প্ৰথমগৰাকী দৃষ্টিহীন ভাৰতীয় মহিলাৰ এভাৰেষ্ট জয়

Story by  atv | Posted by  [email protected] • 3 Months ago
প্ৰথমগৰাকী দৃষ্টিহীন ভাৰতীয় মহিলাৰ এভাৰেষ্ট জয়
প্ৰথমগৰাকী দৃষ্টিহীন ভাৰতীয় মহিলাৰ এভাৰেষ্ট জয়
 
নতুন দিল্লী
 
শিশু অৱস্থাতে দৃষ্টিশক্তি হেৰুওৱা হিমাচল প্ৰদেশৰ জনজাতি মহিলা চনজিন আংমোৱে যোৱা সোমবাৰে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰে। ৮ বছৰ বয়সতে চনজিন আংমোৱে দৃষ্টিশক্তি হেৰুৱাইছিল।
 
ৰাজ্যখনৰ ভাৰত- তিব্বত সীমান্তৱৰ্তী চাংগো গাঁৱৰ বাসিন্দা আংমোৱে যোৱা সোমবাৰে প্ৰথম দৃষ্টিহীন মহিলা হিচাপে বিশ্বৰ সৰ্বোচ্চ শৃংগটো আৰোহণ কৰি অভিলেখ গঢ়ে।
 
ইয়াৰ পূৰ্বে এতিয়ালৈকে বিশ্বৰ চাৰিগৰাকী দৃষ্টিহীন ব্যক্তিয়েহে এভাৰেষ্ট শৃংগ জয় কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে, দিল্লীত ইউনিয়ন বেংক অৱ ইণ্ডিয়াত কৰ্মৰত আংমোৱে দৃষ্টিশক্তি হেৰুৱালেও শিক্ষালাভৰ ক্ষেত্ৰত পিচহোঁহকা নাছিল।