ড'নাল্ড ট্ৰাম্পৰ শুল্ক নীতি অবৈধঃ ৰায় দিলে আমেৰিকাৰ আদালতে

Story by  atv | Posted by  [email protected] • 1 Months ago
ড'নাল্ড ট্ৰাম্পৰ শুল্ক নীতি অবৈধঃ ৰায় দিলে আমেৰিকাৰ আদালতে
ড'নাল্ড ট্ৰাম্পৰ শুল্ক নীতি অবৈধঃ ৰায় দিলে আমেৰিকাৰ আদালতে
 
নতুন দিল্লী
 
'বিশ্বৰ বহুকেইখন দেশৰ ওপৰত ড’নাল্ড ট্ৰাম্প প্ৰশাসনে আৰোপ কৰা শুল্ক বেআইনী।' যিসময়ত ডনাল্ড ট্ৰাম্পৰ প্ৰশাসনে বিভিন্ন দেশৰ ওপৰত শুল্কৰ ওপৰত শুল্ক জাপি দি বিশ্ব অৰ্থনীতিত মাধমাৰ সোধাইছে সেই সময়তে এই কথা উল্লেখ কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰে এখন আপীল আদালতে।
 
অৱশ্যে আদালতে ট্ৰাম্পৰ এই নতুন নীতিত এতিয়াও স্থগিতাদেশ জাৰি কৰা নাই। তাৰোপৰি আদালতৰ এই ৰায়ৰ বিৰুদ্ধেও যুঁজ দিবলৈ কিছু সময় লাভ কৰিব ডনাল্ড ট্ৰাম্পে। তেওঁ আপালী আদালতৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰাৰ সুযোগ লাভ কৰিব। যদিহে উচ্চতম ন্যায়ালয়েও শুল্ক নীতিক অবৈধ আখ্যা দিয়ে তেন্তে বিভিন্ন দেশৰ ওপৰত আৰোপ কৰা শুল্ক প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ব ট্ৰাম্প প্ৰশাসন।
 
উল্লেখযোগ্য যে, শুল্ক সম্পৰ্কীয় এটা গোচৰৰ শুনানি গ্ৰহণ কৰিছিল আমেৰিকাৰ ফেডাৰেল চাৰ্কিট কোৰ্ট অৱ আপীলত। শুকুৰবাৰে আদালতে দিয়া ৰায়দানত এই সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বহু সিদ্ধান্ত অবৈধ বুলি উল্লেখ কৰে। আদালতে কয়, এইদৰে শুল্ক আৰোপ কৰিব নোৱাৰি।
 
ইয়াৰ পূৰ্বে এই গোচৰটো নিম্ন আদালতত দাখিল কৰা হৈছিল। নিম্ন আদালতেও এইদৰে ইচ্ছনুসৰি শুল্ক আৰোপ কৰিব নোৱাৰি বুলি ৰায় প্ৰদান কৰিছিল। আদালতে বিষয়টো পৰ্যবেক্ষণ কৰি এই কথাত পতিয়ন যায় যে, ট্ৰাম্পে নিজৰ জৰুৰীকালীন অৰ্থনৈতিক ক্ষমতা ব্যৱহাৰ কৰি বিশ্বৰ বিভিন্ন দেশৰ ওপৰত বিভিন্ন পৰিমাণৰ শুল্ক আৰোপ কৰিছে। তেনে কৰি তেওঁ নিজৰ কৰ্তৃত্বৰ সীমা অতিক্ৰম কৰিছে।
 
শুল্কৰ বিৰুদ্ধে আদালতৰ স্থিতি স্পষ্ট কৰিও অৱশ্যে আদালতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক সময় দিছে। আদালতে কয়, ট্ৰাম্পৰ এই শুল্ক নীতি অক্টোবৰৰ মাজভাগলৈকে থাকিব। তাৰ পিছত পুনৰ সিদ্ধান্ত ল’ব পাৰি। এই সময়ছোৱাতে ট্ৰাম্পে গোচৰটোক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব পাৰিব। ট্ৰাম্পে এতিয়া সেয়াই কৰিব বুলি ইংগিতো দিছে।
 
ছ’চিয়েল মিডিয়াত আপীল আদালতৰ ৰায়দানক ট্ৰাম্পে ভুল ৰায় বুলি অভিহিত কৰিছে। উচ্চতম ন্যায়ালয়ত তেওঁৰেই জয় হ’ব বুলিও উল্লেখ কৰিছে। তেওঁৰ মতে নতুন শুল্ক নীতি উঠাই দিলে আমেৰিকালৈ দুৰ্যোগ আহিব। অৰ্থনৈতিকভাৱে দেশখন দুৰ্বল হৈ পৰিব।
 
ট্ৰাম্পে লগতে কয় যে, "আমেৰিকাই আৰু বৃহৎ বাণিজ্যিক ঘাটি সহ্য নকৰে। অনৈতিক, একপক্ষীয় শুল্ক সহ্য কৰা নহ'ব। আন দেশসমূহে আমাৰ ওপৰত ইচ্ছামতে শুল্ক আৰোপ কৰি আমাৰ উৎপাদকসকলক প্ৰতাৰণা কৰিছে। যদিহে এই আপীল আদালতৰ ৰায় মানি লোৱা হয়, তেন্তে ই আমেৰিকাক ধ্বংস কৰিব।"
 
আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ সহায়ত এই শুল্ক কাৰ্যকৰী কৰিব বুলিও ট্ৰাম্পে কয়। মন কৰিবলগীয়া যে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছত ট্ৰাম্পে বিভিন্ন দেশৰ সামগ্ৰীৰ ওপৰত উচ্চ হাৰত শুল্ক আৰোপ কৰিছে।
 
তেওঁ এতিয়ালৈকে সৰ্বাধিক শুল্ক ভাৰত আৰু ব্ৰাজিলৰ ওপৰত আৰোপ কৰিছে। দুয়োখন দেশৰ ওপৰত আৰোপ কৰিছে ৫০ শতাংশ শুল্ক আৰু সেয়া কাৰ্যকৰীও কৰিছে। ট্ৰাম্পৰ শুল্ক আৰোপ কৰাৰ ফলত বিভিন্ন দেশৰ সৈতে আমেৰিকাৰ বাণিজ্যত ব্যাঘাতো জন্মিছে।