নতুন দিল্লী
কেৰালাৰ নাৰ্ছ নিমিছা প্ৰিয়াৰ জীৱন ৰক্ষা কৰাৰ বাবে য়েমেনত শেষ মুহূৰ্তৰ ব্যস্ততাপূৰ্ণ আলোচনা অব্যাহত আছে। নিমিছা প্ৰিয়াই ২০১৭ চনত তেওঁৰ য়েমেনৰ ব্যৱসায়িক অংশীদাৰ তালালক হত্যা কৰাৰ অপৰাধত মৃত্যুদণ্ডৰ শাস্তি লাভ কৰিছিল।
১৬ জুলাইত ছা'ন্নাত অনুষ্ঠিত হ'বলগীয়া নিমিছাৰ ফাঁচীৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, শেষ মুহূৰ্তত প্ৰস্তাৱৰ দালালি কৰিবলৈ অধিবক্তা গোট আৰু প্ৰভাৱশালী ধৰ্মগুৰুসকলে হস্তক্ষেপ কৰাৰ পিছত নিমিছাৰ ফাঁচীৰ পিছুৱাই দিয়া হৈছে।
অনমানোৰামাৰ নিউজ ব্ৰেক প'ডকাষ্টৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নিমিছা প্ৰিয়াৰ অধিবক্তা সুভাষ চন্দ্ৰ কে আৰ অধিবক্তা তথা ছেভ নিমিছা প্ৰিয়া ইণ্টাৰনেশ্যনেল একচন কাউন্সিলৰ প্ৰতিনিধিয়ে কয় যে, তাৎক্ষণিক অগ্ৰাধিকাৰ হৈছে যে, নিমিছাৰ ফাঁচী পিছুৱাই দিয়া আৰু অধিক আলোচনাৰ বাবে সুযোগ সৃষ্টি কৰা।
অধিবক্তা সুভাষে কয়, "আমাৰ প্ৰথম গুৰুত্ব হৈছে ফাঁচী পিছুৱাই দিয়া। যদি সেইটো সফল হয় আমি আশা কৰিছো যে, যদি ভুক্তভোগীৰ পৰিয়ালে সন্মতি দিয়ে, তেন্তে আলোচনা আৰু জীৱনৰ পৰিৱৰ্তে ধন আদায়েৰে তেওঁৰ মুক্তি নিশ্চিত কৰা হ’ব।"
ভাৰতে কূটনৈতিক উপস্থিতিৰ অভাৱ আৰু শাসকীয় কৰ্তৃপক্ষক আনুষ্ঠানিকভাৱে স্বীকৃতি নিদিয়া অঞ্চল য়েমেনৰ ছা'ন্নাত মৃত্যুদণ্ডৰ বাবে অপেক্ষা কৰি আছে নিমিছা প্ৰিয়াই।
শেহতীয়া পৰ্যায়ৰ আলোচনাৰ পিছতে ভাৰতৰ এজন শক্তিশালী চুন্নী মুছলমান ধৰ্মগুৰু গ্ৰেণ্ড মুফতি কান্থাপুৰম এ পি আবুবকাৰ মুছলিয়াৰয়ে য়েমেনৰ এজন বিখ্যাত চুফী পণ্ডিত শ্বেইখ হাবিব ওমৰৰ সৈতে যোগাযোগ কৰিছে।
তেওঁৰ পক্ষৰ প্ৰতিনিধিসকল এতিয়া তেওঁৰ ভাতৃকে ধৰি তালাল আব্দো মাহদী (ভুক্তভোগী)ৰ পৰিয়ালৰ সৈতে যোগাযোগত কৰি আছে। এইবাৰ প্ৰথমবাৰৰ বাবে পৰিয়ালৰ কোনো ঘনিষ্ঠ সদস্যই আলোচনাৰ মেজত যোগদান কৰিছে।
শ্বৰীয়ত আইন অনুসৰি আলোচনা অব্যহত আছে, যিয়ে ভুক্তভোগীৰ পৰিয়ালে দোষীক নিঃচৰ্তভাৱে বা জীৱনৰ পৰিৱৰ্তে ধন আদায়ৰ জৰিয়তে আইনগতভাৱে স্বীকৃতিপ্ৰাপ্ত ক্ষতিপূৰণৰ ৰূপত ক্ষমা কৰিবলৈ অনুমতি দিয়ে।
সোমবাৰে কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক অৱগত কৰে যে, এই গোচৰ কূটনৈতিক প্ৰচেষ্টাৰ সীমাত উপনীত হৈছে। ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰ বিচাৰপীঠৰ সন্মুখত হাজিৰ হৈ এটৰ্নী জেনেৰেল আৰ ভেংকটাৰমণীয়ে কয় যে, চৰকাৰে নিমিছাক বচাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে। জৰুৰী কূটনৈতিক হস্তক্ষেপ আৰু ভুক্তভোগীৰ পৰিয়ালৰ সৈতে আলোচনাৰ বাবে সময় বিচাৰি ছেভ নিমিছা প্ৰিয়া ইণ্টাৰনেশ্যনেল একচন কাউন্সিলৰ আবেদনৰ শুনানি উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিছিল।
বিচাৰপীঠে উল্লেখ কৰে যে, আবেদনকাৰীসকলে চৰকাৰী ধন বিচৰা নাছিল, কেৱল আলোচনাৰ সুবিধাহে বিচাৰিছিল। আলোচনাত সহায় কৰিবলৈ এগৰাকী সমাজকৰ্মীৰ সৈতে বৰ্তমান নিমিছাৰ মাতৃ য়েমেনত আছে। ১৮ জুলাইত পৰৱৰ্তী শুনানিৰ বাবে এই বিষয়টো পোষ্ট কৰিছে উচ্চতম ন্যায়ালয়ে।
উল্লেখ্য যে, কেৰালাৰ ৩৬ বছৰীয়া নাৰ্ছ নিমিছা প্ৰিয়াক য়েমেনৰ ব্যৱসায়িক সহযোগী তালাল আব্দো মাহদীক হত্যা কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰা হৈছে। পৰিয়ালৰ মতে, তালালে নিমিছাক তেওঁৰ পত্নী বুলি দাবী কৰিবলৈ নথি-পত্ৰ জালিয়তি কৰিছিল আৰু তেওঁৰ পাছপ’ৰ্টও কাঢ়ি লৈ গৈ নিমিছাৰ ওপৰত বাৰে বাৰে নিৰ্যাতন চলাইছিল। ২০১৭ চনত নিমিছাই তেওঁৰ নথি-পত্ৰ উদ্ধাৰৰ প্ৰয়াসত তালালক কেটামাইনৰ বেজী দিয়া বুলি অভিযোগ উঠিছে। কিয়নো অতিমাত্ৰা কেটামাইন সেৱন কৰাটো মাৰাত্মক বুলি প্ৰমাণিত হয়।
২০২০ চনত য়েমেনৰ আদালতে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল নিমিছাক। দুবছৰৰ পাছত অৰ্থাৎ ২০২৩ চনত য়েমেনৰ উচ্চতম ন্যায়িক পৰিষদে নিমিছাৰ আবেদন নাকচ কৰিছিল। ইয়াৰ পিছতে নিমিছাৰ মুক্তিৰ বাবে প্ৰচাৰ চলাই ছেভ নিমিছা প্ৰিয়া ইণ্টাৰনেশ্যনেল একচন কাউন্সিল গঠন কৰা হৈছিল।
নিমিছাৰ জীৱন ৰক্ষা কৰা বাবে উত্তৰ য়েমেনত শ্বেখ হাবিব ওমৰৰ প্ৰতিনিধি হাবিব আব্দুৰহমান আলী মাছহুৰ, য়েমেন চৰকাৰৰ প্ৰতিনিধি, হত্যা কৰা তালালৰ ভাতৃ ফৌজদাৰী আদালতৰ উচ্চতম ন্যায়াধীশ আৰু জনজাতীয় নেতাসকলৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়।
কান্তাপুৰমৰ এ পি আবুবকাৰ মুছলিয়াৰে তালালৰ সৈতে জড়িত লোকসকলৰ মতে বিনিময় ধন পৰিয়ালটোৰ সন্মুখত দাখিল কৰি নিমিছাক মৃত্যুদণ্ডৰ পৰা মুক্তি, কাৰাগাৰৰ পৰা মুক্তি আৰু ক্ষমা বিচাৰি দাবী কৰিছে। ৰাজনৈতিকভাৱে বিশৃংখল য়েমেনত বৰ্তমান উত্তৰ আৰু দক্ষিণ দুটা শাসকীয় গোট আছে। গতিকে দুয়োটা স্থানতে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক অকাৰ্যকৰী।