Tue Jul 15 2025 9:43:51 PM
  • Follow us on
  • Subcribe

JNUৰ পিছত জামিয়া মিলিয়া ইছলামিয়াই ‘ৰাষ্ট্ৰীয় নিৰাপত্তা’ক লৈ তুৰ্কী প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তি বাতিল কৰে

Story by  atv | Posted by   Imtiaz Ahmed • 2 Months ago
জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়
জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়
নতুন দিল্লী

‘ৰাষ্ট্ৰীয় নিৰাপত্তা’ৰ উদ্ধৃতি দি তুৰস্কৰ সৈতে হোৱা সকলো বুজাবুজিৰ চুক্তি বাতিল কৰাৰ কথা বৃহস্পতিবাৰে ঘোষণা কৰে জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ে।

তুৰস্কই পাকিস্তানক সহায় কৰাৰ সন্দৰ্ভত শেহতীয়াকৈ সংঘটিত হোৱা পৰিস্থিতিৰ পিছতে বিশ্ববিদ্যালয়খনে ৰাষ্ট্ৰৰ সৈতে থিয় দিছে বুলি কয়। শেহতীয়াকৈ ভাৰতৰ সৈতে সংঘাত বৃদ্ধি পোৱাৰ সময়ত আংকাৰাই পাকিস্তানক ড্ৰ’ন আৰু অস্ত্ৰ যোগান ধৰিছিল।

বিশ্ববিদ্যালয়খনে এক বিবৃতিত কয় যে, "ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিবেচনা কৰি, নতুন দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া আৰু ৰিপাব্লিক অৱ টুৰ্কিয়ে চৰকাৰৰ সৈতে জড়িত যিকোনো প্ৰতিষ্ঠানৰ মাজত যিকোনো বুজাবুজিৰ চুক্তি (এম অ' ইউ) তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাতিল কৰা হৈছে। জামিয়া মিলিয়া ইছলামিয়াই ৰাষ্ট্ৰৰ সৈতে দৃঢ়তাৰে থিয় দিছে।"

জামিয়া মিলিয়া ইছলামিয়াৰ পি আৰ অ’ অধ্যাপিকা ছাইমা ছাইদে কয় যে, "আমি তুৰস্কৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ সৈতে হোৱা সকলো বুজাবুজি চুক্তি বাতিল কৰিছো। জামিয়াই জাতি আৰু ভাৰত চৰকাৰৰ সৈতে থিয় দিছে।"

তুৰস্ক সন্দৰ্ভত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (JNU) আৰু হায়দৰাবাদৰ মৌলানা আজাদ ৰাষ্ট্ৰীয় উৰ্দু বিশ্ববিদ্যালয় (MANUU)ৰ একেধৰণৰ কাৰ্য্যৰ পিছতে জামিয়াই এই পদক্ষেপ লৈচছ।

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উদ্বেগ প্ৰকাশ কৰি তুৰ্কীৰ মালাট্যাৰ ইনোনু বিশ্ববিদ্যালয়ৰ সৈতে হোৱা শৈক্ষিক চুক্তি স্থগিত ৰাখিছে জে এন ইউয়ে। ২০২৫ চনৰ ৩ ফেব্ৰুৱাৰীত তুৰস্কৰ মালাট্যাৰ ইনোনু বিশ্ববিদ্যালয়ৰ সৈতে স্বাক্ষৰিত এই বুজাবুজি চুক্তি ২০২৮ চনলৈকে চলিব বুলি কোৱা হৈছিল।

তুৰস্কৰ ইউনুছ এমৰে ইনষ্টিটিউটৰ সৈতে হোৱা বুজাবুজি চুক্তিখন তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সমাপ্ত কৰে MANUU-ও। বিশ্ববিদ্যালয়খনে পাকিস্তানৰ প্ৰতি তুৰস্কৰ সমৰ্থনক ইয়াৰ কাৰণ হিচাপে উল্লেখ কৰে।

২০২৪ চনৰ ২ জানুৱাৰীত স্বাক্ষৰিত এই বুজাবুজি চুক্তিৰ লক্ষ্য আছিল MANUU-ত তুৰ্কী ভাষা অধ্যয়নক প্ৰসাৰিত কৰা। এতিয়া ঘূৰি গৈছে ভ্ৰমণকাৰী তুৰ্কীৰ অধ্যাপকগৰাকী।