শ্ৰীলথা মেনন/ ত্ৰিছুৰ
ধৰ্মৰ প্ৰাচীৰ অতিক্ৰম কৰি বিশ্বক ভ্ৰাতৃত্ববোধৰ বাণীৰে পোহৰাই তোলা এজন মানৱতাৰ উপাসক হৈছে শ্ৰী মুমতাজ আলী। অনুগামীসকলৰ মাজত তেওঁ শ্ৰী এম নামেৰে পৰিচিত। কেৰেলাৰ তিৰুৱনন্তপুৰমত এটি মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰা শ্ৰী এম আজি বিভিন্ন জাতি তথা ধৰ্মৰ লাখ লাখ অনুগামীক পথ প্ৰদৰ্শন কৰা এজন আধ্যাত্মিক গুৰু। সম্প্ৰতি তেওঁ ২০ শতিকাৰ অন্যতম এগৰাকী আধ্যাত্মিক প্ৰশিক্ষক বা গুৰু হিচাপে পৰিগণিত হৈছে।
শিশুকালৰে পৰা শ্ৰী মুমতাজ এগৰাকী জ্ঞানপিপাসু ব্যক্তি আছিল। অনুসন্ধিৎসু প্ৰৱণতাৰ বাবেই তেওঁ হিন্দু, খ্ৰীষ্টান, গ্ৰীক আদি বিভিন্ন ধৰ্মীয় দর্শন-পৰম্পৰা অধ্যয়ন কৰিছিল। কিশোৰ অৱস্থাতেই তেওঁ এনে এজন ব্যক্তিৰ সন্ধানত ঘৰ ত্যাগ কৰিছিল, যিগৰাকীয়ে তেওঁক তেওঁৰ প্ৰকৃত অৰ্থ আৰু পৃথিৱীত তেওঁৰ অস্তিত্বৰ বিচাৰি উলিওৱাত সহায় কৰিব পাৰে।
এক অনুষ্ঠানত শ্ৰী মুমতাজ
তেওঁৰ 'এপ্ৰেণ্টিছড টু এ হিমালয়ান মাষ্টাৰ' নামৰ গ্ৰন্থখনত তেওঁৰ হিমালয় ভ্ৰমণ আৰু বদ্ৰীনাথৰ এজন ৰহস্যবাদী মহেশ্বৰনাথ বাবাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ কাহিনী উল্লেখ কৰা আছে। মাত্ৰ ৮ বছৰ বয়সতে কেৰালাত থকা শ্ৰী মুমতাজৰ ঘৰৰ পিছফালৰ চোতালত সেই একেজন সাধুৰ সৈতে তেওঁৰ সাক্ষাৎ হৈছিল। এই বাবাৰ হঠাতে তেওঁৰ ঘৰৰ পিছফালৰ চোতালত থকা কঁঠাল গছৰ তলত আবিৰ্ভাৱ হোৱা, পিছত লগ পাব বুলি বাবাৰ ৰহস্যময় বাৰ্তা আৰু তাৰ পিছত তেওঁ বুজিব নোৱাৰাকৈয়ে অন্তৰ্ধান হোৱা আদি সকলো ঘটনা আত্মজীৱনীখনত বৰ্ণনা কৰা হৈছে।
বদ্ৰীনাথত শ্ৰী মুমতাজে এজন ছাত্ৰ হিচাপে বাবাজীৰ ওচৰত নিজকে সমৰ্পন কৰিছিল আৰু ৩ বছৰ ধৰি তেওঁৰ লগত থাকি পাহাৰ ভ্ৰমণ কৰিছিল আৰু তেওঁৰ পৰা পৰম সত্যৰ বিষয়ে সকলো জ্ঞান লাভ কৰিছিল। তেওঁ যেন প্ৰকৃততে কেতিয়াও পঢ়ি নোপোৱা কথাবোৰ মনত পেলাইছিল আৰু তেওঁ নিজৰ অভিজ্ঞতাবোৰক নিজৰ পূৰ্বৰ জন্মৰ সৈতে জড়িত বুলি উল্লেখ কৰিছে।
শ্ৰী মুমতাজৰ আত্মজীৱনী 'এপ্ৰেণ্টিছড টু এ হিমালয়ান মাষ্টাৰ'
শ্ৰী মুমতাজৰ আধ্যাত্মিক যাত্ৰাত সহায় কৰিবলৈ বিভিন্ন ধৰ্মৰ লোকক ক্ৰিয়া যোগ আৰু অন্যান্য ধ্যান-ধাৰণাৰ দীক্ষা দি আহিছে। তেওঁ মানুহক নিজৰ বিশ্বাসৰ সৈতে আগবাঢ়ি যাবলৈ পৰামৰ্শ দি কয় যে, "প্ৰতিটো ধৰ্মই যি সত্য লাভ কৰিবলৈ চেষ্টা কৰিছে, সেয়া একেই।"
অন্ধ্ৰপ্ৰদেশৰ মদনাপল্লীৰ আশ্ৰমত শ্ৰী মুমতাজ নথকা সময়ত তেওঁ বিশ্বৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰি উপনিষদ, ভাগৱথম, গীতা আৰু অন্যান্য পবিত্ৰ গ্ৰন্থৰ ওপৰত বক্তৃতা প্ৰদান কৰি আহিছে। শ্ৰী মুমতাজে মদনাপল্লীত জনজাতীয় শিশুৰ বাবে এখন দাতব্য বিনামূলীয়া বিদ্যালয়ও চলাই আছে।
মদনাপল্লীত জনজাতীয় শিশুৰ বাবে শ্ৰী মুমতাজে চলাই থকা বিদ্যালয়
নিজৰ নামৰ অৰ্থ বুজাই শ্ৰী মুমতাজে কয় যে, এম (M)ৰ অৰ্থ হৈছে মানৱ আৰু তেওঁ ঠিক তেনেকুৱাই আছিল। এম আখৰটোৱে তেওঁৰ প্ৰকৃত নাম মুমতাজ আলীৰ লগতে মধু নামটোও বুজাই, যিটো নামেৰে তেওঁৰ গুৰুজনে তেওঁক সম্বোধন কৰিছিল। তেওঁ নিজকে মধু নামৰ যুৱক ব্ৰাহ্মণ যোগী হিচাপে মহাৱতাৰ বাবাৰ পৰিচালিত হিমালয়ত কঠিন তপস্যা কৰি থকা বুলি উল্লেখ কৰিছে আৰু যিগৰাকী বাবাক অমৰ যোগী বুলিও জনা যায়। যি কথা পৰমহংস যোগানন্দৰ গ্ৰন্থতো উল্লেখ কৰা আছে।
চৰকাৰৰ পৰা পদ্মভূষণ সন্মান লাভ কৰা শ্ৰী মুমতাজে সমগ্ৰ দেশযুৰি 'ৱাক অৱ হোপ' শীৰ্ষক পদযাত্ৰা অনুষ্ঠিত কৰিছিল। তেওঁ এই যাত্ৰা কন্যাকুমাৰীৰ পৰা আৰম্ভ কৰিছিল আৰু ২০১৪ চনত শ্ৰীনগৰত শেষ হৈছিল। খোজ কঢ়াৰ সময়ত শ্ৰী মুমতাজে বাটত গাঁওবোৰত ৰৈ তেওঁ গাঁৱৰ মানুহৰ সৈতে সাক্ষাৎ কৰিছিল আৰু গীতাৰ মূল বাৰ্তাবোৰ চমুকৈ বৰ্ণনা কৰিছিল, "যে ঐশ্বৰিকতা প্ৰতিজন ব্যক্তিৰ আত্মাতে বাস কৰে।"
শ্ৰী মুমতাজৰ অন্ধ্ৰপ্ৰদেশৰ মদনাপল্লীৰ আশ্ৰমৰ কিছু দৃশ্য
তেওঁ কৃষ্ণৰ আটাইতকৈ প্ৰিয় ভক্তৰ গুণবোৰৰ বিষয়ে গীতাৰ পৰা উক্তি বৰ্ণনা কৰি কয় যে, সেইজনে হৈছে কৃষ্ণৰ আটাইতকৈ প্ৰিয় ভক্ত যিজনৰ ইন্দ্ৰিয়ৰ ওপৰত নিয়ন্ত্ৰণ আছে, যিয়ে সকলো পৰিস্থিতিত অত্মসংযম ৰক্ষা কৰিব পাৰে আৰু যিসকলে আনৰ মংগল সাধন কৰে।
গুৰুজনৰ কথা কওঁতে তেওঁ কয়: "আপুনি হয়তো তেওঁক চিনি নাপাব, কিন্তু তেওঁ আপোনাক মনে মনে পথ প্ৰদৰ্শন কৰি থাকে। সেইজনে হৈছে প্ৰকৃত প্ৰভু, যিয়ে ভক্তক পথ প্ৰদৰ্শন কৰিবলৈ বিভিন্ন ৰূপ ধাৰণ কৰে।" এগৰাকী ব্যক্তি হিচাপে তেওঁক অত্যধিক গুৰুত্ব দিয়াৰ বাবে তেওঁ মানুহক সদায় বাধা দি আহিছে, বৰং তেওঁ যি শিকাইছে, সেইবোৰ অনুশীলন কৰিবলৈহে পৰামৰ্শ দি আহিছে।
শ্ৰী মুমতাজে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা পদ্মশ্ৰী বঁটা গ্ৰহণ কৰাৰ এক দৃশ্য
৭৫ বছৰীয়া শ্ৰী মুমতাজে সম্প্ৰতিও মানৱতা, ভাতৃত্ববোধ আৰু বিশ্বব্ৰহ্মাণ্ডৰ আধ্যাত্মিক একতাৰ বাৰ্তাক শক্তিশালী কৰি সমগ্ৰ বিশ্ব ভ্ৰমণ কৰি আহিছে। প্ৰতিটো অনুষ্ঠানতে তেওঁ পুনৰাবৃত্তি কৰা এটা মন্ত্ৰ হৈছে: 'একম সত ভিপ্ৰ বহুধ বদন্তি', অৰ্থাৎ 'সত্য এটাই, জ্ঞানীসকলে ইয়াক বিভিন্ন ধৰণে বৰ্ণনা কৰে।'
শ্ৰী মুমতাজৰ শান্তি আৰু সাম্প্ৰদায়িক সৌহাৰ্দ্যৰ বাৰ্তাই সকলো ধৰ্মৰ লোকৰ মাজত অনুৰণন ঘটাই আহিছে। অগণন অনুগামী থকা হিন্দু আৰু মুছলমান দুয়োটা ধৰ্মৰ আদৰ্শ হিচাপে, শ্ৰী মুমতাজে বিশ্বব্ৰহ্মাণ্ডত আধ্যাত্মিক ঐক্যৰ প্ৰতীক হৈ পৰিছে।