মনছুৰুদ্দিন ফৰিদী / নতুন দিল্লী
গৰুক ভালপাবলৈ বা সন্মান কৰিবলৈ হিন্দু হোৱাৰ প্ৰয়োজন নাই। এই ক্ষেত্ৰত ধৰ্ম বাধা হ'ব নোৱাৰে। মানুহৰ লগতে জীৱ-জন্তুৰ অধিকাৰৰ ক্ষেত্ৰত আমাৰ ধৰ্মইও স্পষ্ট নিৰ্দেশনা দিছে--এই মতামত আগবঢ়াইছে উত্তৰ প্ৰদেশৰ বুলন্দশ্বহৰ জিলাত অৱস্থিত ‘মধুসুদন গৌশালা’ৰ পৰিচালক বাব্বন মিঞা ওৰফে জুবাইদুৰ ৰহমানে।
বাব্বান মিঞাই কয়, “গৰুৰ সৈতে মোৰ সম্পৰ্ক মাৰ পৰা উত্তৰাধিকাৰী সূত্ৰে পাইছিলোঁ, মায়ে গৰুক বৰ ভাল পাইছিল, তেওঁ নিজেই গৰু পালন কৰিছিল আৰু তাৰ যত্ন লৈছিল। মাৰ মৃত্যুৰ সময়ত মই তেওঁৰ সপোনবোৰ আগুৱাই নিয়াৰ সিদ্ধান্ত লৈ এটা গৌশালা স্থাপন কৰিলোঁ, যাৰ নাম আছিল ‘মধুসুদন গৌশালা’। এই নামটো ভ্ৰাতৃত্ববোধ আৰু গংগা-জামুনি তেহজীবৰ নিদৰ্শন ভগৱান শ্ৰীকৃষ্ণৰ নামেৰে ৰখা হৈছিল।”
বাব্বন মিঞাই নিজৰ গৌশালাৰ গৰুৰ পোৱালিক আহাৰ খুওৱা এক দৃশ্য
তেওঁ পুনৰ কয়, “এই পৰম্পৰা আমাৰ পৰিয়ালত যোৱা পঞ্চাশ বছৰ ধৰি চলি আহিছে। গৰুৰ প্ৰতি মোৰ মাৰ আৱেগ আৰু অনুভূতিয়ে মোক এজন গোপালক কৰি তুলিছিল।”
উল্লেখ্য যে, এই গৌশালা বুলন্দচহৰৰ চন্দিয়ানা গাঁৱত অৱস্থিত, যিখন পাঠানসকলৰ ১২টা বসতি (বৰাহ বাছি)ৰ ভিতৰত অন্যতম। এই গাঁওখন বুলন্দচহৰৰ স্যানা তহচিলত পৰে। কোৱা হয় যে শ্বেৰ শ্বাহ ছুৰীৰ দিনত (ষোড়শ শতিকা) কিছুমান পাঠান পৰিয়াল ইছা খান নিয়াজীৰ সৈতে ভাৰতলৈ আহি ইয়াত বসতি স্থাপন কৰিছিল। আজিও এই গাঁওখন পাঠানসকলৰ ঐতিহাসিক বসতি হিচাপে স্বীকৃতি লাভ কৰিছে।
বব্বন মিঞাই নিজৰ গোহালিত গৰুক আহাৰ খুৱাই থকা এক দৃশ্য
বাব্বন মিঞাই কয়, “আমি গৌশালাটোৰ নাম ভগৱান শ্ৰীকৃষ্ণৰ নামেৰে ‘মধুসুদন’ ৰাখিছিলোঁ, কাৰণ এই নামটো সাম্প্ৰদায়িক সম্প্ৰীতি, ভাতৃত্ববোধ আৰু ভাৰতৰ উমৈহতীয়া সংস্কৃতিৰ প্ৰতীক। ইয়াৰ দ্বাৰা এখন মহান ভাৰতৰ মহান ছবিও প্ৰতিফলিত হৈছে।”
তেওঁ কয়, “আমাৰ পৰিয়ালটোৰ কৃষিভূমি আৰু আমৰ বাগিচা আছে, লগতে দিল্লীত ৰিয়েল এষ্টেটৰ ব্যৱসায়ো আছে। কিন্তু ‘মধুসুদন গৌশালা’ৰ পৰা আমি যি স্বীকৃতি, সন্মান আৰু আত্মসন্তুষ্টি লাভ কৰিলোঁ, সেয়া বৰ্ণনা কৰিব নোৱাৰা। এতিয়া এই কাম আমাৰ সমগ্ৰ পৰিয়ালৰ পৰিচয় হৈ পৰিছে।”
মধুসুদন গৌশালাত বাব্বন মিঞা
বাব্বন মিঞাই কয় যে গাঁওখনত আৰম্ভণিৰে পৰাই ভাতৃত্ববোধৰ পৰিবেশ বিৰাজ কৰি আহিছে আৰু আমাৰ গৌশালাই এই সম্প্ৰীতি সুদৃঢ় কৰি তুলিছে। আজি ‘মধুসুদন গৌশালা’ৰ খ্যাতি বহু দূৰলৈ বিয়পি পৰিছে। ৰাজনীতিবিদ, সমাজকৰ্মী আৰু চলচ্চিত্ৰ ব্যক্তিসকলো ইয়াৰ দ্বাৰা আপ্লুত হৈছে।
চলচ্চিত্ৰ অভিনেতা ৰাজা মুৰাড, জনপ্ৰিয় টিভি ধাৰাবাহিক ‘ভাভিজী ঘৰ পৰ হায়’ৰ টীম, বিখ্যাত মল্লযুঁজাৰু সুশীল কুমাৰ, বক্সাৰ সংগ্ৰাম সিং আদিৰ দৰে বহু জনপ্ৰিয় ব্যক্তিয়ে এই গৌশালা পৰিদৰ্শন কৰিছে। গৌশালাৰ এক অনুষ্ঠানত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱট, মানেকা গান্ধী, গায়িকা অনুৰাধা পড়ৱাল আৰু সংগ্ৰাম সিঙে অংশগ্ৰহণ কৰে।
আৰিফ মহম্মদ খানৰ পৰা 'ভাৰত ফৌৰৱ বঁটা ২০২১' লাভ কৰিছে বাব্বন মিঞাই
বাব্বন মিঞাই কয়, "ভাৰতৰ গংগা-জামুনি তহজীব আমাৰ সাংস্কৃতিক ঐতিহ্য, যাৰ বাবে আমি গৌৰৱান্বিত। এই তেহজীবে দেশৰ সৌন্দৰ্য্য প্ৰতিফলিত কৰে আৰু ই আমাৰ আটাইতকৈ ডাঙৰ সাংস্কৃতিক সম্পদ। ইয়াৰ বাবে আমি গৌৰৱ কৰি ক'ব পাৰো-'ছাৰে জাহান ছে আচ্ছা হিন্দুস্তান হামাৰা।"
বাব্বন মিঞাই লগতে কয়, “আমি এই কামৰ বাবে কোনো এন জি অ’ৰ সহায় লোৱা নাছিলো, চৰকাৰী সহায়ৰ আশাও কৰা নাছিলো, এই সেৱা আমাৰ বাবে আটাইতকৈ ডাঙৰ সম্পদ। এই উদাৰ কামৰ বিনিময়ত আল্লাহে আমাক ইমানেই মৰম দিছে যে এতিয়া আমাক কোনো সহায়ৰ প্ৰয়োজন নাই। আমি অনুভৱ কৰোঁ যে আল্লাহে আমাক এই উদাৰ কামৰ বাবে বাছি লৈছে আৰু আমি সম্পূৰ্ণ ভক্তিৰে কৰি আছো।”
মধুসুধন গৌশালা
তেওঁ কয়, “আমাৰ বাবে এই কাম কেৱল সেৱা নহয়, বৰঞ্চ আমাৰ সংস্কৃতিক জীয়াই ৰখাৰ এক মাধ্যম। আৰু সংস্কৃতি ৰক্ষা কৰাটো যিকোনো অৰ্থনৈতিক লাভতকৈ অধিক গুৰুত্বপূৰ্ণ আৰু পবিত্ৰ কাম।”
বাব্বন মিঞাৰ কাহিনী কেৱল ধৰ্মীয় সমন্বয়ৰ নিদৰ্শন নহয়, বৰঞ্চ ইয়াৰ পৰাই বুজা যায় যে ভাৰতৰ মাটিত প্ৰেম, সেৱা আৰু সন্মানৰ জৰিয়তে ধৰ্মৰ দেৱাল ভাঙি পেলোৱাৰ ক্ষমতা আছে। আজি মধুসুধন গৌশালা কেৱল বুলন্দচহৰৰ নহয়, সমগ্ৰ ভাৰতৰ গৌৰৱময় ছবি হৈ পৰিছে।