নতুন দিল্লী
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিগত মহাকাশ সংস্থা এক্সিয়াম স্পেচে দেওবাৰে ঘোষণা কৰে যে, ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আৰু আন ৩ জন ক্ৰুমেট কোৱাৰেণ্টাইনলৈ ৰাওনা হৈছে। এক্সিয়াম-৪ অভিযানৰ অংশস্বৰূপে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱাৰ পূৰ্বে মহাকাশচাৰীকেইজন কোৱাৰেণ্টাইনলৈ যায় ৷
এক্সিয়াম-৪ অভিযান এক্সিয়াম স্পেচ, নাছা, ইউৰোপিয়ান স্পেচ এজেন্সী (ই এছ এ) আৰু ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেচনৰ (ই এছ আৰ অ') সহযোগিতামূলক প্ৰচেষ্টা৷ ফ্ল'ৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা ভাৰতীয় সময় অনুসৰি ৮ জুনৰ সন্ধিয়া ৬.৪১ বজাত ড্ৰেগন মহাকাশযানত অৱতৰণ কৰা হ’ব। এক্সিয়াম-৪ অভিযানৰ জৰিয়তে ভাৰতীয় মহাকাশচাৰীয়ে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ) ভ্ৰমণ কৰিব।
কক্ষপথৰ পৰীক্ষাগাৰত ডক কৰা ১৪ দিনীয়া অভিযানৰ সময়ছোৱাত মহাকাশচাৰীসকলে বিশ্বব্যাপী আউটৰিচ কাৰ্যকলাপ, মাইক্ৰ'গ্ৰেভিটি গৱেষণা আৰু প্ৰযুক্তিৰ প্ৰদৰ্শন কৰিব। স্পেচএক্সৰ ফেলকন-৯ ৰকেটত উৎক্ষেপণৰ পূৰ্বে ক্ৰুসকলৰ বাবে এক্সিয়াম স্পেচত এক আনুষ্ঠানিকতাৰ আয়োজন কৰা হৈছিল।
এক্সিয়াম স্পেছে এক্সত এক পোষ্টত কয়, "কোৱাৰেণ্টাইন অভিমুখে এক্সিয়াম-৪ৰ ক্ৰু সদস্যসকল। তেওঁলোক যোৱাৰ আগতে এক্সিয়াম স্পেচৰ কৰ্মচাৰীসকলে একত্ৰিত হৈ সময়খিনি উদযাপন কৰিছিল। ক্ৰু চেণ্ড-অফ হৈছে এনে এক পৰম্পৰা যিয়ে ক্ৰুৱে নিজৰ অভিযানত নামি পৰাৰ পূৰ্বে কৰ্মচাৰীসকলৰ নিষ্ঠা আৰু অক্লান্ত প্ৰচেষ্টাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে।"
গগনযানৰ বাবে নিযুক্ত চাৰিজন মহাকাশচাৰীৰ ভিতৰত অন্যতম শুক্লাই এক্স-৪ৰ পাইলট হিচাপে, নাছাৰ প্ৰাক্তন মহাকাশচাৰী তথা এক্সিয়াম স্পেচৰ মানৱ মহাকাশ উৰণৰ পৰিচালক পেগী হুইটছনে বাণিজ্যিক অভিযানৰ অধিনায়ক হিচাপে কাম কৰিব।
ছেণ্ড অফ ইভেণ্টত শুক্লাই কয় যে, এই অভিযান সফল হ'ব বুলি মই নিশ্চিত। এই অভিযানৰ অংশ হ’বলৈ শুক্লাৰ বাবে ইছৰোই ৫৫০ কোটি টকা আগবঢ়াইছে। এই অভিযানৰ পৰা লাভ কৰা অভিজ্ঞতাই ইছৰোৰ গগনযান প্ৰকল্পক উপকৃত কৰিব বুলি আশা কৰা হৈছে। পোলেণ্ডৰ মহাকাশচাৰী স্লাওছ উজনানস্কি-উইছনিউস্কি আৰু হাংগেৰীৰ টিবৰ কাপুও এক্স-৪ অভিযানৰ অংশ।
২৬ মে'ৰ পুৱাই এক্সিয়াম স্পেছে এক্সত জনায়, "কোৱাৰেণ্টাইনৰ প্ৰথম দিনটো সম্পূৰ্ণ !এক্স-৪ৰ দলটোৱে ফ্ল'ৰিডাত অৱতৰণ কৰিছে। তেওঁলোকে এতিয়া সুস্থ হৈ থাকিবলৈ দুসপ্তাহৰ কোৱাৰেণ্টাইন পৰ্যায়ত প্ৰৱেশ কৰিছে কাৰণ তেওঁলোকে অৱতৰণৰ বাবে সাজু হৈছে...৷"
উৎক্ষেপণৰ দিন চমু চাপি অহাৰ লগে লগে কেৱল এক্সিয়াম স্পেচেই নহয়, সমগ্ৰ বিশ্ববাসীৰ মাজতো উৎকণ্ঠা-উত্তেজনাৰ সৃষ্টি হৈছে। এক্স-৪ৰ সফল অৱতৰণে ভাৰতৰ গগনযান অভিযানৰ পথ আৰু অধিক মুকলি কৰিব কাৰণ শুক্লাৰ অভিজ্ঞতাই ভাৰতীয় মহাকাশ উৰণ কাৰ্যসূচীৰ বিকাশ হোৱাত সহায় কৰিব।