ভক্তি চালক
নাগৰিকৰদ্বাৰা পৰিচালিত পৰিৱেশ সুৰক্ষা অভিযানৰ এক বিশ্বজনীন প্ৰতীক হৈ পৰিছে মহাৰাষ্ট্ৰৰ আফ্ৰোজ শ্বাহ। ২০১৫ চনত তেওঁ আৰম্ভ কৰিছিল বিশ্বৰ সৰ্ববৃহৎ বীচ্চ পৰিষ্কাৰকৰণ অভিযান। প্ৰেম আৰু দায়িত্ববোধৰ এই কাৰ্যই কেৱল মুম্বাইৰ ভাৰ্ছোভা বীচ্চে (Versova Beach)ই নহয়, বিশ্বই কিদৰে সামাজিক কাম-কাজক প্ৰত্যক্ষ কৰে, তাৰ ধাৰণাও পৰিৱৰ্তন কৰিছে।
ভাৰতৰ পশ্চিম উপকূলত ডাঙৰ-দীঘল হোৱা আফ্ৰোজে স্মৰণ কৰে যে, সেই সময়ত ইয়াত পৰিষ্কাৰ পুখুৰী, সেউজীয়া জোপোহা গছ আৰু সুন্দৰ উপকূল আছিল। কিন্তু তেওঁ যেতিয়া কৈশোৰ কালত ভৰি দিয়ে, তেতিয়া সেই সকলোবোৰ হেৰাই গৈছিল। এটা সময়ত শৈশৱকালৰ স্মৃতিৰে ভৰি থকা ভাৰ্ছোভা বীচ্চ এখন ৫ ফুট প্লাষ্টিকৰ আৱৰ্জনাৰে আৱৰা ডাম্পিং গ্ৰাউণ্ডত পৰিণত হৈছিল।
আফ্ৰোজ শ্বাহ আৰু তেওঁৰ দলৰ সৈতে ছুপাৰষ্টাৰ অমিতাভ বচ্চনে ভাৰ্চোভা বীচ্চত
"মনোমোহা উপকূলটোক পুতি পেলোৱা প্লাষ্টিকৰ টুকুৰাবোৰ মোৰ কাণৰ ফালে যেন আহি আছিল, যাৰ বাবে মই এক ডাঙৰ পদক্ষেপ ল'বলৈ বাধ্য হৈছিলো।", তেওঁ কয়। সেই জীৱন সলনি কৰা মুহূৰ্তটো আহিছিল ২০১৫ চনৰ অক্টোবৰ মাহত, যেতিয়া আফ্ৰোজ শ্বাহৰ বয়স আছিল ৪২ বছৰ। তেওঁ জাবৰেৰে ভৰা ভাৰ্ছোভা বীচ্চৰ ওচৰতে অৱস্থিত এটা ফ্লেটত থাকিবলৈ আৰম্ভ কৰিছিল।
আফ্ৰোজাই কয়, "আমি অনুভৱ কৰিছিলো যে প্ৰকৃতিৰ সৈতে কিবা এটা ভয়ংকৰ ভুল হৈছিল, আৰু জৰুৰীভাৱে কিবা এটা কৰিবলগীয়া হৈছিল। সময় নষ্ট নকৰি মই আৰু মোৰ ৮৩ বছৰীয়া চুবুৰীয়া হৰবংশ মাথুৰে গ্ল’ভছ পিন্ধি আৱৰ্জনা আৰু পেলনীয়া প্লাষ্টিকবোৰ তুলি চাফা কৰিবলৈ আৰম্ভ কৰিলো। এয়াই আছিল আমাৰ অভিযানৰ আৰম্ভণি।"
চৰকাৰ বা কৰ্তৃপক্ষৰ সহায় অথবা পদক্ষেপৰ বাবে অপেক্ষা কৰিবলৈ অস্বীকাৰ কৰি তেওঁ কয়, “এয়া মোৰ গ্ৰহ, মোৰ পৃথিৱী, মোৰ সাগৰ—আৰু মইয়ে ইয়াক পৰিষ্কাৰ কৰিব লাগিব।” কেৱল ইচ্ছাশক্তি আৰু দৃঢ়তাৰে তেওঁ এনে এক আন্দোলন আৰম্ভ কৰিলে, যিয়ে বিশ্বৰ হাজাৰ হাজাৰ লোকক অনুপ্ৰাণিত কৰিছে।
মুম্বাইৰ দৰে এখন ব্যস্ত চহৰত সাধাৰণতে টকাতকৈ সময় বেছি গুৰুত্বপূৰ্ণ। তেনে পৰিস্থিতিত তেওঁলোকৰ নিৰৱ বিপ্লৱ আৰু দৃঢ়তাই লাহে লাহে সকলোকে আকৰ্ষিত কৰিবলৈ ধৰিলে। পেছাত এজন অধিবক্তা আফ্ৰোজ শ্বাহে নিজৰ আইনী জ্ঞান ব্যৱহাৰ কৰি এই অভিযানক গতি প্ৰদান কৰে। তেওঁৰ ধাৰাবাহিকতা আৰু আবেগে শ শ স্বেচ্ছাসেৱকক অনুপ্ৰাণিত কৰিছিল—ছাত্ৰ-ছাত্ৰী, বস্তিৰ বাসিন্দা, মাছমৰীয়া, পেছাদাৰী—সকলোৱে তেওঁৰ সৈতে যোগদান কৰে। তেওঁলোকে ইয়াক “সাগৰৰ সৈতে প্ৰেম” আখ্যা দিয়ে।
আফ্ৰোজ শ্বাহ আৰু তেওঁৰ দলটোৱে বীচ্চৰ সম্পূৰ্ণ চাফাই কৰি আছে
আন্দোলনটো ক্ৰমাৎ ডাঙৰ হৈ গ'ল। তেওঁলোকৰ চাফাই অভিযানক সজাগতা অভিযানৰ সৈতে সংযুক্ত কৰা হৈছিল, ইয়াক আৱৰ্জনা সংগ্ৰহক শিক্ষা আৰু সৱলীকৰণৰ আহিলালৈ ৰূপান্তৰিত কৰা হৈছিল। আফ্ৰোজাৰ এই অভিযানৰ ফলত মাত্ৰ ৮৫ সপ্তাহৰ ভিতৰতে ভাৰ্ছোভা বীচ্চৰ পৰা পাঁচ মিলিয়ন কিলোগ্ৰামতকৈ অধিক জাবৰ নিষ্কাশন কৰা হয়। এই ৰূপান্তৰ প্ৰকৃতাৰ্থত নাটকীয় আছিল।
বীচ্চৰ আগৰ আৰু পিছৰ ফটোসমূহ ভাইৰেল হৈছিল আৰু ২০১৬ চনত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীয়ে (UNEP) ইয়াক “বিশ্বৰ সৰ্ববৃহৎ বীচ্চ পৰিষ্কাৰ অভিযান” বুলি ঘোষণা কৰিছিল। সেই বছৰতে আফ্ৰোজ শ্বাহে ইউএনইপিৰ সৰ্বোচ্চ পৰিৱেশ বঁটা চেম্পিয়নছ অৱ দ্য আৰ্থ লাভ কৰি এই সন্মান লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়। তেওঁৰ এই কাম নাগৰিক নেতৃত্বাধীন জলবায়ু কাৰ্য্যৰ বাবে এক বিশ্বব্যাপী আৰ্হিত পৰিণত হয়।
বলিউডৰ অভিনেতা-অভিনেত্ৰীসকলৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক নেতাসকলে আফ্ৰোজ শ্বাহৰ আন্দোলনত যোগদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'মন কী বাত'ত তেওঁৰ প্ৰশংসা কৰাৰ লগতে উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফড়নবিছে আফ্ৰোজৰ এই অভিযানৰ প্ৰতি মুকলিভাৱে সমৰ্থন জনায়।
এডিডাছ আৰু ডাউ (Adidas and Dow)ৰ দৰে বৃহৎ ব্ৰেণ্ডে তেওঁৰ সৈতে অংশীদাৰিত্ব কৰি পুঁজি আৰু সা-সৰঞ্জাম যোগান ধৰিছিল। ইয়াৰ পিছতে চিএনএন-নিউজ১৮ ইণ্ডিয়ান অৱ দ্য ইয়েৰ, চিএনএন হিৰো, জিকিউ ইক' ৱাৰিয়ৰ (CNN-News18 Indian of the Year, CNN Hero, GQ Eco Warrior) আৰু বহুতো পুৰস্কাৰ লাভ কৰে। "এয়া কেৱল এক পুৰস্কাৰৰ কথা নহয়, বৰঞ্চ সামুদ্ৰিক আৱৰ্জনা হ্ৰাস কৰি আমাৰ পৰিৱেশক সুৰক্ষিত কৰা ৰখাৰ এক সপোন আছিল", তেওঁ কয়।
আফ্ৰোজ শ্বাহ আৰু তেওঁৰ দল
২০২৩ চনত, তেওঁ আফ্ৰোজ শ্বাহ ফাউণ্ডেচন মুকলি কৰে, স্বচ্ছতাৰ পৰা গভীৰ তিনি-পদক্ষেপৰ মডেললৈ মনোযোগ স্থানান্তৰ কৰে। ইয়াৰে প্ৰি-লিটাৰ পদক্ষেপে অপ্ৰয়োজনীয় প্লাষ্টিক আৰু পেকেজিং এৰাই চলিবলৈ মানুহক উৎসাহিত কৰে। একেদৰে, আৱৰ্জনাৰ পৃথকীকৰণ আৰু পুনঃব্যৱহাৰৰ বাবে সামূহিক স্তৰৰ ব্যৱস্থা গঢ়ি তোলা তেওঁৰ দ্বিতীয়টো পদক্ষেপ আছিল। আনহাতে,উপকূল, জোপোহা গছ আৰু মহাসাগৰৰ পাৰসমূহ ধাৰাবাহিকভাৱে পৰিষ্কাৰকৰণ তেওঁৰ তৃতীয়টো পদক্ষেপ। তেওঁৰ লক্ষ্য এতিয়া অধিক সামগ্ৰিক - প্ৰতিৰোধ, শিক্ষা আৰু পুনৰুদ্ধাৰ। আমাৰ পৃথিৱী গ্ৰহটোৰ সুৰক্ষাৰ বাবে এই সকলো কাম তেওঁ একেলগে কৰি আছে।
উল্লেখ্য যে, আফ্ৰোজ শ্বাহৰ ফাউণ্ডেশ্যনে কেৱল মুম্বাইতে ৪ লাখৰো অধিক লোকক সংগঠিত কৰিছে আৰু ২৫খন গাঁৱত ইক’-ইনিচিয়েটিভ আৰম্ভ কৰিছে, আৰু ২০০ গাঁৱলৈ সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে। তেওঁ ২০০ৰো অধিক বিদ্যালয় আৰু মহাবিদ্যালয়ৰ সৈতে সহযোগিতা কৰে, যুৱক-যুৱতীসকলক প্লাষ্টিক ব্যৱহাৰ নকৰিবলৈ আৰু পৰিৱেশ-অনুকূল অভ্যাস গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। বস্তিৰ পৰা কৰ্পৰেট কাৰ্যালয়লৈকে আফ্ৰোজে আচৰণ পৰিৱৰ্তনৰ ওপৰত কেন্দ্ৰিত বিভিন্ন অধিবেশনৰ নেতৃত্ব দিয়ে।
এজন অধিবক্তা হিচাপে আফ্ৰোজে নীতিগত বিষয়সমূহৰ ওপৰত স্পষ্টকৈ মাত মাতে। ভাৰতৰ প্লাষ্টিক নিষেধাজ্ঞা আৰু বৰ্ধিত উৎপাদক দায়ৱদ্ধতা (Extended Producer Responsibility) নিয়মৰ দুৰ্বল ৰূপায়ণৰ বিষয়ে তেওঁ স্পষ্টবাদী। "ভূমিৰ বাস্তৱতাৰ পৰা বিচ্ছিন্ন আইন প্ৰণয়ন নকৰিব। মাইক্ৰ'-ডিটেইলছত ডুব যাওক। সেইবোৰ কাৰ্যকৰী কৰক," তেওঁ আহ্বান জনায়।
তেওঁ আৱৰ্জনাৰ ব্যৱস্থাপনাৰ পৰা পৃথক এক চাৰ্কুলাৰ ইকনমি এক্টৰ আহ্বান জনায় আৰু "পৰিবেশ"ক সংবিধানৰ সমান্তৰাল তালিকাত সন্নিৱিষ্ট কৰাৰ পোষকতা কৰে, যাৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্য উভয়কে স্পষ্টভাৱে আইন প্ৰণয়ন কৰিব পাৰিব। বৰ্তমান, ই আইনী ধূসৰ অঞ্চলত (legal grey zone) পৰে, যাৰ ফলত বিভ্ৰান্তিৰ সৃষ্টি হৈছে আৰু ইয়াৰ কাৰ্যকৰীকৰণ দুৰ্বল।
আফ্ৰোজ শ্বাহ
আফ্ৰোজে বিশ্বব্যাপী প্লাষ্টিক চুক্তিৰ আলোচনাৰ প্ৰতিও সন্দেহ প্ৰকাশ কৰিছে। তেওঁ কয়, “তেওঁলোক ডাটাতকৈ কূটনীতিৰ দ্বাৰা বেছি পৰিচালিত হয়। চুটি আৰু প্ৰতীকী শীৰ্ষ সন্মিলনৰ পৰিৱৰ্তে তেওঁ ভাৰতৰ সংবিধান নিৰ্মাণ প্ৰক্ৰিয়াৰ পৰা অনুপ্ৰাণিত এক আৰ্হি প্ৰস্তাৱ কৰিছে। আমাক এবছৰ ধৰি গুৰুত্বসহকাৰে কাম কৰা বিশেষজ্ঞ সমিতিৰ প্ৰয়োজন আছে—সপ্তাহজোৰা অনুষ্ঠান নহয়।”
আফ্ৰোজৰ বাবে প্ৰদূষণৰ বিৰুদ্ধে যুঁজখন শেষত সহাৱস্থানৰ ওপৰত নিৰ্ভৰশীল। তেওঁ কয়, “অন্য প্ৰজাতিৰ অধিকাৰ য’ত আৰম্ভ হয় তাতেই মানুহৰ অধিকাৰ শেষ হ’ব লাগিব।” নাগৰিকসকললৈ তেওঁৰ বাৰ্তা অতি স্পষ্ট, “আমি চৰকাৰক দোষ দিওঁ। কিন্তু চৰকাৰে আৱৰ্জনা পেলোৱা নাই—আমি আৱৰ্জনা য'তে-ত'তে পেলাইছো।”
তেওঁ পৰিৱেশনমূলক সক্ৰিয়তাক সমালোচনা কৰে: “কিছুমানে ১০ বছৰ ধৰি কলম আৰু কেমেৰা লৈ বহি থাকে, তথাপিও সমস্যাটো ৰৈ গৈছে।” ইয়াৰ বিপৰীতে আফ্ৰোজৰ সক্ৰিয়তা বাস্তৱিক কাৰ্য্যৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। আফ্ৰোজ শ্বাহৰ এই যাত্ৰাই এটা কথা প্ৰমাণ কৰে যে পৰিৱৰ্তন আনিবলৈ ক্ষমতা বা ধনৰ প্ৰয়োজন নাই—মাত্ৰ বহল হৃদয় আৰু সদিচ্ছা লাগিব।