ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ আক্ৰমণ; ড্ৰোন আৰু ক্ৰুজ মিছাইলেৰে চলালে ধ্বংসলীলা

Story by  atv | Posted by  [email protected] • 1 d ago
ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ আক্ৰমণ
ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ আক্ৰমণ
 
নতুন দিল্লী
 
ইউক্ৰেইনত পুনৰ আক্ৰমণ কৰিলে ৰাছিয়াই। যোৱানিশা ৰাছিয়াই ইউক্ৰেইনত বৰ্তমানলৈকে কৰা সৰ্ববৃহৎ ড্ৰোন আক্ৰমণ চলাই। ইউক্ৰেইনৰ মতে, ৰাছিয়াৰ পৰা কিয়েভ আৰু অন্যান্য অঞ্চলত প্ৰায় ৩৫৫টা ড্ৰোন আৰু ৯টা ক্ৰুজ মিছাইল নিক্ষেপ কৰা হয় । ৰাছিয়াৰ সৰ্ববৃহৎ আক্ৰমণৰ বিষয়ে তথ্য দি ইউক্ৰেইনৰ বায়ুসেনাৰ যোগাযোগ বিভাগে কয় যে ৰাছিয়াৰ আক্ৰমণত ৩৫৫খন ড্ৰোন জড়িত আছিল। এই আক্ৰমণত একাংশ সাধাৰণ নাগৰিক আহত হোৱা বুলি বিষয়াসকলে জনায় । অৱশ্যে তাৎক্ষণিকভাৱে কোনো মৃত্যুৰ খবৰ পোৱা নগ’ল।
 
ইয়াৰ পূৰ্বে শনিবাৰে নিশা ইউক্ৰেইনৰ ৰাজধানী কিয়েভ আৰু অন্যান্য অঞ্চলত ৰাছিয়াৰ ড্ৰোন আৰু মিছাইলৰ সংযুক্ত আক্ৰমণত কমেও ১২ জন লোক নিহত হোৱাৰ লগতে কেইবা ডজন লোক আহত হয় । ইউক্ৰেইনৰ বিষয়াসকলে ইয়াক যুদ্ধৰ সময়ত ৰাছিয়াৰ আটাইতকৈ ডাঙৰ বিমান আক্ৰমণ বুলি অভিহিত কৰিছে । বৰ্তমান এই আক্ৰমণ সন্দৰ্ভত ৰাছিয়া কৰ্তৃপক্ষৰ পৰা কোনো তাৎক্ষণিক মন্তব্য দিয়া হোৱা নাই।
 
ইয়াৰ পূৰ্বে ৰাছিয়াৰ সামৰিক অধিনায়কগৰাকীয়ে দাবী কৰিছিল যে ২০ মে’ত ৰাছিয়াৰ কুৰ্স্ক অঞ্চল ভ্ৰমণৰ সময়ত ইউক্ৰেইনে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰত ড্ৰোন আক্ৰমণ চলাইছিল। সেই সময়ত ৰাষ্ট্ৰপতি পুটিনৰ হেলিকপ্টাৰ আক্ৰমণৰ কেন্দ্ৰবিন্দু আছিল। ৰাছিয়ান সেনাৰ বায়ু প্ৰতিৰক্ষা বিভাগৰ অধিনায়ক ইউৰি ডাচকিনে এই দাবী কৰিছে।
 
ৰাছিয়াৰ সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ডাচকিনে কয় যে ৰাষ্ট্ৰপতি পুটিনৰ হেলিকপ্টাৰক সুৰক্ষা প্ৰদানৰ বাবে আমি অহৰহ বিমান সুৰক্ষাৰ যুদ্ধ চলাই আহিছিলো। ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰখন।