ইছলামবাদ
পাকিস্তান-আফগানিস্তান সীমান্তত আফগানিস্তানে কৰা অপ্ৰৰোচিত আক্ৰমণৰ পিছৰে পৰা ইছলামাবাদ আৰু কাবুলৰ মাজত বৰ্তমান কোনো ধৰনৰ সম্পৰ্ক নাই বুলি সোমবাৰে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে কয় বুলি ডনে এক প্ৰতিবেদন প্ৰকাশ কৰিছে।
জিঅ' নিউজৰ অনুষ্ঠান 'আজ শ্বাহজেব খানজাদা কে সাথ'ত ভাষণ দি আছিফে কয়, এতিয়া ই এক অচলাৱস্থা। আমাৰ মাজত কোনো সক্ৰিয় শত্ৰুতা নাই বুলি ক’ব পাৰি, যদিও আমাৰ মাজৰ পৰিৱেশ শত্ৰুতাপূৰ্ণ হৈছে। আজিৰ তাৰিখত আমাৰ মাজত প্ৰত্যক্ষ বা পৰোক্ষ কোনো ধৰনৰ সম্পৰ্ক নাই।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, দুয়োখন দেশৰ মাজত শত্ৰুতা “যিকোনো সময়তে” পুনৰ আৰম্ভ হ’ব পাৰে। সেয়ে আমি আমাৰ পহৰা নমাই আনিব নোৱাৰো।
আলোচনাৰ সম্ভাৱনা সন্দৰ্ভত সোধাত আছিফে কয় যে, ভাবুকিৰ অধীনত আলোচনা কেতিয়াও গ্ৰহণযোগ্য নহয়। যদি আফগানিস্তানে একে সময়তে এফালে পাকিস্তানক ভাবুকি দিয়ে আৰু আনফালে আলোচনা কৰিব বিচাৰে, তেন্তে তেওঁলোকে নিজৰ ভাবুকিৰ ওপৰত কাম কৰিব লাগে আৰু আমি তাৰ পিছত আলোচনা কৰিম।
আছিফে পাকিস্তানৰ সামৰিক সঁহাৰি ৰক্ষা কৰি কয়, এইটো এটা স্বাভাৱিক কথা। যদি আপোনালোকৰ তৰফৰ পৰা আক্ৰমণ কৰা হয়, তেন্তে আপোনাৰো নিমিষতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ অধিকাৰ আৰু আক্ৰমণৰ উৎপত্তি য’ৰ পৰাই হৈছে তাতেই লক্ষ্য কৰি লোৱাৰ অধিকাৰ আছে। আমি জনবসতিপূৰ্ণ অঞ্চলক লক্ষ্য কৰি লোৱা নাছিলো, সাধাৰণ নাগৰিকক লক্ষ্য কৰা নাছিলো, মাত্ৰ তেওঁলোকৰ আত্মগোপনস্থলীক আক্ৰমণৰ লক্ষ্য কৰিছিলো।
মন্ত্ৰীগৰাকীয়ে আফগানিস্তানে একাধিক সন্ত্ৰাসবাদী সংগঠনক আশ্ৰয় দিয়াৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ কয় যে, সমগ্ৰ বিশ্বই জানে যে আফগানিস্তানত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ এটা সংঘবদ্ধ গোট আছে, য’ত আইছিছ, আল কায়দা আৰু তালিবান সক্ৰিয় হৈ আছে। এই সকলোবোৰ কাবুলৰ ছত্ৰছায়াত আছে।
আফগানিস্তানত তেহৰিক-ই-তালিবান পাকিস্তানৰ মুৰব্বী নূৰ ৱালি মেহছুদৰ উপস্থিতিৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত আছিফে কয় যে, আমি যিসকলক লক্ষ্য কৰি লৈছিলো, তেওঁলোকৰ ভূখণ্ডত আমি লক্ষ্য কৰি লৈছিলো। ডেৰ-দুই, তিনি বছৰ আগতে যেতিয়া মই গৈছিলো, তেতিয়া তেওঁলোকে কৈছিল যে, এই মানুহবোৰক স্থানান্তৰিত কৰিম। সেই সময়ত কিন্তু তেওঁ চন্দ্ৰত নাছিল; তেওঁ আফগানিস্তানতে আছিল।
তেওঁ আৰু কূটনৈতিক প্ৰচেষ্টাত আন্তৰিকতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, "মই ভাবো কূটনীতিত সততা থকাটো প্ৰয়োজন কিন্তু সময়ত ১০০ শতাংশই সততা নাথাকে, তথাপিও যদি কিছুমানৰ মাজত থাকে, তেন্তে এই বিষয়টো উন্নত কৰি সমাধানৰ পথ প্ৰশস্ত কৰিব পাৰি।"
ড’নৰ প্ৰতিবেদন অনুসৰি, শনিবাৰে গভীৰ নিশা আফগান পক্ষৰ পৰা হোৱা আক্ৰমণৰ ফলত কমেও ২৩জন পাকিস্তানী সৈন্যৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হয়, যাৰ ফলত সীমান্তত তীব্ৰ সংঘৰ্ষৰ সূচনা হয়। আন্তঃসেৱা জনসংযোগে কয় যে, ২০২৫ চনৰ ১১/১২ অক্টোবৰৰ নিশাই যুদ্ধ আৰম্ভ হৈছিল। তাৰ পিছত আফগানৰ তালিবানে পাকিস্তানত, পাক-আফগান সীমান্তত অপ্ৰৰোচিতভাৱে আক্ৰমণ চলাইছিল।
আই এছ পি আৰে নিশ্চিত কৰিছে যে, "ৰাতিটোৰ ভিতৰতে হোৱা সংঘৰ্ষৰ সময়ত পাকিস্তানৰ ২৩ জন সাহসী পুত্ৰই এই অতিশয় ক্ষোভজনক কাৰ্য্যৰ বিৰুদ্ধে আমাৰ প্ৰিয় দেশখনৰ ভূখণ্ডৰ অখণ্ডতাক ৰক্ষা কৰাৰ সময়তে শ্বহীদ হৈছিল, আনহাতে ২৯ জন সৈনিক আঘাতপ্ৰাপ্ত হৈছিল। ইয়াৰ উপৰিও ২০০ৰো অধিক তালিবান আৰু সংযুক্ত সন্ত্ৰাসবাদীক নিৰপেক্ষ কৰা হৈছে, আনহাতে আহতসকলৰ সংখ্যা বহুত বেছি আছিল।
অধিক বিৱৰণ দি আই এছ পি আৰে কয় যে, সীমান্তৰ আফগান পক্ষৰ ২১টা শত্ৰুতাপূৰ্ণ স্থান চমুকৈ দখল কৰা হৈছে আৰু পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণৰ পৰিকল্পনা কৰিবলৈ ব্যৱহাৰ কৰা একাধিক সন্ত্ৰাসবাদী প্ৰশিক্ষণ শিবিৰক অকাৰ্যকৰী কৰি তোলা হৈছে।
আফগানিস্তানে এই আক্ৰমণক “প্ৰতিশোধমূলক” পদক্ষেপ বুলি দাবী কৰি সপ্তাহটোৰ আৰম্ভণিতে পাকিস্তানে বিমান আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰে। ইছলামবাদে অৱশ্যে বিমান আক্ৰমণ নিশ্চিত কৰা নাই, যদিও কাবুলে নিজৰ ভূমিত তেহৰিক-ই-তালিবান পাকিস্তানক আশ্ৰয় দিয়া বন্ধ কৰিব লাগিব বুলি কৈছে বুলিো প্ৰকাশ কৰিছে।
পাকিস্তানৰ সশস্ত্ৰ বাহিনী পাকিস্তানৰ জনসাধাৰণৰ ভূখণ্ডৰ অখণ্ডতা, জীৱন আৰু সম্পত্তি ৰক্ষাৰ বাবে সদায় সাজু হৈ আছে। পাকিস্তানৰ ভূখণ্ডৰ অখণ্ডতা ৰক্ষা কৰাৰ লগতে আমাৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাসকলক পৰাস্ত কৰাৰ আমাৰ সংকল্প অদম্য বুলি আই এছ পি আৰে উল্লেখ কৰে।