গুৱাহাটীত অনুষ্ঠিত হ'ব ৩ খনকৈ IPL মেচ

Story by  atv | Posted by  [email protected] • 1 h ago
গুৱাহাটীত অনুষ্ঠিত হ'ব ৩ খনকৈ IPL মেচ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৩ খনকৈ IPL মেচ
 
গুৱাহাটী
 
সমাগত আই পি এল ২০২৬ ৷ চলিত বৰ্ষৰ আই পি এললৈ মাজত মাথোঁ কেইটামান দিনহে বাকী৷ বুধবাৰে বি চি চি আইয়ে আই পি এল ২০২৬ ৰ সূচী ঘোষণা কৰে। ২৮ মাৰ্চৰ পৰা আৰম্ভ হ’ব চলিত বৰ্ষৰ আই পি এলৰ খেলসমূহ।
 
বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত ডিফেণ্ডিং চেম্পিয়ন আৰ চি বি আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে মেচসমূহ বেংগালুৰুত অনুষ্ঠিত হ’ব নে নহয়, সেয়া ১৩ মাৰ্চতহে স্পষ্ট হ’ব। কেইবাখনো ৰাজ্যৰ নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সূচী এতিয়াও প্ৰকাশ হোৱা নাই।
 
২৮ মাৰ্চৰ পৰা ১২ এপ্ৰিললৈ চলিব আই পি এল ২০২৬ ৰ প্ৰথম পৰ্যায়ৰ খেলসমূহ। এই সময়ত প্ৰায় বিশখন খেল অনুষ্ঠিত হ’ব। ২৯ মাৰ্চত ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাৰ দ্বিতীয়খন খেলত মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ। ৩০ মাৰ্চত গুৱাহাটীৰ বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছে অভিযান আৰম্ভ কৰিব। ১ এপ্ৰিলত নিউ চণ্ডীগড়ত পঞ্জাব কিংছৰ বিৰুদ্ধে গুজৰাট টাইটানছে খেলিব।
 
পশ্চিম এছিয়াত চলি থকা সংঘাতৰ বাবে খেলুৱৈসকলৰ ভ্ৰমণৰ ব্যৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰাৰ মাজতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ ৰ প্ৰথম পৰ্যায়ৰ সময়সূচী ঘোষণা কৰিছে।
 
চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া প্ৰতিখন খেলতে কৰ্ণাটক চৰকাৰে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ৷ ষ্টেডিয়ামখন চৰকাৰে নিযুক্তি দিয়া বিশেষজ্ঞ সমিতিৰ অনুমোদনৰ অধীনত আছে ৷ বিগত ছিজনত ষ্টেডিয়ামখনত সংঘটিত হৈছিল বিক্ষিপ্ত ঘটনা ৷ যাৰ বাবে আই পি এলৰ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক ১৩ মাৰ্চত অনুষ্ঠিত হ’ব।
 
বুধবাৰে বি চি চি আইয়ে প্ৰথম ২০ খন খেলৰ সময়সূচী ঘোষণা কৰে ৷ দেশৰ তিনিখন ৰাজ্য ক্ৰমে - তামিলনাডু, অসম আৰু পশ্চিমবংগৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতহে আই পি এলৰ সম্পূৰ্ণ সূচী প্ৰকাশ পাব।
 
নিৰ্বাচনৰ উপৰিও পশ্চিম এছিয়াত ক্ৰমাৎ বৃদ্ধি পোৱা সংঘাত বি চি চি আইৰ বিষয়াসকলৰ বাবেও চিন্তাৰ বিষয় হৈ পৰিছে । এই যুদ্ধই আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণত গুৰুতৰ প্ৰভাৱ পেলাইছে ৷ বিশেষকৈ ডোহা আৰু ডুবাইৰ দৰে আগশাৰীৰ বিমানবন্দৰসমূহৰ কাৰ্য-কলাপত যথেষ্ট ব্যাঘাত জন্মিছে । যাৰ বাবে দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ একাংশ খেলুৱৈয়ে টি-২০ বিশ্বকাপৰ অভিযান সামৰি এতিয়াও ঘৰলৈ উভতিব পৰা নাই ৷ আই পি এলত অংশগ্ৰহণ কৰা এই দুখন দেশৰ খেলুৱৈয়ে নিজ নিজ দলত সময়মতে উপস্থিত হ’ব পাৰিবনে নাই, সেয়া লক্ষণীয় হ’ব।
 
বি চি চি আইৰ এক বিবৃতিত কোৱা হৈছে, ‘‘চলিত ছিজনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে বেংগালুৰুত ৫ খন আৰু ৰায়পুৰত দুখন খেলত অংশগ্ৰহণ কৰিব ৷ পঞ্জাব কিংছে নিউ চণ্ডীগড়ত চাৰিখন ঘৰুৱা মেচ আৰু ধৰমশালাত তিনিখন খেল খেলিব ৷ আনহাতে ৰাজস্থান ৰয়েলছে গুৱাহাটীত তিনিখন আৰু জয়পুৰত চাৰিখন খেল খেলিব।’’