নতুন দিল্লী
অৱশেষত পদত্যাগ কৰিলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। ছাত্ৰ-ছাত্ৰীৰ আন্দোলনৰ মূল দাবী আছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পদত্যাগ। ২০ জুলাই, ২০২৬ৰ পৰা দিল্লীকে ধৰি সমগ্ৰ দেশজুৰি চিজেপিৰ নেতৃত্বত ব্যাপক আন্দোলন সাব্যস্ত কৰা হৈছিল।
অৱশেষত আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ দাবী মানি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। এই পদত্যাগ পত্ৰত NEET UG পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে।
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ সংক্ৰান্তিয় সম্পূৰ্ণ বক্তব্য:
মোৰ ডেকা বন্ধুসকল,
চাৰিটা দশকৰো অধিক সময় ধৰি মই ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু শিক্ষা সংস্কাৰৰ বাবে নিজকে উৎসৰ্গা কৰি আহিছোঁ। মই সদায় বিশ্বাস কৰি আহিছোঁ যে এক শক্তিশালী, অন্তৰ্ভুক্তিমূলক আৰু দূৰদৰ্শী শিক্ষা ব্যৱস্থাই এখন শক্তিশালী ৰাষ্ট্ৰৰ মূল ভেটি গঢ়ি তোলে।
মই দেশৰ যুৱ প্ৰজন্মৰ আশা-আকাংক্ষা, অনুভূতি আৰু যুক্তিসংগত প্ৰত্যাশাটোক গভীৰভাৱে শ্ৰদ্ধা কৰোঁ। ভাৰতৰ যুৱ প্ৰজন্মৰ সপোনসমূহ বাস্তৱায়িত কৰাটো আমাৰ ৰাজনৈতিক আৰু সামাজিক জীৱনৰ এক নৈতিক প্ৰতিশ্ৰুতি আছিল। অৰ্হতাসম্পন্ন প্ৰধানমন্ত্ৰীগৰাকীৰ দূৰদৰ্শী নেতৃত্বৰ অধীনত দেশসেৱা কৰাৰ সুযোগ পোৱাৰ বাবে মই তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।
যিহওক, ২০২৬ চনৰ ৩ মে’ত অনুষ্ঠিত হোৱা NEET-UG পৰীক্ষাৰ সন্দৰ্ভত কিছু অনিয়ম পোহৰলৈ আহিছিল। এই বিষয়টো লগে লগে গুৰুত্বসহকাৰে লৈ ভাৰত চৰকাৰে তদন্তৰ ভাৰ চি.বি.আই.ক (CBI) হস্তান্তৰ কৰে, পৰীক্ষাটো বাতিল কৰে আৰু পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ তাৰিখ ঘোষণা কৰে। ইয়াৰ উপৰিও, অহা বছৰৰ পৰা এই পৰীক্ষাটো চি.বি.টি. মাধ্যমত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়।
এই সমগ্ৰ সময়ছোৱাত, ২০ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীৰ বাবে পৰীক্ষাটো সূচাৰুৰূপে পৰিচালনা কৰাটোৱেই আছিল আমাৰ মূল প্ৰাথমিকতা। ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰসমূহ আৰু বিশেষভাৱে জিলা প্ৰশাসনসমূহক সাঙুৰি এক 'সমগ্ৰ চৰকাৰী' পদ্ধতিৰে এই সফলতা লাভ কৰা হৈছিল। ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ সহযোগত ২০২৬ চনৰ ২১ জুনত পৰীক্ষাটো সফলতাৰে সম্পন্ন হয়।
প্ৰথম দিনাৰ পৰাই মই সম্পূৰ্ণ দায়িত্ব স্বীকাৰ কৰিছিলোঁ আৰু পৰিস্থিতিৰ পৰা কেতিয়াও আঁতৰি অহা নাছিলোঁ। কোনো প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীৰ সম্ভাৱনাক যাতে 'পৰীক্ষা মাফিয়া'ই ধূলিস্যাৎ কৰিব নোৱাৰে বা কোনো ছাত্ৰ-ছাত্ৰীৰ প্ৰতি যাতে কোনো অন্যায় নহয়, তাক নিশ্চিত কৰিবলৈ মই সংকল্পবদ্ধ আছিলোঁ।
১৬ জুলাইত ঘোষিত NEET-UG ৰ ফলাফলসমূহ সন্তোষজনক আছিল, য’ত বঞ্চিত পটভূমিৰ বহু প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীয়ে সফলতা লাভ কৰিছিল।
যিহওক, এই সময়ছোৱাতো দায়িত্বশীল পদত থকা কিছুমান ব্যক্তিয়ে বাধাৰ সৃষ্টি কৰিবলৈ আৰু ছাত্ৰ-ছাত্ৰীসকলক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল—যি কাৰ্যই মোক গভীৰভাৱে মৰ্মাহত কৰিছিল।
আমাৰ গণতন্ত্ৰৰ শক্তিৰ ওপৰত মোৰ সদায় অবিচল বিশ্বাস আছে আৰু মই যুৱ প্ৰজন্মৰ আশা, সপোন আৰু প্ৰত্যাশাটোক গভীৰভাৱে শ্ৰদ্ধা কৰোঁ। তেওঁলোক কেৱল ভাৰতৰ ভৱিষ্যতেই নহয়; তেওঁলোক এক নতুন আৰু উন্নত ভাৰতৰ কাণ্ডাৰী, স্ৰষ্টা আৰু স্থপতি। বিগত দহ দিনৰ পৰিঘটনাই মোক ব্যথিত কৰিছে। ই মোৰ বাবে কোনো ব্যক্তিগত প্ৰতিষ্ঠাৰ বিষয় নহয়।
ভাৰতৰ যুৱ শক্তিই হৈছে এই ৰাষ্ট্ৰৰ প্ৰকৃত শক্তি। দেশৰ যুৱ প্ৰজন্ম যাতে বিভ্ৰান্তিৰ জালত আবদ্ধ হৈ নপৰে, সেয়া মোৰ সংকল্প।
জন্তৰ মন্তৰ আৰু সমগ্ৰ দেশৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি—ৰাষ্ট্ৰবিৰোধী শক্তিয়ে যাতে ইয়াৰ সুযোগ ল’ব নোৱাৰে, ৰাষ্ট্ৰীয় ঐক্য ৰক্ষা হয়, এজনো ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত যাতে আইনী জটিলতাত নোসোমায়, আৰু আমাৰ সন্তানসকলে যাতে পঢ়াশুনাত সময় দিব পাৰে আৰু নিজৰ কেৰিয়াৰ গঢ়াত গুৰুত্ব দিব পাৰে—সেই উদ্দেশ্যৰে মই মাননীয় প্ৰধানমন্ত্ৰীৰ ওচৰত মোৰ পদত্যাগ পত্ৰ দাখিল কৰিছোঁ।
মই শ্ৰদ্ধেয় প্ৰধানমন্ত্ৰীগৰাকীক তেওঁৰ মাৰ্গদৰ্শন, বিশ্বাস আৰু নিৰন্তৰ সমৰ্থনৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই মোৰ মন্ত্ৰীপৰিষদৰ সকলো শ্ৰদ্ধেয় সতীৰ্থ, মন্ত্ৰালয়ৰ বিষয়া-কৰ্মচাৰী আৰু যিসকল ব্যক্তিৰ সৈতে কাম কৰাৰ সৌভাগ্য হৈছিল, সেই সকলোলৈ ধন্যৱাদ জনাইছোঁ। দেশসেৱাই মোৰ জীৱনৰ সৰ্বোচ্চ প্ৰাথমিকতা; মই সদায় এই কাৰ্যত সমৰ্পিত হৈ থাকিম।
প্ৰভু জগতনাথৰ আশীৰ্বাদত, মই ভৱিষ্যতেও আই ভাৰতী, উৰিষ্যাৰ ৰাইজ আৰু দেশৰ যুৱ প্ৰজন্মৰ আশা-আকাংক্ষা পূৰণৰ বাবে সম্ভৱপৰ সকলো প্ৰকাৰে নিজকে উৎসৰ্গা কৰি যাম।