১৮ দিনৰ ঐতিহাসিক যাত্ৰা সামৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ উভতিল শুভাংশু শুক্লা

Story by  atv | Posted by  [email protected] • 19 h ago
ইতিহাস ৰচি পৃথিৱীলৈ উভতিল শুভাংশু শুক্লা
ইতিহাস ৰচি পৃথিৱীলৈ উভতিল শুভাংশু শুক্লা
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আইএছএছ) ত ১৮ দিন কটোৱাৰ পিছত ভাৰতৰ মহাকাশচাৰী গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই পৃথিৱীলৈ সুৰক্ষিতভাৱে উভতি অহাৰ লগে লগে ভাৰতে মহাকাশ গৱেষণা ক্ষেত্ৰখনত আন এক ইতিহাস ৰচনা কৰিবলৈ সক্ষম হয়।
 
ইয়াৰ লগে লগে শুভাংশু শুক্লা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (Space Station)ত কটোৱা আৰু কাম কৰা ভাৰতৰ প্ৰথমজন মহাকাশচাৰী আৰু মহাকাশলৈ যাত্ৰা কৰা দ্বিতীয়জন ভাৰতীয় হিচাপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে ১৯৮৪ চনত ভাৰতৰ মহাকাশচাৰী ৰাকেশ শৰ্মাই মহাকাশলৈ গৈ ইতিহাস ৰচিছিল। 
 
শুক্লা আৰু তিনিজন আন্তঃৰাষ্ট্ৰীয় কৰ্মচাৰীক কঢ়িয়াই লৈ যোৱা স্পেচএক্স ড্ৰাগন মহাকাশযানখন ভাৰতীয় সময় অনুসৰি মঙলবাৰে বিয়লি প্ৰায় ৩.০১ বজাত ছান ডিয়েগোৰ উপকূলৰ প্ৰশান্ত মহাসাগৰত অৱতৰণ কৰে। ইয়াৰ লগে লগে এক্সিম-৪ (এক্স-৪) অভিযান (Axiom-4 (Ax-4) mission)ৰ সফল পৰিসমাপ্তি ঘটিল। সোমবাৰে সন্ধিয়া মহাকাশযানখনে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা আনডক কৰাৰ প্ৰায় ২২ ঘন্টা পিছত আজি সুকলমে পৃথিৱীত অৱতৰণ কৰে।
ড্ৰেগন কেপচুল ২৭,০০০ কিলোমিটাৰ/ঘন্টা বেগত পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ সময়ত, ই প্ৰচণ্ড উত্তাপ আৰু তীব্ৰ চাপৰ সন্মুখীন হৈছিল। অৱশেষত পেৰাচুটৰ সফল প্ৰয়োগেৰে ড্ৰেগন কেপচুলক সমুদ্ৰত মসৃণ অৱতৰণ সুনিশ্চিত কৰা হয়। 
 
ভাৰতৰ মহাকাশ যাত্ৰাৰ ক্ষেত্ৰত বিশেষভাৱে ইছৰোৰ গগনযান অভিযানৰ প্ৰাকক্ষণত শুক্লাৰ এই যাত্ৰা এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। আইএছএছত থকা সময়ছোৱাত, শুক্লাই আমেৰিকা যুক্তৰাষ্ট্ৰ, পোলেণ্ড আৰু হাংগেৰীৰ মহাকাশচাৰীসকলৰ সৈতে একাধিক বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা সম্পন্ন কৰে।

ইয়াৰ ভিতৰত অন্যতম আছিলঃ স্প্ৰাউটছ প্ৰজেক্ট (Sprouts Project): শূন্য মাধ্যাকর্ষণত উদ্ভিদৰ বিকাশৰ অধ্যয়ন, ভৱিষ্যতৰ মহাকাশ কৃষিৰ দিশত এক পদক্ষেপ। কোষৰ স্বাস্থ্য আৰু মাংসপেশীৰ ক্ষতিৰ অধ্যয়ন, দীৰ্ঘম্যাদী মহাকাশ ভ্ৰমণ আৰু পৃথিৱীত স্বাস্থ্যৰ সৈতে প্ৰাসংগিক। ৰবট আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণা, যি ভৱিষ্যতৰ অভিযানৰ বাবে স্মাৰ্ট মেচিন নিৰ্মাণত সহায় কৰিব পাৰে।

তেওঁৰ গুৰুত্বপূৰ্ণ বৈজ্ঞানিক কামৰ লগতে মহাকাশত তেওঁৰ শান্ত আৰু পেছাদাৰী মনোভাৱৰ বাবে সমগ্ৰ দেশতে শ্ৰদ্ধাৰ পাত্ৰ হৈ পৰিছে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত তেওঁৰ উপস্থিতি ভাৰতৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। এক্সিঅ'ম-৪ (এএক্স-৪) অভিযানত শুক্লাৰ অংশগ্ৰহণে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) ক মানৱ মহাকাশ যাত্ৰাৰ অভিজ্ঞতা প্ৰদান কৰে। এই অভিজ্ঞতা গগনযানৰ পৰিকল্পনা আৰু কাৰ্যকৰীকৰণৰ সকলো দিশত সহায়ক হ'ব।


শেহতীয়া খবৰ