নতুন দিল্লী
ভাৰতবৰ্ষত উচ্চ শিক্ষাৰ প্ৰসাৰ ঘটা বুলি চৰকাৰী পক্ষই ব্যাপক প্ৰচাৰ চলোৱা সত্ত্বেও এক উদ্বেগজনক তথ্যহে পোহৰলৈ আহিছে ৰিজার্ভ বেংকৰ প্ৰতিবেদনত। দেশখনৰ পৰা বছৰি লাখ লাখ ছাত্র-ছাত্রী উচ্চ শিক্ষা গ্রহণ কৰিবলৈ বিদেশলৈ ঢাপলি মেলি আহিছে। ইয়াৰ ফলত বহু হেজাৰ কোটি টকা বছৰি বিদেশলৈ ওলাই গৈ আছে। কেৱল ২০২৩-২৪ বৰ্ষতে ২৯ হেজাৰ কোটি টকা বিদেশলৈ ওলাই যায়।
২০২৪ বর্ষত বিদেশত উচ্চ শিক্ষা গ্রহণ কৰিবলৈ যোৱা ভাৰতীয় শিক্ষার্থীৰ সংখ্যাও ৭ লাখ ৫৯ হেজাৰ ৬৪ গৰাকী। এই সংখ্যা পূৰ্বৰ বর্ষতকৈ ১৫ শতাংশ কম যদিও পেণ্ডামিকৰ আগৰ সময়তকৈ অধিক। ভাৰতবৰ্ষৰ উচ্চ শিক্ষা শিতানত কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বর্ষত যিমান টকা আবণ্টন কৰিছে তাৰ আধাতকৈয়ো অধিক ধন কেৱল এটা বর্ষতে উচ্চ শিক্ষাৰ নামত ভাৰতৰ পৰা বিদেশলৈ ওলাই গৈছে।
২০২৫-২৬ বর্ষত কেন্দ্ৰীয় চৰকাৰৰ বাজেটত উচ্চ শিক্ষাৰ শিতানত ৫০,০৭৮ কোটি টকা ধার্য কৰা হৈছিল। কিন্তু ২০২৩-২৪ বর্ষটোতে ২৯ হেজাৰ কোটি টকা বিদেশলৈ ওলাই যায়। লক্ষণীয়ভাৱে বিগত দহ বছৰত ভাৰতৰ পৰা বিদেশত উচ্চ শিক্ষা গ্রহণ কৰিবলৈ যোৱা শিক্ষার্থীয়ে ১.৭৬ লাখ কোটি টকা খৰচ কৰে। এই বৃহৎ ধনৰাশিৰে দেশত ৬০ খনৰো অধিক নতুন আই আই টি স্থাপন কৰিব পৰা গ'লহেঁতেন।
ভাৰতত উচ্চ শিক্ষাৰ মান সন্তোষজনক আৰু আশানুৰূপ হোৱা হ'লে লাখ লাখ শিক্ষার্থীৰ বিদেশ গমন নহ'লহেঁতেন বুলিও চর্চিত হৈছে। বিগত দহ বছৰত বিদেশত উচ্চ শিক্ষা গ্রহণৰ নামত প্রায় ১২০০ শতাংশ ধন ওলাই গৈছে। এই তথ্য ৰিজার্ভ বেংক অব ইণ্ডিয়াৰ ফালৰ পৰা প্ৰকাশ পাইছে। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কৰা আবেদনৰ উত্তৰত এই তথ্য পোহৰলৈ আহে।
২০২৪ বৰ্ষৰ তুলনাত অৱশ্যে ২০২৩ বর্ষত বিদেশত উচ্চ শিক্ষা গ্রহণ কৰিবলৈ যোৱা শিক্ষার্থীৰ সংখ্যা আৰু অধিক আছিল। ২০২৩ বর্ষত সেই সংখ্যা আছিল ৮,৯২,৯৮৯ গৰাকী। কিন্তু ২০১৯ চনৰ পেণ্ডামিকৰ সময়ছোৱালৈ মনোনিবেশ কৰিলে এই তথ্য এতিয়াও যথেষ্ট বেছি। উক্ত বর্ষত ৫.৯ লাখ শিক্ষার্থীয়ে ভাৰতৰ পৰা উচ্চ শিক্ষা গ্রহণ কৰিবলৈ বিদেশলৈ ৰাওনা হৈছিল।
ইংলেণ্ড-আমেৰিকাৰ পৰা আৰম্ভ কৰি ইউৰোপসহ পৃথিৱীৰ ভালেকেইখন উন্নত দেশত উচ্চ শিক্ষা গ্রহণ কৰিবলৈ ভাৰতৰ লাখ লাখ শিক্ষার্থী ওলাই যোৱাৰ তথ্য নিশ্চয়কৈ উদ্বেগজনক ৰূপেই চিহ্নিত হৈছে। ৰিজার্ভ বেংকৰ তথ্য অনুসৰি ২০১৮ চনৰ পৰা ২০২৩-২৪ বর্ষলৈকে উচ্চ শিক্ষাৰ নামত ভাৰতীয় ধন বিদেশলৈ ওলাই যোৱাৰ যি তথ্য প্রকাশ পাইছে সেয়া ক্রমবর্ধিত ৰূপ বুলি চিহ্নিত হৈছে। ২০১৮-১৯ বৰ্ষত ৩.৬৩ লাখৰ পৰা ২০২২-২৩ বর্ষলৈ সেই ধনৰ পৰিমাণ প্রায় ১০ লাখলৈ বৃদ্ধি পায়।