নতুন দিল্লী
IPL ২০২৬ৰ ২২ সংখ্যক মেচত মঙলবাৰে চেন্নাই ছুপাৰ কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত হয়। এই মেচখনতো উদয় নহ’ল কলকাতা নাইট ৰাইডাৰ্ছৰ ভাগ্য। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত চেন্নাই চুপাৰ কিংছে ৩২ ৰানত জয়লাভ কৰে। টছত জয়ী হোৱাৰ পিছত কেকেআৰে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। সঞ্জু চেমছনৰ ৪৮ আৰু ব্ৰেভিছৰ ৪১ ৰানৰ সহায়ত চেন্নাইয়ে ১৯২ ৰান সংগ্ৰহ কৰে।
ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আৰম্ভণিৰে পৰা বিপৰ্যৰ সন্মুখীন হোৱা কলকাতাই ৭ উইকেট হেৰুৱাই মাত্ৰ ১৬০ ৰানহে কৰিবলৈ সক্ষম হয়। ইয়াৰ লগে লগে চেন্নাই চুপাৰ কিংছে চলিত আই পি এলত দ্বিতীয়টো জয় সাব্যস্ত কৰিছে। অৱশ্যে কেকেআৰে এতিয়াও জয়ৰ বাবে হাহাকাৰ কৰি আছে আৰু প্ৰতিযোগিতাখনৰ একমাত্ৰ দল যিয়ে এতিয়াও জয়ী হোৱা নাই।
১৯৩ ৰানৰ প্ৰতিক্ৰিয়া স্বৰূপে কে কে আৰে আৰম্ভণিৰে পৰাই বিপৰ্যয়ৰ সন্মুখীন হয়। দ্বিতীয় অভাৰত ফিন এলেনে নিজৰ উইকেট হেৰুৱাই। ইয়াৰ পিছতে ২৪ ৰান সংগ্ৰহ কৰি সুনীল নাৰিন পেভিলিয়নমুখী হয়। অধিনায়ক ৰাহানেই দ্ৰুত ২৮ ৰান কৰে যদিও নূৰ আহমেদৰ বলত তেওঁ পেভিলিয়নৰ বাট বুলে। আটাইতকৈ নিৰাশ কৰে ২৫ কোটি টকাৰে ক্ৰয় কৰা কেমেৰনু গ্ৰীণে, যি প্ৰথম বলতে আউট হয়।
ৰিংকু সিঙৰ ওপৰত কেকেআৰৰ বহু আশা আছিল যদিও তেওঁও হতাশ কৰে। মাত্ৰ ১২টা বলত ৬ ৰান সংগ্ৰহ কৰি আউট হয় তেওঁ। ইয়াৰ পিছত ৰমণদীপ আৰু পাৱেলে বহু চেষ্টা কৰি অৰ্ধশতৰ অংশীদাৰিত্ব গঢ়ি তোলে যদিও তেওঁলোকে কেকেআৰক জয়ৰ দিশত আগুৱাই নিব নোৱাৰিলে। সমগ্ৰ কে কে আৰ দলটোৱে মাত্ৰ ১৬০ ৰানহে কৰিবলৈ সক্ষম হয়।
প্ৰথমে বেটিং কৰা চি এছ কেক পুনৰবাৰ হতাশ কৰিলে অধিনায়ক ৰুতুৰাজ গাইকৱাদে। তৃতীয় অভাৰত গাইকোৱাদে মাত্ৰ ৭ ৰান সংগ্ৰহ কৰি উইকেট হেৰুৱাই। অৱশ্যে সঞ্জু চেমছনে ৪৮ ৰান সংগ্ৰহ কৰে। আয়ুষ মাহাত্ৰেও ১৭টা বলত ৩৮ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছতে ডেৱাল্ড ব্ৰেভিছ আৰু ছৰফৰাজৰ মাজত অৰ্ধশতকৰ এক উজ্জ্বল অংশীদাৰিত্বৰ সৃষ্টি হয়। অৱশ্যে ১৭ নং অভাৰত ছৰফৰাজে ২৩ ৰান কৰি আউট হয়। ইয়াৰ পিছতে ব্ৰেভিছে ৪১ ৰানৰ ইনিংছ খেলি চি এছ কেক ২০ অভাৰত ৫ উইকেটত ১৯২ ৰান সংগ্ৰহ কৰাত সহায় কৰে।