স্বপ্না দাস
'Heart Lamp' শীৰ্ষক গল্প সংকলনে লাভ কৰিছে এই বছৰৰ আন্তৰ্জাতিক বুকাৰ পুৰস্কাৰ। ১৯৯০ চনৰ পৰা ২০২৩ বৰ্ষলৈ সুদীৰ্ঘ তিনিটা দশকৰ ভিতৰত বানু মুস্তাকে ৰচনা কৰা গল্পসমূহৰ মাজৰ পৰা নিৰ্বাচিত এডজন গল্প সন্নিৱিষ্ট কৰি প্ৰকাশিত 'Heart Lamp' শীৰ্ষকেৰে কানাড়া ভাষাৰ পৰা দীপা ভাস্থীৰ দ্বাৰা ইংৰাজীলৈ অনূদিত গল্প সংকলনখনত সমাজৰ তথাকথিত পৰিসীমা, জাতিবাদ, অধিকাৰ, ধৰ্মীয় উৎপীড়ন আদিৰ মাজেৰে অতিবাহিত কৰিবলগীয়া হোৱা দৈনন্দিন জীৱনৰ নিষ্ঠুৰতাবোৰক নীৰৱে সহি যোৱা একাংশ ইছলাম ধৰ্মাৱলম্বী নাৰীৰ জীৱনক চিত্ৰিত কৰা হৈছে।
মুস্তাকৰ গল্পই কানাড়া ভাষাৰ পঢ়ুৱৈৰ মন জয় কৰাৰ সমান্তৰালকৈ সেইবোৰৰ মাজৰ নিৰ্বাচিত ১২টা গল্প দীপা ভাস্থীয়ে 'Heart Lamp' শীৰ্ষকেৰে ইংৰাজীলৈ অনুবাদ কৰাত গল্প সংকলনখনে বিশ্ববাসীকো ইয়াৰ কাহিনীভাগ পঢ়িবলৈ সুযোগ দিয়ে। এনেদৰেই সমগ্ৰ বিশ্বৰ অজস্ৰ পঢ়ুৱৈৰ হৃদয় স্পৰ্শ কৰা এডজন গল্প সন্নিবিষ্ট 'Heart Lamp' শীৰ্ষক সংকলনখনত বাৰটা গল্প--- ক্ৰমে 'Stone Slabs for Shaista Mahal', 'Fire Rain', 'Black Cobras', 'A Decision of the Heart', 'Red Lungi', 'Heart Lamp', 'High-Heeled Shoe', 'Soft Whispers', 'A Taste of Heaven', 'The Shroud', 'The Arabic Teacher and Gobi Manchuri' আৰু 'Be a Woman Once, Oh Lord!' সন্নিৱিষ্ট হৈছে।
বাৰটা ভিন্ন শীৰ্ষকৰ গল্প সন্নিবিষ্ট গল্প সংকলন 'Heart Lamp'লৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ 'ইণ্টাৰনেচনেল বুকাৰ প্ৰাইজ' সন্মান। কানাড়া ভাষাৰ সাহিত্যৰ লগতে ভাৰতৰ সাহিত্য ক্ষেত্ৰৰ বাবে এয়া গৌৰৱৰ বতৰা। উল্লেখ্য যে, বানু মুস্তাকে ত্ৰিছ বছৰ ধৰি লিখা গল্পসমূহৰ মাজৰ মুঠ ছখন সংকলনৰ পৰা পোনতে ৫০টা আৰু পাছলৈ তাৰ মাজৰ পৰা ১২টা গল্প পুনৰ নিৰ্বাচন কৰি 'Heart Lamp' সংকলনখনি প্ৰকাশ কৰা হয়। এইসমূহ গল্প নিৰ্বাচনত বানু মুস্তাক আৰু দীপা ভাস্থীয়ে পৰস্পৰৰ আগ্ৰহক গুৰুত্ব দি গল্পবোৰ নিৰ্বাচন কৰিছিল।
দীপা ভাস্থী
বানু মুস্তাক ৰচিত সমাদৃত গল্পবোৰৰ এডজন দীপা ভাস্থীয়ে ইংৰাজীলৈ অনুবাদ কৰাত ২০২৫ চনৰ ১৫ এপ্ৰিলত আগশাৰীৰ প্ৰকাশক 'পেংগুইন'-এ প্ৰকাশ কৰি উলিয়ায়। এইগৰাকী সাহিত্যিকে কৰা অনুবাদৰ জড়িয়তে মুস্তাকৰ গল্পবোৰ কেৱল কানাড়া ভাষাৰ পঢ়ুৱৈৰ মাজতে সীমাবদ্ধ নাথাকি কিতাপখনত সন্নিৱিষ্ট প্ৰতিটো গল্প আৰু ইয়াৰ অন্তৰ্নিহিত বাৰ্তা সমগ্ৰ বিশ্ববাসীয়ে পঢ়াৰ সুবিধাকণ কৰি দিয়ে অত্যুৎসাহী অনুবাদক দীপা ভাস্থীয়ে, যাৰ বাবে আজি সমগ্ৰ বিশ্বৰ পঢ়ুৱৈসকলৰ হৃদয় স্পর্শ কৰাৰ লগতে সন্মানীয় আন্তৰ্জাতিক বুকাৰ পুৰস্কাৰ লাভ কৰিবলৈ 'Heart Lamp' সক্ষম হৈছে।
সাহিত্যৰ জগতৰ সৰ্বশ্ৰেষ্ঠ সন্মানসমূহৰ মাজৰ অন্যতম এটা হিচাপে বিবেচিত এই সন্মান প্ৰাপ্তিৰ লগে লগে 'Heart Lamp'ৰ মূল স্ৰষ্টা বানু মুস্তাক বুকাৰ পুৰস্কাৰ লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা হোৱাৰ উপৰি 'Heart Lamp' কানাড়া মূলৰ পৰা অনূদিত প্ৰথমখন গল্প সংকলন হিচাপে পৰিচিত হয়। ইয়াৰ উপৰি 'ইন্টাৰনেছনেল বুকাৰ প্ৰাইজ' লাভ কৰা দীপা ভাস্থী হৈছে ভাৰতৰ প্ৰথমগৰাকী ইংৰাজী অনুবাদক। এইবোৰৰ উপৰি ভাৰতীয় সাহিত্য জগতৰ বাবে আটাইতকৈ গৌৰৱৰ কথা এয়াও যে 'Heart Lamp' বিশ্ববিখ্যাত আন্তৰ্জাতিক বুকাৰ পুৰস্কাৰ লাভ কৰা প্ৰথমখন গল্প সংকলন।
অতি সন্মানীয় বুকাৰ পুৰস্কাৰ লাভ কৰি ভাৰতক গৌৰাৱান্বিত কৰা বানু মুস্তাক দক্ষিণ কৰ্ণাটক ৰাজ্যৰ এগৰাকী ভাৰতীয় সাহিত্যিক। তেওঁ এগৰাকী সক্ৰিয় সমাজকৰ্মী হোৱাৰ লগতে পেছাত অধিবক্তা। লিখা-মেলা কৰাৰ হেঁপাহ শৈশৱৰে পৰা বুকুত কঢ়িয়াই ফুৰা বানু মুস্তাকে পিছে মাতৃত্ব লাভৰ পাছত তেওঁৰ জীৱনলৈ অহা বিষণ্ণতাময় সময়ৰ পৰাহে নিজৰ অনুভৱ আৰু অভিজ্ঞতাক লিখিত ৰূপ দিবলৈ প্ৰথমতে কলমৰ সহায় লৈছিল। ১৯৪৮ চনত জন্ম লাভ কৰি জীৱনৰ ২৯টা বসন্ত পাৰ কৰাৰ পাছত লিখিবলৈ আৰম্ভ কৰা বানু মুস্তাকৰ কলমেৰে এতিয়ালৈকে সৃষ্টি হোৱা ছখন চুটিগল্প সংকলন, এখন উপন্যাস, এখন ৰচনা সংকলন আৰু এখন কবিতা সংকলনৰ প্ৰায় আটাইকেইখনে পঢ়ুৱৈৰ সমাদৰ লাভ কৰিছে।
দক্ষিণ ভাৰতীয় মূলৰ ইছলাম ধৰ্মাৱলম্বী মহিলাৰ অধিকাৰৰ লগতে জাতি আৰু ধৰ্মীয় অন্যায়ৰ প্ৰতিৰোধৰ উদ্দেশ্যক গুৰুত্ব আৰোপ কৰি প্ৰধানকৈ নাৰীকেন্দ্ৰিক বিষয়ত লিখি ভালপোৱা এইগৰাকী বিশিষ্ট সাহিত্যিকৰ ৰচনাসমূহ উৰ্দু, হিন্দী, তামিল, মালয়ালম আৰু শেহতীয়াকৈ ইংৰাজী ভাষালৈ অনূদিত হৈছে। মুস্তাকে স্পষ্ট ভাষাৰে ক'ব বিচাৰে যে ভাৰতীয় মহিলাসকলক পুৰুষতান্ত্ৰিক সমাজখনে একপ্ৰকাৰ পুতলাৰ দৰে ব্যৱহাৰ কৰে। ধৰ্ম, পৰম্পৰা, সমাজ, সম্পৰ্ক, চৰিত্ৰ, পৰিবেশ, ঘৰ-পৰিয়াল ইত্যাদিৰ দোহাই দি কেৱল সকলো দিশৰ পৰা এডাল নিষেধাজ্ঞাৰ ৰেখা অংকন কৰি যেন এটা বৃহৎ বৃত্তৰ ভিতৰত ৰাখিব বিচাৰে মহিলাক।
মুস্তাকৰ মতে একপ্ৰকাৰ বিভিন্ন নৈতিক যুক্তিৰে সেই বৃত্তৰ ভিতৰত আবদ্ধ হৈ থাকিবলৈ বাধ্য কৰোৱা হয় বিশেষকৈ ইছলাম ধৰ্মীয় নাৰীসকলক। কিন্তু কেৱল জানো এটা সম্প্ৰদায়ৰ নাৰীয়েই এই বৃত্তৰ বাসিন্দা? আমি নিজকে সুধিলেই নিশ্চয় ইয়াৰ উত্তৰ স্পষ্টকৈ পাম। কেতিয়াবা জানো নাৰীয়ে কি ভালপায়, কেনেকৈ থাকিব বিচাৰে, সপোন কি আদি অন্তঃকৰণে জানিব বিচাৰে নাৰীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত পুৰুষ সমাজৰ একাংশই? বিজ্ঞান আৰু প্ৰযুক্তিয়ে আকাশ অতিক্ৰম কৰি অন্য গ্ৰহত ঘৰ সজাৰ পৰিকল্পনা কৰাৰ এই সময়তো কিন্তু বহু নাৰীয়ে নিজৰ সপোন, ইচ্ছা-অনিচ্ছাক মষিমূৰ কৰাৰ লগতে আনকি অস্তিত্ব প্ৰতিপন্ন কৰিবলৈ যুগে যুগে যুঁজিয়েই আহিছে।
সমগ্ৰ বিশ্বতে পৰিচিত বানু মুস্তাকৰ জীৱন কাহিনীও বহু ক্ষেত্ৰত ব্যতিক্ৰম নহয়। তেওঁ বাস কৰি অহা ঠাইখনৰ অনেক মহিলাৰ জীৱনৰ কাহিনীও ব্যতিক্ৰম নহয়। সেই কাহিনীবোৰকে গল্পৰ মাধ্যমত তুলি ধৰি অনেকৰ হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হোৱা বানু মুস্তাকে ২০০৩ চনত লিখা 'কাৰি নাগাৰগালু' (এই গল্পটো 'Heart Lamp'ত 'Black Cobras' শীৰ্ষকেৰে অন্তৰ্ভুক্ত কৰা হৈছে) শীৰ্ষক গল্পৰ আধাৰত 'হাছিনা' নামৰ এখন চলচ্চিত্ৰও নিৰ্মাণ কৰা হৈছিল, যিখন চিনেমাই এতিয়ালৈকে তিনিটাকৈ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। আনহাতে, 'Heart Lamp' হৈছে ইংৰাজীলৈ অনুবাদ হোৱা মুস্তাকৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ কিতাপ, যিখন গল্পসংকলনে ২০২৫ বৰ্ষৰ মে' মাহৰ ২০ তাৰিখে ঘোষিত আন্তৰ্জাতিক বুকাৰ পুৰস্কাৰ লাভ কৰে।
তেওঁ এতিয়ালৈকে লিখা ছখন গল্প সংকলন ক্ৰমে 'হেজ্জে মুদিদা হাদি' (১৯৯০), 'বেংকি মালে' (১৯৯৯), 'এডেয়া হানাটে' (২০০৪), 'ছাফিৰা' (২০০৬), 'হাছিনা মাট্টু ইতাৰা কাথেগালু' (২০১৫) আৰু'হেন্নু হাদ্দিনা স্বয়ংভাৰা' (২০২২)। উল্লেখ্য যে 'Heart Lamp'ৰ পূৰ্বে মুস্তাকৰ গল্পৰ অনুবাদ সংকলন 'Haseena and Other Stories'-এ ২০২৪ চনত ইংৰাজী পেন অনুবাদ বঁটা লাভ কৰিছিল।
বানু মুস্তাক মাথোন এগৰাকী লেখকে নহয়, তেওঁ এগৰাকী নির্ভীক সমাজকৰ্মীও। ১৯৮০ চনৰ পৰাই তেওঁ ইছলাম ধৰ্মীয় মহিলাৰ অধিকাৰৰ হকে আৰু অন্যায়ৰ বিৰোধিতাৰে বিভিন্ন আন্দোলনমুখী কাৰ্যত সক্ৰিয়তাৰে আগভাগ লৈ আহিছে। আনকি ২০০০ চনত মছজিদৰ ভিতৰত মহিলাক প্ৰৱেশ কৰি নামাজ পঢ়াৰ অধিকাৰৰ বাবে অনুমতি বিচৰাত তেওঁৰ লগতে পৰিয়ালৰ লোকসকলক ইছলাম ধৰ্মীয় সমাজে তিনি মাহৰ বাবে সমাজৰ পৰা বহিস্কাৰো কৰিছিল। আনকি এইবাবেই তেওঁক ফটোৱা জাৰি কৰিছিল আৰু শত্ৰুৰ দ্বাৰা চুৰিকাঘাত কৰি হত্যাৰ চেষ্টাও কৰা হৈছিল। কিন্তু ইমানৰ পিছতো তেওঁৰ কণ্ঠ আৰু কলম স্তব্ধ হোৱা নাই।
"পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থা আৰু প্ৰতিৰোধৰ অসাধাৰণ বিৱৰণী সন্নিবিষ্ট কৰা হৈছে" বুলি 'Heart Lamp' সম্পৰ্কে মতপোষণ কৰি বুকাৰ ইণ্টাৰনেশ্যনেলৰ অধ্যক্ষ মেক্স পৰ্টাৰে এই গল্প সংকলনখনৰ প্ৰতিটো গল্পৰ কাহিনীভাগৰ মাজেৰে নাৰীৰ বাবে মুক্তিৰ স্বপ্নিল প্ৰত্যাশা কঢ়িওৱা ভিন্ন চৰিত্ৰৰ অৱলোকন কৰিছে--- প্ৰধানকৈ দৈনন্দিন জীৱনত নাৰীসকলে সন্মুখীন হোৱা দুঃসহ জীৱন পৰিক্ৰমাৰ জীৱন্ত বিৱৰণ প্ৰকাশ পাইছে বুলিও কয়। বুকাৰ পুৰস্কাৰৰ নিয়মানুসৰি কিতাপ এখন এই পুৰস্কাৰৰ বাবে মনোনীত হ'বলৈ হ'লে কিতাপখন যি ভাষাতেই ৰচিত নহওক কিয় সেইখন ইংৰাজী ভাষাত অনুবাদ হোৱাটো বাঞ্চনীয়।
দীপা ভাস্থীয়ে এই কাম কৰি 'Heart Lamp'ৰ জড়িয়তে বানু মুস্তাকৰ বুকাৰ প্ৰাপ্তিৰ পথ প্ৰশস্ত কৰে। উল্লেখ্য যে দক্ষিণ ভাৰতৰ কোডাগুত বাস কৰা লেখিকা তথা সাহিত্য অনুবাদক দীপা ভাস্থীয়ে মূল কানাড়া ভাষাত মুস্তাক ৰচিত ১২টা গল্প ইংৰাজীলৈ অনুবাদ কৰাত 'পেংগুইন'ৰ দ্বাৰা 'Heart Lamp' শিৰোনামেৰে প্ৰকাশ পোৱাৰ পৰৱৰ্তী সময়ত গ্ৰন্থখনে ২০২৫ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ পুৰস্কাৰ লাভ কৰে। সংশ্লিষ্ট আন্তৰ্জাতিক পুৰস্কাৰটোৰ ইতিহাসৰ প্ৰথমখন চুটিগল্প সংকলন হিচাপে। দীপা ভাস্থীৰ স্তম্ভলেখা, প্ৰবন্ধ, সাংস্কৃতিক সমালোচনা, ৰাজনৈতিক লেখা আদি ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰকাশ পাইছে।
ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চল্লিছতকৈও অধিক কাকত-আলোচনী আৰু গ্ৰন্থৰ অধ্যায়ত তেওঁৰ সৃষ্টিৰাজী প্ৰকাশ পাইছে। কানাড়া ভাষাৰ পৰা তেওঁ কৰা অনুবাদ কৰ্সসমূহৰ ভিতৰত ড° কোটা শিৱৰামা কৰণথৰ উপন্যাস ‘The Same Village The Same Tree’ অন্যতম, যিখন ২০২২ চনত প্ৰকাশ পাইছিল। কানাড়া ভাষাৰ অন্যতম প্ৰাচীন নাৰীবাদী লেখিকা কোডাগিনা গৌৰাম্মাৰ চুটিগল্প সংকলন দীপা ভাস্থীয়ে অনুবাদ কৰাৰ অন্তত 'Fate's Game and Other Stories' শিৰোনামেৰে ২০২৩ চনৰ জানুৱাৰী মাহত বিশ্বজুৰি প্ৰকাশ পাইছিল। মননশীল অনুবাদেৰে চৰ্চিত দীপা ভাস্থীয়ে ভিজুৱেল আৰ্ট প্ৰজেক্টৰ সৈতেও মাজে-সময়ে জড়িত হোৱাৰ উপৰি তেওঁ এগৰাকী প্ৰগতিশীল কৃষকো। সমাজ, ভাষা, বিজ্ঞান, ভূমি বনাম প্ৰাকৃতিক প্ৰসংগ আৰু খাদ্যৰ ৰাজনীতিৰ সম্পৰ্কত গৱেষণামূলক কৰ্মত আগ্ৰহী ভাস্থীয়ে এই কামতো মনোনিবেশ কৰা দেখা যায়।
আন্তৰ্জাতিক বুকাৰ পুৰস্কাৰনো কি? প্ৰসংগক্ৰমে জানো আহক এই সম্পৰ্কে চমুকৈ। পূৰ্বতে 'মেন বুকাৰ আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ' নামেৰে জনাজাত আন্তৰ্জাতিক বুকাৰ পুৰস্কাৰ হৈছে যুক্তৰাজ্যত আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় সাহিত্য বঁটা, যি সমগ্ৰ বিশ্বৰেই সন্মানীয় সাহিত্য পুৰস্কাৰসমূহৰ মাজৰ অন্যতম এটা হিচাপে পৰিচিত। পূৰ্বতে 'বুকাৰ বঁটা' বুলি জনাজাত মেন বুকাৰ পুৰস্কাৰৰ পৰিপূৰক হিচাপে আন্তৰ্জাতিক বঁটাৰ প্ৰৱৰ্তনৰ কথা ২০০৪ চনৰ জুন মাহত উদ্যোক্তাই ঘোষণা কৰি 'মেন গ্ৰুপ'ৰ পৃষ্ঠপোষকতাতেই ২০০৫ চনৰ পৰা ২০১৫ চনলৈকে ইংৰাজী ভাষাত প্ৰকাশিত বা ইংৰাজীলৈ অনূদিত গ্ৰন্থৰ বাবে জাতিৰ জীৱিত লেখকক প্ৰতি দুবছৰৰ মূৰে মূৰে এই বঁটা প্ৰদান কৰা হৈছিল।
মেন বুকাৰ বঁটা হিচাপে কেৱল কমনৱেলথ, আয়াৰলেণ্ড আৰু জিম্বাব'ৱেৰ লেখকৰ বাবে ই মুকলি আছিল যদিও আন্তৰ্জাতিক বুকাৰ পুৰস্কাৰ হিচাপে আত্মপ্ৰকাশৰ পৰাই অনুবাদককে ধৰি ইংৰাজী ভাষাত যিকোনো স্থানৰ পৰা প্ৰকাশিত গ্ৰন্থৰ বাবে মুকলি কৰা হয়। ২০১৬ চনৰ পৰা এই বঁটা বছৰি ইংৰাজীলৈ অনুবাদ কৰি যুক্তৰাজ্য বা আয়াৰলেণ্ডত প্ৰকাশিত একক কল্পকাহিনী বা চুটিগল্প সংকলনক প্ৰদান কৰা হয় আৰু বিজয়ী শিৰোনামৰ গ্ৰন্থখনিৰ বাবে ৫০,০০০ পাউণ্ড পুৰস্কাৰ হিচাপে আগবঢ়োৱা হয়। অনুবাদৰ ক্ষেত্ৰত এই ধনৰাশি লেখক আৰু অনুবাদকৰ মাজত সমানে ভাগ কৰা হয়। ২০১৯ চনৰ ১ জুনত 'ফাউণ্ডেশ্যন ক্ৰেংকষ্টাৰ্ট'ৰ ছাৰ মাইকেল মৰিটজ আৰু তেওঁৰ পত্নী হেৰিট হেইমেনৰে 'দ্য বুকাৰ প্ৰাইজ'ক সমৰ্থন কৰাত তেতিয়াৰ পৰাই এই পুৰস্কাৰক 'দ্য বুকাৰ প্ৰাইজ' বা 'দ্য ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ' বুলি জনা যায় বুলি জনা যায়। বিশ্ব সাহিত্যৰ উল্লেখযোগ্য সন্মানসমূহৰ মাজৰ অন্যতম এটা এই আন্তৰ্জাতিক বুকাৰ পুৰস্কাৰ।
চিত্ৰশিল্পী আকাংক্ষা ডুৰেজাৰ তুলিকাত 'হাৰ্ট লেম্প', বানু মুস্তাক আৰু দীপা ভাস্থী
সাহিত্যত পঢ়ুৱৈয়ে নিজক বিচাৰি পালে সেই সাহিত্য পঢ়ুৱৈ সমাজৰ মাজত সমাদৃত হয়। কিন্তু কিছুসংখ্যক সাহিত্যতহে অনেকে নিজক বিচাৰি পায়। কেতিয়াবা আকৌ সমাজৰ অনেকৰ প্ৰতিচ্ছবিও সাহিত্যত দেখা পোৱা যায়। তেনে সাহিত্যই অনেক পঢ়ুৱৈৰ হৃদয় স্পৰ্শ কৰাৰ লগতে বহুতৰে হৃদয় আলোকিত কৰিব পৰা এগছি বন্তিৰ নিচিনা হৈ পৰে। তেনে বাস্তৱ জীৱনৰ অনেক উদাহৰণ বানু মুস্তাকৰ গল্পত জীৱন্ত! তেওঁৰ বুকাৰ বিজয়ী সৃষ্টি 'Heart Lamp'ৰ প্ৰতিটো গল্পই বানু মুস্তাকে দক্ষিণ ভাৰতৰ মুছলমান মহিলাৰ জীৱনত দেখিবলৈ পোৱা আৰু নাৰীসকলে সন্মুখীন হোৱা ভিন্ন সমস্যাৰ বিষয়ে বাস্তৱ আৰু কল্পনাৰে লিখা একোখন জীৱন্ত, সুন্দৰ আৰু পৰিষ্কাৰ ছবি।
'Heart Lamp'ত সন্নিৱিষ্ট 'Black Cobras' শিৰোনামৰ গল্পটো আৰু 'Be a Woman Once, Oh Lord!' শীৰ্ষকেৰেগল্প সংকলনখনৰ অন্তিম গল্পটোৱে অগণন পঢ়ুৱৈৰ লগতে সমালোচকৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হয়। ইয়াৰে 'Black Cobras' গল্পটোত এগৰাকী দৰিদ্ৰ মাতৃয়ে নিজৰ অসুস্থ সন্তানৰ বাবে ধন, খাদ্য আৰু ঔষধ যোগান ধৰিবলৈ 'মু-তাৱাল্লী'--- অৰ্থাৎ ধৰ্মীয়ভাৱে দায়িত্বপ্ৰাপ্ত গাঁওৰক্ষীৰ ওচৰলৈ যায়। কিন্তু মহিলাগৰাকীৰ অন্য সংসাৰ পতা গিৰিয়েকৰ বন্ধু সেই মু-তাৱাল্লীজনে মহিলাগৰাকীৰ কথা নুশুনিলে। উপায়হীন হৈ আশ্ৰফা নামৰ মহিলাগৰাকীয়ে নিজৰ সন্তানৰ সৈতে মছজিদৰ বাহিৰত দিন কটাবলৈ লয়। কিন্তু তাতো তেওঁক উদ্দেশি বিভিন্নজনে আগবঢ়োৱা কটু কথাৰ উপৰি শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন হোৱাৰ পিছত এডাল বিষাক্ত ফেঁটী সাপৰ দৰে হৈ পৰে আশ্ৰফা নামৰ মহিলাগৰাকী।
ধৈৰ্যৰ সীমা অতিক্ৰমিলে নাৰীয়ে যে ফেঁটী সাপতো পৰিণত হ'ব পাৰে তাৰেই এক বলিষ্ঠ উদাহৰণ আশ্ৰফা আৰু সেইগাঁৱৰ মহিলাসকলে কোব্ৰাৰ দৰে মু-তাৱাল্লীক দংশন কৰা। এই কাহিনীভাগত আশ্ৰফাৰ হকে সকলোতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে মু-তাৱাল্লীৰ পত্নীয়ে। মু-তাৱাল্লীক ঘৰতে নিজ পত্নীয়ে হত্যা কৰা দেখুওৱা 'Black Cobras' নামৰ গল্পটোৰ জড়িয়তে মুস্তাকে পুৰুষৰ নিষ্ঠুৰতা, পৰম্পৰাগত গাঁৱৰ গাঁথনিৰ অত্যাচাৰ, অবদমিত কাৰ্যকলাপৰ বিৰোধিতাৰ ক্ষেত্ৰত একত্ৰিত মহিলাৰ শক্তিশালী পদক্ষেপ, ক্ৰোধ আদিক সাৱলীলতাৰে সামৰি লৈছে। উল্লেখ্য যে 'Black Cobras' গল্পটো বানু মুস্তাকৰ নিজৰ জীৱনৰ আধাৰত ৰচিত। এই কথা তেওঁ নিজেই স্বীকাৰ কৰিছে। সন্তান প্ৰসৱৰ পাছত তেওঁ পুনৰ পঢ়িব বিচৰা আৰু সাহিত্য চৰ্চা কৰিব বিচৰাৰ পাছতো পৰিয়ালৰ পৰা উপযুক্ত পৰিবেশ নোপোৱাত কিদৰে নিজকে সপোন দিঠক কৰিবলৈ অহোপুৰুষাৰ্থ কৰি আগুৱাই নিছিল সেই কথাও গল্পটোত প্ৰতীকৰূপে প্ৰকাশ কৰা হৈছে বুলি চৰ্চা পৰিলক্ষিত হয়।
'Heart Lamp'ৰ শীৰ্ষক গল্পটোত তিনিটা সন্তানৰ মাতৃ মেহৰুণৰ স্বামীয়ে দ্বিতীয়বাৰৰ বাবে বিয়া কৰোৱাত মেহৰুণে আত্মহত্যাৰ সিদ্ধান্ত লয়। "মেহৰুণৰ হৃদয়ৰ চাকিটো বহু আগতেই নুমাই গৈছিল" বুলি উল্লেখ কৰি গল্পটোত লিখা মতে তেওঁ গাত কেৰাচিন ঢালি আত্মজাহ দিবলৈ সাজু হোৱাত কণমানি কন্যাই অনুৰোধ কৰে সিহঁতক অনাথ নকৰিবলৈ। ধৰ্মীয় আৰু সামাজিক সম্পৰ্কৰ প্রচণ্ড বতাহত মেহৰুণৰ হৃদয় পোহৰাই থকা বন্তি কেতিয়াবাতেই নুমাই যোৱাত মেহৰুণে সকলোপিনে অন্ধকাৰ দেখি এই সিদ্ধান্ত ল'ব বিচাৰে। কিন্তু তাৰ পাছত পোহৰে...। আনহাতে, ধৰ্ম আৰু সামাজিক গাঁথনি মুছলমান মহিলাৰ বাবে অন্যায় বুলি প্ৰতিপন্ন কৰিব বিচাৰে ‘Stone Slabs for Shaista Mahal’ গল্পটোৱে। বিশ্বাস আৰু অমানৱীয়তা ‘Red Lungi' গল্পটোৰ সাৰমৰ্ম, য'ত গ্ৰীষ্মকালীন ছুটীত ১৮টা ল’ৰা-ছোৱালীক চোৱা-চিতা কৰিবলগীয়া হোৱা ৰাজিয়াৰ বাবে ঘৰত শান্তি নিশ্চিত কৰাৰ একমাত্ৰ উপায় হ’ল ল’ৰাকেইটাৰ চুন্নত কৰাৰ কথাৰে কাহিনীক গতি দিয়া হৈছে। গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ পুত্ৰক চুন্নতৰ বাবে পৰিকল্পিত গণ অনুষ্ঠানত আনিবলৈ কোৱা হয়।
আচৰিত কথাটো হ’ল যে পৰম্পৰাগত, পুৰণি পদ্ধতিৰে চুন্নত কৰা দুখীয়া পৰিয়ালৰ ল’ৰাবোৰ সোনকালে সুস্থ হৈ উঠাৰ বিপৰীতে ৰাজিয়াৰ পৰিয়ালৰ ল’ৰাবোৰ সুস্থ হোৱালৈ বেছি সময় লাগিল৷ ৰাজিয়াই তেতিয়া গুণগুণাই কয়, “ধনীসকলক যদি সহায় কৰিবলৈ মানুহ থাকে, তেন্তে দুখীয়াৰ ওচৰত আল্লাহ আছে।" এনেদৰে ‘Red Lungi' গল্পটো শেষ হোৱাৰ বিপৰীতে 'A decision of the Heart' গল্পটোৰ কাহিনীত বিধৱা মাতৃ আৰু পত্নীৰ কাজিয়াত ইউছুফে উপায়ান্তৰ নোপোৱাক কেন্দ্ৰ কৰি মহিলাৰ দৰেই মাজত আবদ্ধ হৈ পৰে পুৰুষেও কেতিয়াবা কষ্ট পোৱা উচিত বুলি প্ৰকাৰান্তৰে ক'ব বিচৰাৰ বিপৰীতে এটি মনোৰঞ্জনমূলক কাহিনী ‘'The Arabic Teacher and Gobi Manchuri' শীৰ্ষক গল্পটো, য'ত এগৰাকী যুৱ শিক্ষকে নিজৰ বাবে উপযুক্ত কইনা বিচাৰি উলিওৱাৰ উদ্দেশ্যে ছোৱালীৰ বাবে আৰবী ক্লাছ পৰিচালনা কৰে, যিয়ে নিজৰ প্ৰিয় খাদ্য ৰান্ধিব জানিব লাগে। তেওঁ নিজৰ ‘সপোনৰ ছোৱালীজনী’ক বিচাৰি উলিয়াবলৈ সফল হয় যদিও বিয়াৰ পিছৰ জীৱনটো ভবা ধৰণৰ নহয়।
'Be a Woman Once, Oh Lord!' গল্পটোত নেদেখাজনক প্ৰশ্ন কৰা আৰু প্ৰত্যাহ্বান জনোৱাৰ উপযুক্ত সিদ্ধান্ত বুলি বাৰ্তা কঢ়িয়াই গল্পটোৰ শেষত নেদেখাজনলৈ নায়িকাই চিঠি লিখিছে এনেদৰে--- "যদি আপুনি পুনৰ পৃথিৱীখন সৃষ্টি কৰিব লাগে, পুনৰ পুৰুষ আৰু নাৰী সৃষ্টি কৰিব লাগে, তেন্তে অনভিজ্ঞ মৃৎশিল্পীৰ দৰে নহ'ব। নাৰী হিচাপে পৃথিৱীলৈ আহক প্ৰভু! এবাৰৰ বাবে নাৰী হওক প্ৰভু!" এনেদৰে নাৰীৰ দুখ-কষ্ট আৰু তেওঁলোকৰ সীমিত বা অপৰ্যাপ্ত সামৰ্থ্য, সম্ভাৱনা আদিক নিজৰ তীক্ষ্ণ পৰ্যবেক্ষণ, আৱেগ, বিদ্ৰুপ আৰু হাস্যৰসেৰে পঢ়ুৱৈৰ মনোগ্ৰাহীকৈ অন্যবোৰৰ দৰেই 'Heart Lamp'ৰো প্ৰতিটো গল্পতে বাস্তৱসন্মতভাৱে বানু মুস্তাকে উপস্থাপন কৰিছে।
'হাৰ্ট লেম্প'ৰ অৰ্থবহ প্ৰচ্ছদ
বানু মুস্তাকৰ গল্পবোৰৰ পৰা নিৰ্বাচিত ১২টাৰ ইংৰাজী অনুবাদেৰে 'Heart Lamp' নামৰ গল্প সংকলনখন প্ৰকাশ হোৱা বাবেই কানাড়া ভাষাৰ গল্পয়ো বিশ্ববিখ্যাত বুকাৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হ'ল যে তাত কোনো সন্দেহ নাই। এইদৰে অনুবাদৰ জড়িয়তে প্ৰান্তীয় সাহিত্যই বিশ্বমুখী বাট বুলিবলৈ আৰম্ভ কৰে। আমাৰ অসমীয়া সাহিত্যৰো গল্প, উপন্যাস, সাহিত্য আৰু অন্যান্য নিৰ্বাচিত সাহিত্য ইংৰাজী ভাষালৈ অনূদিত হৈ থাকিলে এদিন অসমীয়া সাহিত্যয়ো হয়তো বুকাৰৰ দৰে যথেষ্ট পুৰস্কাৰ জিনিব। অনুবাদেৰেই হয়তো অসমীয়া সাহিত্যয়ো বিশ্বৰ পঢ়ুৱৈৰ হৃদয় জিনিব। এইখিনিতে ভাল লগা কথাটো এয়ে যে বুকাৰ পুৰস্কাৰ লাভ কৰা বানু মুস্তাকৰ 'Heart Lamp' অসমীয়া ভাষালৈও অনূদিত হ'ব। বিশ্ব সাহিত্যৰ বছা বছা গ্ৰন্থ অনুবাদৰ ক্ষেত্ৰত আগভাগ লোৱা প্ৰকাশক 'অসম পাবলিচিং কোম্পানী'য়ে 'Heart Lamp'ৰ অসমীয়া সংস্কৰণ প্ৰকাশ কৰিব বুলি জানিব পাৰিছোঁ। 'অসম পাবলিচিং কোম্পানী'ৰ প্ৰকাশক সঞ্জয় সান্যালে সদৰী কৰা মতে 'Heart Lamp' গ্ৰন্থখনৰ বুকাৰ প্ৰাপ্তিৰ আগৰে পৰাই ইতিমধ্যে এই কাম আগবাঢ়িছে।
যি কি নহওক, বানু মুস্তাকৰ গল্পবোৰ যেন নাৰীৰ মনৰ চাকি। সেই চাকিৰ পোহৰে অনেককে দেখুৱাইছে অনেক নিষ্পেষিতা নাৰীৰ মুখ আৰু হৃদয়ৰ সঁচা ছবি। আনকি বানু মুস্তাকৰ বহু গল্পই অন্য যথেষ্টসংখ্যক নিষ্পেষিতা নাৰীক 'তমসো মা জ্যোতিৰ্গময়ঃ'শীৰ্ষক জীৱন মন্ত্ৰত উদ্বুদ্ধ কৰিছে! আনকি এনে কাৰণতে বহু নাৰীয়ে অধিকাৰ প্ৰাপ্তিৰ যুঁজত সাধাৰণতে লোৱা আইনী পন্থাৰ বিপৰীতে মুস্তাকৰ গল্পৰ চৰিত্ৰও হেনো হ'ব বিচাৰে। বুকাৰ বিজয়ী লেখকগৰাকীয়ে নিজেই এই অভিজ্ঞতা বৰ্ণনা কৰিছে। এবাৰ এটি সাক্ষাৎকাৰত মুস্তাকক সোধা এটি প্ৰশ্নৰ উত্তৰত তেওঁ সেই কথা জনাইছিল।
"সামাজিক পৰিৱৰ্তনত সাহিত্যই কি ভূমিকা পালন কৰে?" সাক্ষাৎগ্ৰহণকাৰীয়ে এনেকৈ সোধাত বানু মুস্তাকে প্ৰশ্নটোৰ উত্তৰ অভিজ্ঞতাৰ জড়িয়তে দিছিল এনেদৰে--- "প্ৰান্তীয় অঞ্চল এটাৰ পৰা এবাৰ এগৰাকী মুছলমান মহিলা মোৰ ওচৰলৈ আহিছিল। তেওঁ মোক তেওঁৰ দুখ-কষ্টৰ কথা ক’লে আৰু ক’লে যে তেওঁ ইয়াৰ পিছত কি কৰিব নাজানে। মই তেওঁক সুধিলোঁ যে হাছানত ইমান অধিবক্তা থকাৰ পিছতো তেওঁ মোৰ ওচৰলৈ কিয় আহিল। তেওঁ কৈছিল যে মোৰ কাহিনীৰ আধাৰত তিনিটা ৰাষ্ট্ৰীয় বঁটা লাভ কৰা চিনেমা ‘হাছিনা’ তেওঁ চাই আহিছিল। কেইবছৰমান পাছত তেওঁ পুনৰ সেই একেখনি চিনেমা চাই একেটা সমস্যাৰ সমাধান বিচাৰি পুনৰবাৰ মোৰ ওচৰলৈ আহিছিল। সেই চিনেমাখনে তেওঁক মোৰ ওচৰলৈ সমাধান বিচাৰি আহিবলৈ উদ্বুদ্ধ কৰিছিল। তেওঁ মোক কৈছিল, "মই ভাবোঁ যে মোক সহায় কৰিবলৈ আপুনি উপযুক্ত মানুহ।" তেতিয়াই মই অনুভৱ কৰিলোঁ, মোৰ লেখাই এটা পৰিবৰ্তন আনিছে।"
হয়, এনেদৰেই অনেক নিষ্পেষিত নাৰীৰ মুখৰ ছবি জিলিকি উঠিছে বানু মুস্তাকৰ গল্পত। অনেক নাৰীৰ হৃদয়ৰ বাৰ্তা গল্পৰে পোহৰলৈ অনাৰ লগতে তেওঁৰ গল্পই আন বহু নাৰীক অনুপ্ৰাণিত কৰি আহিছে নিজৰ হৃদয় বন্তিৰ পোহৰত উজলি উঠিবলৈ। নাৰী এগৰাকীয়ে সন্মুখীন হোৱা সমস্যাৰ সমাধান বিচাৰি অধিবক্তাৰ কাষ চাপি আইনীভাৱে সমাধান বিচৰাৰ পৰিৱৰ্তে পৰম বিশ্বাসেৰে নিশ্চিত সমাধানৰ উপায় বিচাৰি বানু মুস্তাকৰ ওচৰ চপাটোৱে ইয়াকে প্ৰতিপন্ন কৰে যে নাৰীৰ হৃদয়ৰ ব্যথাখিনি অতি গভীৰভাৱে উপলব্ধি কৰি মুস্তাকে কাহিনীৰ মাজেৰে এখন জীয়া ছবি আঁকিব পৰিছিল।
সেইবাবেই কিজানি বিভিন্ন সময়ত পুৰুষতান্ত্ৰিক সমাজখনৰ পৰা পোৱা ভিন্ন সমস্যাৰ সমাধান বিচাৰি গল্পৰ চৰিত্ৰ আৰু কাহিনীৰ মাধ্যমেৰে সমাধানৰ পথ বিচাৰি অনেকে বানু মুস্তাকৰ ওচৰ চাপে। কাৰোবাৰ সৃষ্টিয়ে যদি কাৰোবাৰ জীৱনৰ গতিয়েই সলনি কৰি দিব পাৰে এয়া সামান্য কথানে? ইয়েই উনুকিয়ায় বুকাৰ বিজয়ী বানু মুস্তাকৰ গল্পৰ অন্যতম সাফল্যৰ আঁৰৰ কথা। তেওঁৰ গল্পৰ অন্যতম সাফল্য এয়ে যে বাস্তৱ জীৱনৰ আধাৰত লিখা কল্প-কাহিনীৰ জড়িয়তে বানু মুস্তাকে অনেকৰ হৃদয়ৰ কথাবোৰ ৰাইজৰ ওচৰলৈ নিছে, অগণন পঢ়ুৱৈৰ ওচৰলৈ নি তেওঁলোকক মুগ্ধ কৰিছে। পৰিৱৰ্তনৰ প্ৰত্যাশা হয়তো ক'ৰবাত সাকাৰ হৈছে, আন ক'ৰবাত প্ৰশস্ত হৈছে--- কিন্তু বানু মুস্তাকৰ গল্পৰ মাধ্যমেৰে অনেক অৱদমিত নাৰীৰ কথা ৰাইজৰ ওচৰলৈ আহিছে।
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক)