চলিত সপ্তাহত ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন

Story by  atv | Posted by  [email protected] • 2 d ago
চলিত সপ্তাহত ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন
চলিত সপ্তাহত ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন
 
নতুন দিল্লী

চলিত সপ্তাহতে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ বাবে অহা ৪ ডিচেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ভাৰত ভ্ৰমণ কৰিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে।
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে জনোৱা মতে, ভ্ৰমণৰ সময়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আলোচনাত মিলিত হ’ব। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও পুটিনৰ সন্মানত অভ্যৰ্থনাৰ আয়োজন কৰিব। 
 
পুটিনৰ ভ্ৰমণে ভাৰত আৰু ৰাছিয়াৰ নেতৃত্বক দ্বি-পাক্ষিক সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰি বিশেষ আৰু সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবেও এক দৃষ্টিভংগী নিৰ্ধাৰণ কৰিব আৰু পাৰস্পৰিক লাভজনক আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত মতামত বিনিময় কৰিব।