৰা এতিয়া শোক আৰু শ্ৰদ্ধাঞ্জলিৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। দশক দশক ধৰি জম্মু-কাশ্মীৰৰ বিভিন্ন জনগোষ্ঠীক সংযোগ কৰি অহা এই তীৰ্থযাত্ৰাই এইবাৰ মমতা, ঐক্য আৰু মানৱতাৰ এক সুকীয়া অৰ্থ বহন কৰিছে।
ডাৱৰ বিস্ফোৰণত যেতিয়া মন্দিৰবোৰ জাহ গ’ল, দোকানবোৰ ধ্বংসাৱশেষে পুতি পেলাইছে আৰু কাশ্মীৰ উপত্যকাত শোকৰ বন্যা বৈছে, তেতিয়াই ধৰ্মৰ দেৱাল ভাঙি যায় আৰু সমাজত মাত্ৰ এটা ধৰ্মহে বাকী থাকিল—মানৱতাৰ ধৰ্ম। কিষ্টৱাড়ৰ এই ট্ৰেজেডীয়ে আমাক এটা বহুমূলীয়া শিক্ষা দিয়ে যে যিমানেই ডাঙৰ দুৰ্যোগ নহওক কিয়, মানৱতা যদি জীয়াই থাকে, আশাৰ ৰশ্মি কেতিয়াও নোহোৱা হৈ নাযায়।