ৰাজ্যৰ কোনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে মেট্ৰিকৰ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব: শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগু

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী 
 
নিজৰ সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভর্তি কৰোৱাৰ পূৰ্বে বিদ্যালয়খনৰ বিষয়ে সবিশেষ তথ্য জানিবলৈ অভিভাৱকক অনুৰোধ জনাইছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে। প্রথমবাৰৰ বাবে এক ৰাজহুৱা গোহাৰি প্ৰকাশ কৰি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এই বুলি উল্লেখ কৰিছে যে চমকপ্রদ বিজ্ঞাপন দেখিলেই ভোল নাযাব। 
 
গোহাৰিখনত উল্লেখ কৰা হৈছে, এটি শিশুক সু-নাগৰিক হিচাপে গঢ়ি তোলাৰ লগতে শৈক্ষিক দিশক আগুৱাই নিয়াৰ ক্ষেত্ৰত এখন বিদ্যালয়ৰ ভূমিকা আটাইতকৈ বেছি। গতিকে বিদ্যালয় এখনত নামভর্তি কৰিবলৈ যাওঁতে বিদ্যালয় এখনৰ আন্তঃগাঁথনি, শিক্ষকৰ শিক্ষাগত অর্হতা, বিজ্ঞানাগাৰৰ অৱস্থা, পুথিভঁৰালৰ ব্যৱস্থা আৰু সংশ্লিষ্ট পৰিষদত বিদ্যালয় পঞ্জীয়ন আছে নে নাই আদি দিশবোৰ চালি-জাৰি চোৱা উচিত। 
 
গোহাৰিখনত উল্লেখ কৰা হৈছে, পৰীক্ষাৰ ফলাফল পর্যালোচনা কৰি দেখা গৈছে যে, ২০২৫ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ১৪১ খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ফলাফল শূন্য শতাংশ। উল্লেখিত দিশসমূহৰ অভাৱৰ বাবেই বিদ্যালয়সমূহত পৰীক্ষাৰ ফলাফল শূন্য হোৱা বুলি অনুমান কৰিব পাৰি। ইয়াৰোপৰি ৰাজ্যৰ ১৯ খন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে একাদশ শ্রেণীৰ প্রশ্নকাকতৰ টোপোলা পৰীক্ষাৰ নিৰ্ধাৰিত দিনৰ আগেয়ে খুলি পেলাইছিল। তেওঁলোকৰ এনে নিয়মবহির্ভূত কার্যই পৰীক্ষাৰ পদ্ধতিটোক কলুষিত কৰিছে। 
 
সেয়েহে সকলো অভিভাৱকক তেওঁলোকৰ সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তি কৰাৰ পূৰ্বে বিদ্যালয়খনৰ সকলো তথ্য জানি-বুজি ল'বলৈ অনুৰোধ জনোৱা হৈছে। অভিভাৱকে যদি এতিয়াও তেওঁলোকৰ সন্তানৰ বিদ্যালয় সলনি কৰিবলৈ বিচাৰে তেন্তে পৰিষদে তেওঁলোকক সহায় কৰিব। 
 
গোহাৰিখনত লগতে ২০২৫ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শূন্য শতাংশ ফলাফল প্রদর্শন কৰা ১৪১ খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ তথ্যও উল্লেখ কৰা হৈছে। এই অনুসৰি বাক্সাত ৪খন, বৰপেটাত ৬খন, বিশ্বনাথত ২খন, বঙাইগাঁৱত ২খন, কাছাৰত ১৫খন, চৰাইদেউত ১খন, চিৰাঙত ৩খন, দৰঙত ৩খন, ধেমাজিত ৩খন, ধুবুৰীত ২খন, ডিব্ৰুগড়ত ৮খন, ডিমা হাচাওত ৫খন, গোৱালপাৰাত ৫খন, গোলাঘাটত ৯খন, হাইলাকান্দিত ৬খন, হোজাইত  ২খন, যোৰহাটত ৫খন, কামৰূপ মহানগৰত ৭খন, কামৰূপত ৫খন, কাৰ্বি আংলঙত ৫খন, কোকৰাঝাৰত ৬খন, লখিমপুৰত ৪খন, মাজুলীত ৩খন, মৰিগাঁৱত ৪খন, নগাঁৱত ৬খন, নলবাৰীত ২খন, শিৱসাগৰত ৩খন, শোণিতপুৰত ৬খন, তিনিচুকীয়াত ১খন, ওদালগুৰিত ৫খন, পশ্চিম কাৰ্বি আংলঙত ৩খন বিদ্যালয়ে শূন্য শতাংশ ফলাফল প্রদর্শন কৰিছে। 
 
এই সন্দৰ্ভত শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে জানিবলৈ দিয়ামতে এতিয়াৰে পৰা ৰাজ্যৰ কোনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত মেট্ৰিকৰ পৰীক্ষা কেন্দ্ৰ কৰা নহ'ব। ইয়াৰ উপৰিও চৰকাৰৰ অনুমতি অবিহনে ব্যক্তিগত খণ্ডৰ কোনো বিদ্যালয়ে শিক্ষা পৰিষদৰ স্বীকৃতি লাভ নকৰিব।  


শেহতীয়া খবৰ