ডোহা ডাইমণ্ড লীগত ইতিহাস ৰচনা নীৰজ চোপ্ৰাৰ; ৯০ মিটাৰ জেভেলিন নিক্ষেপ কৰা প্ৰথমজন ভাৰতীয়

Story by  atv | Posted by  [email protected] • 12 h ago
ডোহা ডাইমণ্ড লীগত ইতিহাস ৰচনা নীৰজ চোপ্ৰাৰ
ডোহা ডাইমণ্ড লীগত ইতিহাস ৰচনা নীৰজ চোপ্ৰাৰ
 
আৱাজ দ্য ভইচ / ডোহা (কাটাৰ)

অলিম্পিকত স্বৰ্ণ পদক বিজয়ী তথা বিশ্ব চেম্পিয়ন জেভেলিন থ্ৰ'ৱাৰ নীৰজ চোপ্ৰাই শুকুৰবাৰে নিশা ডোহা ডায়মণ্ড লীগত ইতিহাস ৰচনা কৰে। জেভলিন থ্ৰ'ত ৯০ মিটাৰ দূৰত্ব অতিক্ৰম কৰি এই কৃতিত্ব অৰ্জন কৰা তেওঁ প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে। অৱশ্যে এই ঐতিহাসিক প্ৰদৰ্শনৰ পিছতো তেওঁ প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰে। 
 
অন্তিম ৰাউণ্ডত নীৰজক পিছ পেলাই জাৰ্মানীৰ জুলিয়ান ৱেবাৰে। ৮৮.৪৪ মিটাৰত ছিজনৰ প্ৰথমটো থ্ৰ’ৰে প্ৰতিযোগিতাখনত সুন্দৰ আৰম্ভণিৰে তেওঁ অগ্ৰগতি লাভ কৰে। ইফালে গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছে ৮৫.৬৪ মিটাৰ থ্ৰ’ৰে দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে ট্ৰিনিদাদ এণ্ড ট’বাগোৰ কেশ্বৰ্ণ ৱালকটে ৮৪.৬৫ মিটাৰত তৃতীয় স্থান লাভ কৰে।
 
নীৰজৰ দ্বিতীয়টো থ্ৰ’ ফাউল আছিল যদিও তেওঁ পইণ্ট তালিকাৰ শীৰ্ষত থাকে। ইফালে, জাৰ্মানীৰ জুলিয়ান ৱেবাৰে ৮৫.৫৭ মিটাৰ থ্ৰ’ৰে তৃতীয় স্থানত নিজৰ স্থান শক্তিশালী কৰে। ইয়াৰ পিছত তৃতীয়টো চেষ্টাত নীৰজ চোপ্ৰাই ৯০.২৩ মিটাৰ জেভেলিন নিক্ষেপ কৰি সকলোকে আচৰিত কৰি তুলিলে।
এই থ্ৰ’ই প্ৰতিযোগিতাখনত তেওঁৰ অগ্ৰগতি সুদৃঢ় কৰাই নহয়। ২০২২ চনৰ ষ্টকহ’ম ডাইমণ্ড লীগত তেওঁৰ নিজৰ ৰাষ্ট্ৰীয় অভিলেখ (৮৯.৯৪ মিটাৰ) অতিক্ৰম কৰে। নীৰজে চতুৰ্থ থ্ৰ’ ৮০.৫৬ মিটাৰ নিক্ষেপ কৰে আৰু পঞ্চম থ্ৰ’ ফাউল কৰে। ইয়াৰ পিছতো তেতিয়ালৈকে তেওঁ শীৰ্ষত আছিল। ৱেবাৰ আৰু পিটাৰ্ছে তেওঁক চেৰ পেলাবলৈ সক্ষম হোৱা নাছিল। এই সময়লৈকে জুলিয়ান ৱেবাৰে ৮৯.০৬ মিটাৰত উপনীত হৈছিল যদিও নীৰজ এতিয়াও তেওঁৰ পৰা আগবাঢ়ি আছিল।
 
কিন্তু প্ৰতিযোগিতাৰ অন্তিম ৰাউণ্ডত নাটকীয় পৰিৱৰ্তন ঘটিছিল। জুলিয়ান ৱেবাৰে শেষ নিক্ষেপত ৯১.০৬ মিটাৰ দূৰত্ব অতিক্ৰম কৰি নীৰজক দ্বিতীয় স্থানলৈ ঠেলি দিয়ে। নীৰজেও চূড়ান্ত প্ৰচেষ্টা চলাইছিল যদিও তেওঁৰ থ্ৰ’ মাত্ৰ ৮৮.২০ মিটাৰহে হয়। এইদৰে ভাৰতৰ তাৰকাগৰাকীয়ে ৰূপৰ পদক লৈ সন্তুষ্ট থাকে। গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছে ৮৫.৬৪ মিটাৰ বেষ্ট থ্ৰ’ৰে তৃতীয় স্থান দখল কৰে।
উল্লেখ্য যে, নীৰজ চোপ্ৰাৰ এই প্ৰদৰ্শনৰ বহু গুৰুত্ব আছে। ৯০ মিটাৰ দূৰত্ব অতিক্ৰম কৰি তেওঁ ভাৰতীয় এথলেটিকছত এক নতুন অধ্যায় সংযোজন কৰিলে। তেওঁ নিজৰ ৰাষ্ট্ৰীয় অভিলেখ উন্নত কৰিবলৈও সক্ষম হয়। তেওঁ নিজৰ ছিজনটো আকৰ্ষণীয় ধৰণেৰে আৰম্ভ কৰে। যদিও স্বৰ্ণ পদক তেওঁৰ পৰা পিছলি গ’ল, তথাপিও তেওঁৰ প্ৰদৰ্শনে নিশ্চিতভাৱে ইংগিত দিলে যে তেওঁ এইবাৰো আগন্তুক বিশ্ব প্ৰতিযোগিতাত ভাৰতৰ সৰ্ববৃহৎ পদক প্ৰত্যাশী হৈ থাকিব। 
 
নীৰজ চোপ্ৰাৰ এই অভিলেখ ভংগকাৰী প্ৰদৰ্শন ভাৰতৰ বাবে গৌৰৱৰ বিষয়ে নহয়, ভৱিষ্যত প্ৰজন্মৰ খেলুৱৈসকলৰ বাবেও প্ৰেৰণাৰ উৎস। এতিয়া সকলোৰে দৃষ্টি তেওঁৰ আগন্তুক ইভেণ্টসমূহৰ ওপৰত আছে, য’ত তেওঁ এই ফৰ্ম বজাই ৰাখিব পাৰিলে আকৌ এবাৰ ইতিহাস সৃষ্টি কৰিব পাৰিব।