'উত্তৰ-পূবৰ সৰ্বাধিক বিশিষ্ট ব্যক্তিগত বিশ্ববিদ্যালয়' সন্মান লাভ ৰয়েল গ্লোবেল ইউনিভাৰ্ছিটিৰ

Story by  atv | Posted by  Munni Begum • 3 d ago
মন্ত্ৰী পিজুষ হাজৰিকা আৰু লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত)  ৰাণা প্ৰতাপ কলিতাই প্ৰদান কৰা বঁটা গ্ৰহণ আৰ জি ইউৰ জনসংযোগ বিষয়া ড০ ৰাণী পাঠক দাসৰ
মন্ত্ৰী পিজুষ হাজৰিকা আৰু লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) ৰাণা প্ৰতাপ কলিতাই প্ৰদান কৰা বঁটা গ্ৰহণ আৰ জি ইউৰ জনসংযোগ বিষয়া ড০ ৰাণী পাঠক দাসৰ
 
গুৱাহাটী 
 
উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে নিউজ ১৮ অসম নৰ্থ ইষ্টৰ উদ্যোগত লায়ন্স ক্লাবৰ সহযোগত আয়োজন কৰা সন্মানীয় শিক্ষা বিশিষ্ট বঁটা ২০২৫ত অসম ৰয়েল গ্ল'বেল ইনিভাৰ্চিটিক  'উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাধিক বিশিষ্ট ব্যক্তিগত বিশ্ববিদ্যালয়' বঁটা প্ৰদান কৰা হৈছে। 
 
অসম চৰকাৰৰ তথ্য, জনসংযোগ,  সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী পিজুষ হাজৰিকা আৰু লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত)  ৰাণা প্ৰতাপ কলিতাই কালি সন্ধিয়া মহানগৰীত বিশিষ্ট ব্যক্তি আৰু অংশগ্ৰহণকাৰীৰ উপস্থিতিত এই বঁটা প্ৰদান কৰে। বিশ্ববিদ্যালয়ৰ হৈ এই বঁটা গ্ৰহণ কৰে আৰ জি ইউৰ জনসংযোগ বিষয়া ড০ ৰাণী পাঠক দাসে। 
 
এই প্ৰেক্ষাপটত আচাৰ্য ড° এ কে পানছাৰীয়ে কয়,  "আৰ জি ইউয়ে নিশ্চিত কৰে যে, ইয়াৰ ছাত্ৰ-ছাত্ৰীসকল সকলো ক্ষেত্ৰতে উদ্যোগ প্ৰস্তুত ব্যক্তিলৈ ৰূপান্তৰিত হয়  আৰু নেতৃত্বৰ দায়িত্ব ল’বলৈ সু-সজ্জিত হয়।" 
 
তেওঁ লগতে কয় যে, শৈক্ষিক আৰু সহপাঠ্যক্ৰম উভয় ক্ষেত্ৰতে বিশ্ববিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীক সহায় কৰে আৰু বিভিন্ন বৃত্তি যেনে অন-এডমিছন মেৰিট বৃত্তি, ছেমিষ্টাৰ ট'পাৰক মাহেকীয়া বৃত্তি, আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীলৈ অন-এডমিছন বৃত্তি,  উত্তৰ-পূবৰ অনগ্ৰসৰ সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীক বৃত্তি প্ৰদান কৰে।  
 
বিশ্ববিদ্যালয়খনে ছৈবিশখন বিদ্যালয়, বিশ্বমানৰ আন্তঃগাঁথনি, শক্তিশালী বৃত্তি কাৰ্যসূচী, গৱেষণা আৰু উদ্ভাৱন, বিশ্বব্যাপী সহযোগিতা আৰু ক্ৰীড়া, সাংস্কৃতিক অনুষ্ঠান  আৰু সম্প্ৰদায়ৰ প্ৰচাৰত সক্ৰিয় অংশ গ্ৰহণৰ বাবে গৌৰৱ কৰে। এই প্ৰচেষ্টাসমূহৰ পৰিপূৰক হৈছে ইয়াৰ উল্লেখযোগ্য গৱেষণামূলক অৱদান আৰু বিশ্বৰ ১৯০ টাতকৈও অধিক আগশাৰীৰ শৈক্ষিক আৰু ঔদ্যোগিক সংস্থাৰ সৈতে ব্যাপক সহযোগিতা। 
 
এই উপলক্ষে ড০ ৰাণী পাঠক দাসে আয়োজকসকলক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে বিশ্ববিদ্যালয়খনৰ প্ৰভাৱশালী যাত্ৰা আৰু ভৱিষ্যতৰ আকাংক্ষাৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰে।
 
তেওঁ কয়, "এই সন্মান আমাৰ বিশিষ্ট অধ্যাপকসকল, প্ৰশাসনিক বিষয়া, আমাৰ পৰিশ্ৰমী ছাত্ৰ-ছাত্ৰী আৰু বিশ্ববিদ্যালয়খনক ভৱিষ্যতৰ নেতা আৰু পৰিৱৰ্তনকাৰীৰ বাবে লালন- পালন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ অক্লান্তভাৱে কাম কৰা সকলো অংশীদাৰৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি।"