ছাফনা নাজাৰুদ্দিন: দেশৰ অন্যতম এগৰাকী কমবয়সীয়া মহিলা আই এ এছ বিষয়া

Story by  atv | Posted by  Munni Begum • 2 h ago
ছাফনা নাজাৰুদ্দিন
ছাফনা নাজাৰুদ্দিন
 
শ্ৰীলাথা মেনন / থ্ৰিছুৰ
 
দৃঢ়তাৰে সপোন দেখিলে আৰু সেই সপোন পূৰণৰ বাবে কঠোৰ পৰিশ্ৰম কৰিলে সপোন কেনেকৈ বাস্তৱায়িত হ’ব পাৰে তাৰ সঁচা উদাহৰণ হৈছে ছাফনা নাজাৰুদ্দিন। তেওঁৰ সপোন আছিল সমাজলৈ পৰিৱৰ্তন অনা, আৰু ইয়াৰ বাবে তেওঁ অসামৰিক সেৱাক বাছি লৈছিল। 
 
২০২০ চনত ইউ পি এছ চি পৰীক্ষাত ৪৫সংখ্যক স্থান দখল কৰা ছাফনা নাজাৰুদ্দিন ২৩ বছৰ বয়সত কেৰালাৰ আটাইতকৈ কম বয়সীয়া মুছলমান মহিলা আই এ এছ বিষয়া হিচাপে পৰিগণিত হয়। মালাপ্পুৰামৰ উপায়ুক্তৰ দায়িত্ব পালন কৰাৰ পিছত এতিয়া তেওঁ কেৰালাত শ্ৰম আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। যুৱক-যুৱতীসকলৰ প্ৰতি ছাফনাৰ এটাই বাৰ্তা যে সদায় নিজৰ সপোনক অনুসৰণ কৰা উচিত। 
 
Covid-19 মহামাৰীৰ সময়ত নিজৰ কাৰ্যালয়ত ছাফনা নাজাৰুদ্দিন
 
শেহতীয়াকৈ চাকৰি প্ৰত্যাশিতসকলৰ বাবে আয়োজিত এক সমাৱেশত ছাফনাই কয়, ‘আপোনাৰ এটা সপোন থাকিব লাগে, আৰু ইয়াক পূৰণ কৰিবলৈ আপুনি দৃঢ়প্ৰতিজ্ঞ হ’ব লাগে। সপোন নিশ্চয় বাস্তৱায়িত হ’ব। মোৰ সপোন আছিল আই এ এছ অফিচাৰ হোৱা। আপোনাৰ সপোন বেলেগ হ'ব পাৰে। কিন্তু কেতিয়াও পিতৃ-মাতৃ অথবা আন কোনোবাই বিচৰাৰ বাবেই ভাল নোপোৱা কাম এটাৰ পিছত দৌৰা উচিত নহয়।"
 
ছাফনাই কয় যে আই এ এছ বিষয়া হোৱাৰ সপোন তেওঁ অষ্টম শ্ৰেণীৰ পৰাই দেখিবলৈ আৰম্ভ কৰিছিল। তেতিয়া তেওঁ আনকি ইয়াৰ অৰ্থও সম্পূৰ্ণৰূপে বুজি পোৱা নাছিল। এটা সাক্ষাৎকাৰত ছাফনাই কয়, "মই মাত্ৰ জানিছিলোঁ যে এজন আই এ এছ বিষয়াই সমাজৰ বাবে বহুখিনি কৰিব পাৰে আৰু ইতিবাচক পৰিৱৰ্তন আনিব পাৰে।"
 
মাক-দেউতাকৰ পৰাও তেওঁ প্ৰেৰণা লাভ কৰিছিল। তেওঁ দেউতাকক এটা নিম্ন শাখাৰ চাকৰিৰ পৰা আৰক্ষী পৰিদৰ্শক হিচাপে অৱসৰ লোৱালৈকে বিভিন্ন ৰেংকলৈ উন্নীত হোৱাৰ যাত্ৰা দেখিবলৈ পাইছিল। একেদৰে, নিয়োগ বিনিময় কেন্দ্ৰত টাইপিষ্ট হিচাপে মাকৰ নিষ্ঠা দেখি ছাফনাই অনুশাসন আৰু কঠোৰ পৰিশ্ৰমৰ মূল্যবোধ শিকিছিল।
 
ছাফনাৰ পিতৃ-মাতৃয়ে সদায় তেওঁৰ সপোনক সমৰ্থন কৰিছিল আৰু তেওঁ সম্পূৰ্ণ নিষ্ঠাৰে সেইবোৰৰ দিশত কাম কৰিছিল। যদিও দেউতাকে ছাফনাক বিজ্ঞান শাখাত আগুৱাই যোৱাটো বিচাৰিছিল, তথাপিও তেওঁ সমাজ বিজ্ঞান আৰু মানৱীয় বিষয়ক বাছি লৈছিল, এইটোৱেই তেওঁৰ বাবে সঠিক পথ বুলি ছাফনাই বিশ্বাস কৰিছিল।
 
ছাফনা নাজাৰুদ্দিন
 
কেন্দ্ৰীয় বিদ্যালয়ৰ টপাৰ হোৱা সূত্ৰে তেওঁ যিকোনো শাখা সহজেই ল’ব পাৰিলেহেঁতেন, কিন্তু তেওঁ নিজৰ হৃদয়ৰ কথা অনুসৰণ কৰিলে। পিছলৈ অৰ্থনীতিৰ ছাত্ৰী হিচাপে তেওঁ পুনৰবাৰ কেৰেলা বিশ্ববিদ্যালয়ৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয়। স্নাতকোত্তৰ ডিগ্ৰী বা আন পাঠ্যক্ৰমৰ বাবে যোৱাৰ পৰিৱৰ্তে ছাফনাই লগে লগে ইউ পি এছ চি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰিলে। ফৰ্চুন আই এ এছ একাডেমীৰ শিক্ষকসকলে কৈছে যে সুপৰিকল্পিত অধ্যয়ন পদ্ধতি, নম্ৰতা আৰু শিকাৰ প্ৰতি থকা আগ্ৰহৰ বাবেই ছাফনাই এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। 
 
প্ৰতিষ্ঠানটোৰ পৰিচালকগৰাকীয়ে কয়, "আমি বহু ছাত্ৰ-ছাত্ৰীক পৰামৰ্শ দিওঁ, কিন্তু সকলোৱে পৰামৰ্শ গ্ৰহণ নকৰে। ছাফনাই কেৱল আমাৰ পৰামৰ্শ পালন কৰাই নহয়, অনুশাসনেৰে সেইবোৰ প্ৰয়োগো কৰিছিল।"  ৰাজহুৱা ভাষণ দিয়াটো প্ৰথমতে তেওঁৰ বাবে এক প্ৰত্যাহ্বান আছিল। এই ক্ষেত্ৰত শিক্ষকৰ পৰামৰ্শ গ্ৰহণ কৰি তেওঁ আত্মবিশ্বাস লাভ নকৰালৈকে আইনা এখনৰ সন্মুখত নিৰ্বাচিত বিষয়ক লৈ কথা পাতি দৈনিক অনুশীলন কৰিছিল। জ্ঞান অৰ্জনৰ বাবে তেওঁ এক কঠোৰ ৰুটিন পালন কৰিছিল। 
 
ছ’চিয়েল মিডিয়াৰ পৰা দূৰত থকা ছাফনাই দুঘণ্টা বাতৰি কাকত পঢ়ে, ফৰ্চুন একাডেমীত ক্লাছত অংশগ্ৰহণ কৰে আৰু দিনটোৰ বাকী সময়খিনি পাঠ্যপুথি অধ্যয়ন কৰে। তেওঁ সদায় এক স্পষ্ট পৰিকল্পনাৰে দৈনিক প্ৰায় ৭–১০ ঘণ্টা পঢ়া-শুনা কৰিছিল। প্ৰস্তুতিৰ সময়ত ছাফনাৰ অন্যতম ফলপ্ৰসূ অভ্যাস আছিল বহী এখন ৰখা। অধ্যয়ন কৰা বা পঢ়া সকলো কথাৰ ওপৰত তেওঁ টোকা লিখিছিল, যাৰ ফলত প্ৰতি সপ্তাহৰ শেষত পুনৰীক্ষণ কৰাটো বহুত সহজ হৈ পৰিছিল। এই অনুশাসিত পদ্ধতিটোৱেই তেওঁৰ সফলতাৰ অন্যতম স্তম্ভ হৈ পৰিছিল।
 
কেৰালাৰ মালাপ্পুৰমত জিলা উপায়ুক্ত হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰাৰ পিছত ছাফনাই আই এ এছ বিষয়া হিচাপে কেইবাবছৰ কাম কৰাৰ অভিজ্ঞতা প্ৰকাশ কৰে। আমোলাসকল অহৰহ ৰাজনৈতিক হেঁচাত থকাটো সম্পূৰ্ণ সঁচা নহয় বুলি তেওঁ উল্লেখ কৰে। এখন ৰাজহুৱা সভাত তেওঁ কয়, "প্ৰতিটো বিষয়তে বহুতো অংশীদাৰ আছে বাবে আমি বাধাৰ সন্মুখীন হওঁ। প্ৰত্যাহ্বানটো হ’ল সকলোকে উপকৃত কৰি এক সমাধানৰ পথত উপনীত হোৱা।"
 
ছাফনা নাজাৰুদ্দিন
 
ব্যস্ততাপূৰ্ণ ব্যক্তিগত জীৱন সন্দৰ্ভত তেওঁ কয়, "কেতিয়াবা এনেকুৱা দিন পাৰ কৰিবলগীয়া হয়, যেতিয়া সভা-সমিটিবোৰ গভীৰ নিশালৈকে টলি থাকে। কিন্তু কেতিয়াবা আকৌ ব্যস্ততা কমকৈও থাকে। দায়িত্ব থকা আন যিকোনো চাকৰিয়ালৰ দৰেই আমাৰো ব্যস্ততাবোৰ একেই।"
 
ছাফনাই স্মৰণ কৰে যে কেন্দ্ৰীয় বিদ্যালয়ত পঢ়া সময়ত তেওঁৰ মনত আই এ এছ বিষয়া হোৱাৰ সপোন গঢ় লৈ উঠিছিল। সমাজ বিজ্ঞান অধ্যয়ন কৰি থাকোঁতে তেওঁ বিভিন্ন সম্প্ৰদায়, সামাজিক বৈষম্য, বিশেষ সুবিধাপ্ৰাপ্ত আৰু অসুবিধাগ্ৰস্তৰ মাজৰ বিভাজনৰ বিষয়ে জানিব পাৰিছিল। এই উপলব্ধিয়ে ছাফনাৰ দায়িত্ববোধ গভীৰ কৰি তুলিছিল আৰু সমাজ সেৱাৰ ইচ্ছাক আৰু অধিক শক্তিশালী কৰি তুলিছিল।
 
আজিও শ্ৰম আয়ুক্ত হিচাপে তেওঁ সেই আবেগ আৰু নিখুঁত পৰিকল্পনা প্ৰয়োগ কৰি আছে যিয়ে তেওঁক ইউ পি এছ চিৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাত সহায় কৰিছিল। প্ৰব্ৰজিত শ্ৰমিক, অনিয়মিত সংস্থাপন, আৰু নিবনুৱা সমস্যাৰ দৰে জৰুৰী বিষয়সমূহৰ সৈতে মোকাবিলা কৰি ছাফনাই  সমাজত ইতিবাচক পৰিৱৰ্তন সৃষ্টিৰ বাবে নিজৰ প্ৰতিশ্ৰুতিক আগুৱাই লৈ যায়।