ভক্তি চালক
ডাঃ ছাবিহা ইনামদাৰ সম্প্ৰতি ভাৰতৰ এগৰাকী আগশাৰীৰ যৌন আৰু সম্পৰ্ক প্ৰশিক্ষক (sex and relationship coaches)। কিন্তু তেওঁৰ এই যাত্ৰা সহজ নাছিল। মহাৰাষ্ট্ৰৰ এটা পৰম্পৰাগত মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰা ডাঃ ছাবিহাই জীৱনৰ এনে এটা পথ বাচি লৈছিল, যি পথত খুব কমসংখ্যক লোকেহে আগবাঢ়িবলৈ সাহস কৰে।
বিশেষকৈ এনে এখন সমাজত য'ত যৌন স্বাস্থ্য আৰু অন্তৰংগতা সম্পৰ্কীয় কথোপকথনক এতিয়াও নিষিদ্ধ বুলি গণ্য কৰা হয়। তেনেক্ষেত্ৰত ডাঃ ছাবিহাৰ কৰ্ম আৰু পদক্ষেপক বিপ্লৱী বুলি গণ্য কৰা হৈছে। ৪৮ বছৰীয়া বিশেষজ্ঞ ডাঃ ছাবিহাই কয়, "যৌনতা কেৱলমাত্ৰ এক শৰীৰৰ বিষয় নহয়, ই আত্মাৰ সৈতেও জড়িত হৈ থকা এটা অতি গুৰুৰ্বপূৰ্ণ বিষয়।"
স্বামী আৰু কন্যাৰ সৈতে ডাঃ ছাবিহা ইনামদাৰ
বছৰ বছৰ ধৰি ডাঃ ইনামদাৰে সম্পৰ্ক, আৱেগিক ঘনিষ্ঠতা আৰু ব্যক্তিগত মূল্যৰ চাৰিওফালে থকা মৌনতা ভংগ কৰিবলৈ কাম কৰি আহিছে। যিবোৰ বিষয় বহু ভাৰতীয় পৰিয়ালত প্ৰায়ে আলোচনা নোহোৱাকৈয়ে থাকি যায়। ডাঃ ইনামদাৰে মুকলিকৈ প্ৰকাশ কৰিছে যে, বিবাহে তেওঁৰ প্ৰশিক্ষকৰ দৃষ্টিভংগীক গভীৰভাৱে প্ৰভাৱিত কৰিছিল। তেওঁ কয়, “যেতিয়া মই পুনেত চিকিৎসা চৰ্চা কৰি আছিলো, তেতিয়া মোৰ বহু বন্ধু তথা বান্ধৱীয়ে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকক দেখি মইও সেই বসয়তে বিয়া হ’ব বিচাৰিছিলো। সেই সময়ত মই বিশ্বাস কৰিছিলোঁ যে, বিবাহ কেৱলমাত্ৰ এটা অনুষ্ঠানহে।”
কিন্তু আলীৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰাৰ পিছতে বিবাহক লৈ থকা ডাঃ ইনামদাৰৰ দৃষ্টিভংগী সম্পূৰ্ণৰূপে সলনি হৈ গৈছিল। তেওঁ কয়, “মোৰ জীৱনে এটা নতুন ৰূপ লৈছিল। হঠাতে মোৰ বহু নতুন দায়িত্ব আহিছিল। তাৰ ভিতৰত যৌনতা এটা দায়িত্ব বুলিয়ে মই ভুলকৈ ধাৰণা কৰি লৈছিলো। চিকিৎসক হিচাপেও মই সম্পূৰ্ণৰূপে বুজিব পৰা নাছিলো যে, যৌনতাৰ প্ৰকৃত অৰ্থ কি। মই ভাবিছিলো যে, ই কেৱলমাত্ৰ এটা কৰ্তব্য, মাত্ৰ এটা কাৰ্য্য।”
ডাঃ ছাবিহা ইনামদাৰে লগতে কয়, “সেই প্ৰথম দিনবোৰত মই বিশ্বাস কৰিছিলো যে, মাতৃ হোৱাটোৱেই হৈছে চূড়ান্ত লক্ষ্য আৰু সন্তান জন্ম দিয়াৰ পিছতহে বিবাহক সফল বুলি গণ্য কৰা হ’ব। মোৰ ছোৱালীজনীৰ জন্মৰ দহ বছৰৰ পাছতহে মই সঁচাকৈয়ে এটা গুৰুত্বপূৰ্ণ কথা বুজি পাইছিলোঁ যে, যৌনতা কেৱলমাত্ৰ এটা কাৰ্য্য নহয়। ই প্ৰেম আৰু আৱেগিক সংযোগৰ এক অৰ্থপূৰ্ণ ভাষা। ই ঘনিষ্ঠতা, যত্ন আৰু গভীৰ সম্পৰ্কৰ বিষয়।" এই উপলব্ধিয়ে ছাবিহাৰ বাবে সকলো সলনি কৰি পেলাইছিল।
বঁটা লাভ কৰাৰ পিছত ডাঃ ছাবিহা ইনামদাৰে ভাষণ দি থকা এক মূহুৰ্ত
ডাঃ ইনামদাৰক যিটোৱে পৃথক কৰি তুলিছে সেয়া হ’ল তেওঁৰ কঠিন আৰু স্পৰ্শকাতৰ বিষয়বোৰ ভাঙি পেলোৱাৰ অনন্য পদ্ধতি। তেওঁৰ ক্লিনিক ডাঃ ছাবিহা কোচিং এণ্ড কনছালটিং (ডি এছ চি চি)ত তেওঁ এটা নিৰাপদ, সন্মানজনক স্থান সৃষ্টি কৰিছে, য’ত দম্পতীসকলে নিজৰ সম্পৰ্কৰ সংগ্ৰামৰ বিষয়ে মুক্তভাৱে কথা পাতিব পাৰে, যিটো ভাৰতীয় সমাজৰ বহু ঠাইত এতিয়াও বিৰল।
নিউৰ’-লিংগুৱেষ্টিক প্ৰগ্ৰেমিং (এনএলপি)ৰ প্ৰশিক্ষণপ্ৰাপ্ত ডাঃ ইনামদাৰ হৈছে বৈবাহিক জীৱনৰ আৱেগ-অনুভূতি বুজাত পাকৈত এগৰাকী ব্যক্তি। এই দক্ষতাই তেওঁক যত্ন আৰু স্পষ্টতাৰে দম্পতীসকলক পথ প্ৰদৰ্শন কৰাত সহায় কৰে। আগতে কেতিয়াও কাৰো আগত প্ৰকাশ নকৰা কথাবোৰ তেওঁলোকে ইনামদাৰৰ সৈতে উৎসাহেৰে প্ৰকাশ কৰিব পাৰে।
ডাঃ ইনামদাৰে কয় যে, বৈবাহিক জীৱনৰ সৈতে বহুতো পৰ্যায় আহে যেনে, আৱেগ, দায়িত্ব, উমৈহতীয়া মুহূৰ্ত আৰু প্ৰত্যাহ্বান। কিন্তু এই সকলোবোৰৰ মূলতে আছে আৱেগিক সংযোগ। অংশীদাৰিত্ব তেতিয়াহে বাঢ়ে যেতিয়া দুয়োজনে ইজনে সিজনক সঁচাকৈয়ে শব্দৰ পৰিসৰৰ বাহিৰত বুজিবলৈ ধৰে।
ডাঃ ছাবিহা ইনামদাৰে বঁটা লাভ কৰাৰ এক মূহুৰ্ত
ডাঃ ইনামদাৰে তেওঁৰ এই যাত্ৰাৰ কৃতিত্ব স্বামীৰ অহৰহ সহায়ক দিয়ে। "যদি মই আজি ইয়াত আছো—মানুহক তেওঁলোকৰ সম্পৰ্ক পুনৰ আৱিষ্কাৰ কৰাত সহায় কৰিছো। তেন্তে এই সকলোবোৰৰ বাবে মই মোৰ স্বামীক কৃতজ্ঞতা দিব বিচাৰো। তেওঁ সদায় মোৰ কাষত থিয় দি সমৰ্থন কৰি আহিছে।"-তেওঁ কয়।
ডাঃ ছাবিহা ইনামদাৰে প্ৰকাশ কৰে, “যেতিয়া মই নিজকে 'ডাঃ ছাবিহা, যৌন প্ৰশিক্ষক' বুলি পৰিচয় দিওঁ, তেতিয়াও মানুহে চকু-মুখ কোঁচাই দিয়ে। গতিকে, কেতিয়াবা, মই কেৱল 'ডাঃ ছাবিহা' বুলিয়ে কওঁ। কিন্তু মোৰ স্বামীয়ে এবাৰ মোক কৈছিল, ‘মই যদি আত্মবিশ্বাসেৰে চিভিল ইঞ্জিনিয়াৰ বুলি ক’ব পাৰো, তেন্তে তুমি 'ছেক্স কোচ' বুলি ক’বলৈ কিয় কুণ্ঠাবোধ কৰিবা? এই অগতানুগতিক যাত্ৰাৰ আৰম্ভণিৰে পৰা আলীয়ে মোৰ কাষত এক মুহূৰ্তো সন্দেহ নোহোৱাকৈ থিয় দিছে।”
এগৰাকী নাৰী হিচাপে আৰু বিশেষকৈ এগৰাকী মুছলমান মহিলা হিচাপে যৌনতা আৰু মানুহৰ আৱেগ সম্পৰ্কীয় পৰামৰ্শৰ বাবে ডাঃ ইনামদাৰে তীব্ৰ সমালোচনা আৰু অনলাইন ট্ৰলিঙৰ সন্মুখীন হৈছে। তথাপিও তেওঁ নিৰ্ভীক হৈয়েই আছে আৰু যৌন শিক্ষা আৰু আৱেগিক সুস্থতাক কেন্দ্ৰ কৰি সৎ কথা-বতৰাৰ প্ৰচাৰ অব্যাহত ৰাখিছে। কঠিন সময়ত প্ৰয়াত পিতৃৰ কথাবোৰো তেওঁৰ মনত আছে: “যিজনে মনে মনে অন্যায় সহ্য কৰে, সেইজন অন্যায় কৰাজনতকৈও বেয়া। মোৰ পছন্দৰ প্ৰতি তেওঁৰ অটল বিশ্বাসে মোক সাহস দিছিল। আজিও কথাবোৰ কঠিন হ’লে তেওঁৰ শক্তিয়ে মোক পথ প্ৰদৰ্শন কৰে।”
ডাঃ ছাবিহা ইনামদাৰে বঁটা লাভ কৰাৰ এক মূহুৰ্ত
বন বিভাগত কৰ্মৰত ডাঃ ছাবিহা ইনামদাৰৰ পিতৃয়ে তেওঁৰ মানসিকতা গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। উচ্চ শিক্ষাই তেওঁৰ বিশ্বদৃষ্টিভংগী বহল কৰি তুলিলে আৰু আত্মনিৰ্ভৰশীলতাৰ গুৰুত্ব শিকাই সেই জ্ঞান তেওঁ নিজৰ তিনিটা সন্তানলৈ আগবঢ়াই দিলে। ডাঃ ইনামদাৰে কয়, “সেইবাবেই এবাৰ সিদ্ধান্ত ল’লেই মই সেই সিদ্ধান্তত দৃঢ় হৈ থাকোঁ। মোৰ বাটত যিমানেই বাধা নাহিলেও কিয়, মই লৰচৰ নকৰো।”
আজি তেওঁ নিজৰ পেছাৰ জৰিয়তে এক শক্তিশালী সামাজিক প্ৰভাৱ পেলাইছে। ডাঃ ইনামদাৰে ব্যক্তিৰ সৈতে এজন এজনকৈ প্ৰশিক্ষণৰ জৰিয়তে সংযোগ স্থাপন কৰে, ৰাজহুৱা আলোচনাৰ জৰিয়তে বহল দৰ্শকৰ মাজলৈ যায় আৰু সম্পৰ্ক আৰু ঘনিষ্ঠতাৰ ওপৰত অন্তৰ্দৃষ্টিসম্পন্ন কৰ্মশালা অনুষ্ঠিত কৰে।
তেওঁৰ কাম আৱেগিক সমস্যা সমাধানৰ বাহিৰলৈও বিস্তৃত হৈ আছে। তেওঁ মানুহক তেওঁলোকে নিজকে কেনেকৈ চায় আৰু তেওঁলোকৰ সংগীৰ সৈতে কেনেকৈ সম্পৰ্ক স্থাপন কৰে, সেই বিষয়ে গভীৰভাৱে ৰূপান্তৰিত কৰাত সহায় কৰে। তেওঁ মানুহৰ সৈতে আৱেগিক সংযোগ আৰু ঘনিষ্ঠতাৰ বিষয়ে সুস্থ বুজাবুজি গঢ়ি তুলিব পাৰে।
প্ৰশিক্ষক অধিবেশনত ডাঃ ছাবিহা ইনামদাৰ
যিখন সমাজত যৌন স্বাস্থ্যৰ বিষয়ে কথোপকথন এতিয়াও নিষিদ্ধ, সেইখন সমাজত ডাঃ ছাবিহা ইনামদাৰে সাহসেৰে এই গুৰুত্বপূৰ্ণ বিষয়সমূহ মূলসুঁতিলৈ আনি সততা, নিৰাময়, আৰু বিকাশৰ বাবে এক সুকীয়া স্থান সৃষ্টি কৰিছে। ডাঃ ছাবিহা ইনামদাৰে চিকিৎসাৰ পৰামৰ্শ দিয়াৰ উপৰি সমাজৰ বাবে ক্ষতিকাৰক ধাৰণাবোৰ নাইকিয়া কৰি পেলাইছে আৰু মানুহক প্ৰায়ে অন্ধকাৰত ৰখা বিষয়ৰ ওপৰত মুকলিকৈ কথা ক’বলৈ সাহস প্ৰদান কৰিছে।
তেওঁৰ দৃঢ় বিশ্বাস যে, যৌন শিক্ষা কেৱল আপুনি কি নকৰিব সেইটো নহয়। এই সন্দৰ্ভত তেওঁ কয়, “যেতিয়া শিশুৱে যৌৱনকালত ভৰি দিয়ে, আমি তেওঁলোকক কেৱল কিছুমান কথা এৰাই চলিবলৈ কওঁ। কিন্তু আমি তেওঁলোকক শাৰীৰিক বৃদ্ধিৰ লগে লগে হোৱা আৱেগিক পৰিৱৰ্তনসমূহ বুজিবলৈ খুব কম সংখ্যকলোকেহে সহায় কৰোঁ। এই মৌনতাই তেওঁলোকৰ মনত বিভ্ৰান্তি আৰু ভুল ধাৰণাৰ সৃষ্টি কৰে। বহু যুৱকে যৌন সম্পৰ্কৰ বিকৃত ধাৰণা মনৰ মাজত লৈ ডাঙৰ হয়। কাৰণ তেওঁলোকে শাৰীৰিক কাৰ্য্য আৰু আৱেগিক ঘনিষ্ঠতাৰ মাজৰ পাৰ্থক্য শিকিব নোৱাৰে।”
মানুহৰ মাজত এই মানসিকতা পৰিবৰ্তনৰ বাবে ডাঃ ইনামদাৰ দায়ৱদ্ধ। তেওঁ কয়, “সমাজত যৌন শিক্ষাৰ ওপৰত আমাক অধিক জ্ঞানৰ প্ৰয়োজন আছে। এই বিষয়ৰ ওপৰত মুকলি কথা-বতৰা মূল কথা। মানুহে বুজিব লাগিব যে, যৌন শিক্ষা কেৱল শাৰীৰিক সম্পৰ্কৰ সৈতে জড়িত বিষয় নহয়— ই আৱেগিক আৰু মানসিক স্বাস্থ্যৰ সৈতেও গভীৰভাৱে জড়িত হৈ আছে।"
ডাঃ ছাবিহা ইনামদাৰ তেওঁৰ পিতৃ-মাতৃৰ সৈতে
তেওঁৰ পদক্ষেপ আৰু কথা-বতৰাই মানুহক যৌনতাৰ প্ৰতি সুস্থ মনোভাৱ গঢ়ি তোলাত সহায় কৰিছে, বিশেষকৈ তেওঁৰ সঠিক আৰু বিজ্ঞানভিত্তিক তথ্যৰদ্বাৰা কম বয়সীয়া যুৱক-যুৱতীসকল যথেষ্ট উপকৃত হৈছে। তেওঁৰ কামক বিশেষ কৰি তোলা কথাটো হ’ল তেওঁ কেৱল যৌন স্বাস্থ্যৰ জৈৱিক দিশটোৰ কথা কোৱাই নহয়, সম্পৰ্কৰ আৱেগিক দিশটোৰ ওপৰতো আলোকপাত কৰে। সমালোচনা আৰু প্ৰতিৰোধৰ মাজতো ডাঃ ইনামদাৰ কেতিয়াও পিছুৱাই যোৱা নাই। "যিমানেই কঠিন পথ নহওঁক কিয়, মই এই কামটো কৰি যাম। মই শেষ উশাহ থকালৈকে দম্পতীসকলক পথ প্ৰদৰ্শন কৰি থাকিব বিচাৰো।"-তেওঁ দৃঢ়তাৰে কয়।
ডাঃ ইনামদাৰে ইউটিউব আৰু ইনষ্টাগ্ৰামত হাজাৰ হাজাৰ অনুগামীৰ সৈতে নিজৰ চুটি আৰু শিক্ষামূলক ভিডিঅ’সমূহ শ্বেয়াৰ কৰে, প্ৰশ্নৰ উত্তৰ দিয়ে, আৰু লাইভ ছেচন আয়োজন কৰে। জনপ্ৰিয় মাৰাঠী প’ডকাষ্টতো ডাঃ ছাবিহা এগৰাকী নিয়মীয়া কণ্ঠ।