কৰাচী
পাকিস্তানৰ সিন্ধ প্ৰদেশৰ ৰাজধানী কৰাচীত প্ৰাচীন হিন্দু মহাকাব্যৰ আধাৰত নিৰ্মিত নাট ৰামায়ণ মঞ্চস্থ কৰি স্থানীয় নাট্যদল "মৌজ"-এ ব্যাপক সমাদৰ লাভ কৰিছে। যোৱা সপ্তাহত কৰাচী আৰ্টছ কাউন্সিলত উপস্থাপন কৰা নাটকখনক দৰ্শকে আদৰি লোৱাই নহয়, ইয়াৰ উপস্থাপন, অভিনয় আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰকো সমালোচকসকলে ভূয়সী প্ৰশংসা কৰে।
কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত মহাকাব্যখনক জীৱন্ত কৰি তোলাৰ প্ৰচেষ্টাৰ বাবেও নাট্য গোষ্ঠীটোৱে প্ৰশংসা লাভ কৰে। নাটখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰা সকলো শিল্পী আছিল মুছলমান।
নাটখনৰ পৰিচালক যোহেশ্বৰ কাৰিৰাই কয়, “মোৰ বাবে ৰামায়নক মঞ্চত জীৱন্ত কৰি তোলাটো আছিল এক ভিজুৱেল উদযাপন। তাৰ বাবে মই কোনো বিৰোধিতা বা বিপদৰ সন্মুখীন হ’ম বুলি কেতিয়াও ভবা নাই। বৰঞ্চ এই অভিজ্ঞতাই প্ৰমাণ কৰিলে যে পাকিস্তানী নাগৰিকসকল সাধাৰণতে বিশ্বাস কৰাতকৈ বহু বেছি সহনশীল।"
নাটখনৰ এখন পোষ্টাৰ
কাৰিৰাই কয় যে এই অনুষ্ঠানটোৱে যথেষ্ট সমাদৰ লাভ কৰিছে আৰু সমালোচকসকলে বিশেষকৈ ইয়াৰ প্ৰডাকচন, অভিনয়, আৰু আধুনিক পোহৰ আৰু সংগীতৰ সংমিশ্ৰণৰ প্ৰশংসা কৰিছে। চলচ্চিত্ৰ আৰু শিল্প সমালোচক উমাইৰ আলভিয়ে কয়, "ৰামায়ণৰ দৰে কাহিনীয়ে সমগ্ৰ বিশ্বৰ মানুহক সংযোগ কৰে। নাট্য গোষ্ঠীটোৰ উপস্থাপনত কাহিনীটো যি সততাৰে কোৱা হৈছে, আৰু পোহৰ, সংগীত, সাজ-পোছাক আৰু মঞ্চৰ ডিজাইনৰ সমন্বয়ৰ সৌন্দৰ্য্য সঁচাকৈয়ে প্ৰশংসনীয়।"
"আমি বিচাৰিছিলো যে দৰ্শকে এই প্ৰাচীন কাহিনীটো কেৱল মনোযোগেৰে শুনাই নহয়, ইয়াক এক জীৱন্ত অভিজ্ঞতা হিচাপে অনুভৱো কৰক। আমি এই দিশত সফল হোৱাত অত্যন্ত সুখী।"-এই মন্তব্য আগবঢ়াইছে ৰানা কাজমীয়ে। তেওঁ নাটকখনত সীতাৰ চৰিত্ৰত অভিনয় কৰিছে আৰু তেওঁ ইয়াৰ প্ৰযোজকো।
অত্যাধুনিক কৃত্ৰিম বুদ্ধিমত্তা (AI) ব্যৱহাৰ কৰি এই প্ৰাচীন হিন্দু মহাকাব্যক মঞ্চত জীৱন্ত কৰি তোলাৰ এই প্ৰচেষ্টাক সমালোচকসকলে পাকিস্তানত আন্তঃধৰ্মীয় সম্প্ৰীতি আৰু সৃষ্টিশীল প্ৰকাশৰ এক উজ্জ্বল উদাহৰণ হিচাপে আদৰি লৈছে।