প্ৰশ্নকাকত ফাদিলক লৈ কঠোৰ চৰকাৰ; মাজনিশা প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা

Story by  atv | Posted by  [email protected] • 9 h ago
প্ৰশ্নকাকত ফাদিলক লৈ কঠোৰ চৰকাৰ
প্ৰশ্নকাকত ফাদিলক লৈ কঠোৰ চৰকাৰ
 
নতুন দিল্লী
 
জন্তৰ-মন্তৰত প্ৰতিবাদ অব্যাহত থকাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাজ নিশা এক ভিডিঅ’ বার্তা প্ৰকাশ কৰি পেপাৰ লীক প্ৰসংগত চৰকাৰৰ কঠোৰ স্থিতি স্পষ্ট কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পেপাৰ লীক কোনো সাধাৰণ বিষয় নহয় আৰু এই ঘটনাত জড়িত থকা দোষীসকলৰ বিৰুদ্ধে অতি সোনকালে আৰু অধিক ডাঙৰ তথা কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব।
 
সামাজিক মাধ্যম ‘এক্স’ত এটা পোষ্টযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে জনায় যে পেপাৰ লীকৰ বিৰুদ্ধে আৰু অধিক ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে কেবিনেট বৈঠকত বিশেষ আলোচনা অনুষ্ঠিত হ’ব।
দেশৰ ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “বন্ধুসকল, পেপাৰ লীক কোনো সামান্য ঘটনা নহয়। ই লাখ লাখ ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পিতৃ-মাতৃক গভীৰ মানসিক যন্ত্ৰণা দিয়ে ।” তেওঁ উল্লেখ কৰে যে বিগত আঢ়ৈ মাহত পেপাৰ লীকৰ ঘটনাসমূহ সংঘটিত হোৱাৰ পাছৰে পৰা চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে আৰু মূল দোষীসকলক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।
 
প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ আটাইতকৈ ডাঙৰ দায়িত্ব আছিল ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক বছৰটো যাতে নষ্ট নহয়। সেইবাবেই নূন্যতম সময়ৰ ভিতৰত প্ৰায় ২২ লাখ পৰীক্ষাৰ্থীৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছিল। ১৯ তাৰিখে ইতিমধ্যে পৰীক্ষাৰ ফলাফলসমূহো ঘোষণা কৰা হৈছে আৰু দেশৰ ভিন্ন প্ৰান্তৰ পৰা উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ সফলতাৰ খবৰ আহি পৰিছে।
 
কেৱল ইমানখিনি ব্যৱস্থাতে চৰকাৰ সন্তুষ্ট নহয় বুলি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ সংশ্লিষ্ট বিভাগসমূহক পেপাৰ লীকৰ গোচৰসমূহৰ খৰতকীয়া বিচাৰৰ বাবে ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰাৰ নিৰ্দেশ দিছিল। বিভাগসমূহে অহৰহ পৰিশ্ৰম কৰি পলমকৈ নিশা ইয়াৰ এক খচৰা প্ৰস্তুত কৰি তেওঁলৈ প্ৰেৰণ কৰিছে।
 
এই প্ৰস্তাৱত ফাষ্ট ট্ৰেক কোৰ্টৰ লগতে অপৰাধীসকলৰ বাবে অত্যন্ত কঠোৰ শাস্তিৰ ব্যৱস্থা ৰখা হৈছে শুকুৰবাৰে কেবিনেট বৈঠকত এই খচৰাৰ ওপৰত আলোচনা হ’ব আৰু মন্ত্ৰীসকলৰ পৰামৰ্শৰ ভিত্তিত ইয়াক চূড়ান্ত ৰূপ দিয়া হ’ব। সোমবাৰৰ পৰা সংসদৰ দ্বিতীয় সপ্তাহৰ কাৰ্যসূচী আৰম্ভ হ’ব আৰু চৰকাৰে যিমান সোনকালে পৰা যায় এই বিধেয়কখন সদনত গ্ৰহণ কৰোৱাৰ প্ৰচেষ্টা চলাব।