৩৮ বছৰ ধৰি অন্ধ হৈ থকা সত্ত্বেও হজযাত্ৰাত অংশ ল'লে জাভিয়া মহম্মদে

Story by  atv | Posted by  [email protected] • 1 d ago
পৰিয়ালৰ সৈতে হজযাত্ৰাত অংশ লৈছে জাভিয়া মহম্মদে
পৰিয়ালৰ সৈতে হজযাত্ৰাত অংশ লৈছে জাভিয়া মহম্মদে
 
গুলাম কাদিৰ

প্ৰতিজন মুছলমানে জীৱনত এবাৰ হ’লেও হজৰ দৰে এক মহান আৰু আধ্যাত্মিক যাত্ৰাত অংশ হ’ব বিচাৰে। কিন্তু যেতিয়া ৩৮ বছৰ ধৰি অন্ধকাৰত জীয়াই থকা এজন ব্যক্তিয়ে এই যাত্ৰা সম্পূৰ্ণ কৰে, তেতিয়া ই কেৱল প্ৰাৰ্থনা নহয়, বিশ্বাস আৰু আত্মবিশ্বাসৰো প্ৰতীক হৈ পৰে।
 
গণিতৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা মালয়েছিয়াৰ নাগৰিক ৬২ বছৰীয়া জাভিয়া মহম্মদে চলিত বৰ্ষৰ হজত যোগদান কৰি বিশ্বৰ মুছলমানসকলৰ বাবে প্ৰেৰণা হিচাপে পৰিগণিত হৈছে। ২৪ বছৰ বয়সত গ্ল’ক’মাৰ বাবে দৃষ্টিশক্তি হেৰুৱাইছিল যদিও সাহস আৰু বিশ্বাসেৰে জাভিয়া আজি পবিত্ৰ মক্কা ভূমিত আল্লাহৰ চৌহদত থিয় হৈ আছে।
 
জাভিয়াই কয়, “মই দেখা নাপাওঁ, কিন্তু মই সকলো অনুভৱ কৰো, যেতিয়া মই পবিত্ৰ কাবা (Kaaba) চুই ‘লাব্বাইক আল্লাহুম্মা লাববাইক’ৰ গীত শুনিলোঁ, তেতিয়া মই নিশ্চিত হ’লোঁ যে আল্লাহে মোক তেওঁৰ ঘৰলৈ মাতিছে। মোৰ দৃষ্টি নাই যদিও আল্লাহে মোক ধাৰলৈ দিছে যেন অনুভৱ হয়। কাৰণ, তেওঁ মোক হজ কৰাৰ সুযোগ দিছে, কাবা স্পৰ্শ কৰাৰ ভাগ্য দিছে।”
 
স্বামী আৰু দুই কন্যাৰ সৈতে জাভিয়া মহম্মদ
 
উল্লেখ্য যে, ১৯৮৬ চনত বিবাহৰ পিছত ১৯৮৭ চনত গৰ্ভৱতী হোৱাৰ লগে লগে জাভিয়াৰ গ্ল’ক’মা তীব্ৰতৰ হৈ পৰিছিল। চিকিৎসকে তেওঁৰ দৃষ্টিশক্তি ৰক্ষাৰ বাবে তৎক্ষণাত অস্ত্ৰোপচাৰ আৰু গৰ্ভপাতৰ পৰামৰ্শ দিয়ে। কিন্তু তেওঁ আল্লাহৰ ওপৰত ভৰসা ৰাখি অস্ত্ৰোপচাৰ নকৰাকৈয়ে সন্তান জন্ম দিয়াৰ সিদ্ধান্ত লয়।
 
তেওঁ ১৯৮৮ চনৰ ৬ মে’ত এটি পুত্ৰ সন্তান জন্ম দিয়ে। ইয়াৰ লগে লগে তেওঁ চিৰদিনৰ বাবে দৃষ্টিশক্তি হেৰুৱাই পেলালে। কিন্তু তেওঁ মাতৃ হোৱাৰ প্ৰকৃত আনন্দ বিচাৰি পালে। এই হজ তীৰ্থযাত্ৰাত জাভিয়াৰ সৈতে আছে তেওঁৰ স্বামী মহম্মদ ইছা ইয়াকুব (৬২) আৰু তেওঁলোকৰ দুগৰাকী কন্যা নূৰ ছালেহা (৩৬) আৰু ফাইজাহ ছুৱেদা (২৫)।
 
নাৰ্চিঙৰ ছাত্ৰী নূৰ ছালেহাই সাময়িকভাৱে পঢ়া-শুনা স্থগিত ৰাখিছে যাতে তেওঁ মাকৰ সৈতে মক্কালৈ আহি তেওঁৰ সম্পূৰ্ণ যত্ন ল’ব পাৰে। তেওঁ কয়, “মাই আমাক কেতিয়াও দেখা নাই, কিন্তু তেওঁ আমাক ভালপোৱা, লালন-পালন কৰা, শিকোৱা আৰু আল্লাহৰ সৈতে সংযোগ কৰাত কেতিয়াও কৃপণালি কৰা নাই। আজি হজ কৰাৰ সময়ত আমি প্ৰাৰ্থনা কৰিছো যে আল্লাহে মাৰ দৃষ্টিশক্তি ঘূৰাই দিয়ক।”
 
এতিয়ালৈকে পৰিয়ালৰ সহায়ত জাভিয়াই তাৱাফ আৰু অন্যান্য প্ৰয়োজনীয় ইবাদতসমূহ সম্পূৰ্ণ কৰিছে। তেওঁ এতিয়া আৰাফাত, মুজদালিফা আৰু মিনালৈ ৰাওনা হৈছে, যাক মাছিৰ বুলিও কোৱা হয়। এয়া হজযাত্ৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ধৰ্মীয় স্থান।
 
তেওঁৰ প্ৰতিটো খোজতে শাৰীৰিক সুস্থতাৰ প্ৰমাণ পোৱা যায়, আৰু তেওঁৰ এই যাত্ৰা লাখ লাখ তীৰ্থযাত্ৰীৰ বাবে এক আদৰ্শ হৈ পৰিছে। “আল্লাহে ইচ্ছা কৰিলে মই দৃষ্টিশক্তি ঘূৰাই পাব পাৰো,” তেওঁ কয়। জাভিয়াই এতিয়াও আশাৰ আশ্ৰয় লৈ আছে। “আল্লাহে ইচ্ছা কৰিলে মই আকৌ দেখা পাম। কিন্তু এই অন্ধতা যদি মোৰ বাবে ভাল হয়, তেন্তে মই ইয়াক আল্লাহৰ পৰা ৰহাব বুলি গণ্য কৰোঁ।"-মহিলাগৰাকীয়ে কয়।

জাভিয়া মহম্মদৰ কাহিনী কেৱল এগৰাকী মহিলাৰ ব্যক্তিগত জয় নহয়, ই ধৰ্মীয় বিশ্বাস, অধ্যৱসায় আৰু দৃঢ়তাৰ কাহিনী যিয়ে মানুহক আন্ধাৰৰ পৰা ঈশ্বৰৰ পোহৰলৈ লৈ যাব পাৰে। তেওঁৰ উপস্থিতিয়ে মক্কাত তীৰ্থযাত্ৰীসকলৰ হৃদয় চুই গৈছে। কোনোবাই প্ৰাৰ্থনাত তেওঁক স্মৰণ কৰি আছে, কোনোবাই তেওঁৰ সাহসত অনুপ্ৰাণিত হৈছে।
 
এই পবিত্ৰ যাত্ৰাক লৈ জাভিয়াৰ এটাই প্ৰাৰ্থনা আছে-“আল্লাহে মোৰ প্ৰাৰ্থনা গ্ৰহণ কৰক। যদি মোৰ চকু মেল নাখায়, তেন্তে মোৰ হৃদয়ৰ পোহৰ কেতিয়াও যেন ম্লান নহয়।” জাভিয়া মহম্মদৰ হজযাত্ৰাই আমাক এই কথা শিকাইছে যে যেতিয়া আল্লাহৰ ওপৰত সাহস, স্পষ্ট নিয়ত আৰু বিশ্বাস থাকে-তেতিয়া আন্ধাৰো পোহৰৰ এক পথ হৈ পৰে।