নতুন দিল্লী
চলিত মাহৰ আৰম্ভণিতে পাকিস্তানৰ ড্ৰ’ন আৰু মিছাইল আক্ৰমণ প্ৰতিহত কৰিবলৈ অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ ভিতৰত বায়ু প্ৰতিৰক্ষা ব্যৱস্থা মোতায়েন কৰা বুলি প্ৰকাশ পোৱা বাতৰি মঙলবাৰে ভাৰতীয় সেনাই অস্বীকাৰ কৰে।
ভাৰতীয় সেনাই এক আনুষ্ঠানিক বিবৃতিত কয় যে, "স্বৰ্ণ মন্দিৰত বায়ু প্ৰতিৰক্ষা বন্দুক মোতায়েনৰ সন্দৰ্ভত কিছু সংবাদ মাধ্যমত বাতৰি প্ৰচাৰিত হৈছে। এইটো স্পষ্ট কৰা হৈছে যে শ্ৰী দৰবাৰ চাহাব অমৃতসৰ (স্বৰ্ণ মন্দিৰ)ৰ চৌহদৰ ভিতৰত কোনো বায়ু প্ৰতিৰক্ষা বন্দুক বা আন কোনো এ ডি সম্পদ মোতায়েন কৰা হোৱা নাছিল।"
২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে আৰম্ভ কৰা ভাৰতৰ অপাৰেচন সেন্দুৰৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানী ড্ৰ’ন আৰু মিছাইলে অমৃতসৰক একাধিকবাৰ লক্ষ্য কৰি লৈছিল।
স্বৰ্ণ মন্দিৰৰ মুৰব্বী গ্ৰন্থী সিং চাহাব গিয়ানী ৰাঘবীৰ সিঙেও মন্দিৰ চৌহদৰ ভিতৰত বায়ু প্ৰতিৰক্ষা ব্যৱস্থা মোতায়েন কৰাটো খাৰিজ কৰে। "ভাৰতীয় সেনাই আমাৰ ওচৰলৈ হাত আগবঢ়োৱাৰ কোনো তথ্য মোৰ হাতত নাই। মই ছুটীত আছিলো আৰু বিদেশ ভ্ৰমণ কৰি আছিলো। মই এই বিষয়টোৰ সম্পূৰ্ণ তদন্ত বিচাৰো। ইয়াৰ আঁৰত ভাৰতীয় সেনাৰ প্ৰকৃত উদ্দেশ্য কি আছিল সেয়া স্পষ্ট কৰিব লাগিব।"
পাকিস্তানৰ পৰা অহা সম্ভাৱ্য আক্ৰমণ প্ৰতিহত কৰিবলৈ স্বৰ্ণ মন্দিৰ প্ৰশাসনে মন্দিৰৰ ভিতৰত বায়ু প্ৰতিৰক্ষা বন্দুক মোতায়েন কৰিবলৈ সেনাবাহিনীক অনুমতি দিয়াৰ খবৰৰ পিছতে ভাৰতীয় সেনাই এই স্পষ্টীকৰণ দিছে।
প্ৰতিবেদনত বায়ু প্ৰতিৰক্ষাৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল সুমেৰ ইভান ডি'কুনহাৰ উদ্ধৃতিৰে দাবী কৰা হৈছে যে স্বৰ্ণ মন্দিৰৰ মুৰব্বী গ্ৰন্থীয়ে পবিত্ৰ চৌহদৰ ভিতৰত বায়ু প্ৰতিৰক্ষা ব্যৱস্থা স্থাপনৰ অনুমতি প্ৰদান কৰিছিল।
বাতৰি সংস্থা এএনআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত লেফটেনেণ্ট জেনেৰেল সুমেৰ ইভান ডি'কুনহাই কয় যে, "স্বৰ্ণ মন্দিৰৰ মুখ্য গ্ৰন্থিয়ে আমাক আমাৰ বন্দুক নিয়োগ কৰিবলৈ অনুমতি দিয়াটো বৰ ভাল লাগিছিল। সম্ভৱতঃ বহু বছৰৰ পিছত প্ৰথমবাৰৰ বাবে তেওঁলোকে স্বৰ্ণ মন্দিৰৰ লাইট নুমুৱাই দিছিল যাতে আমি ড্ৰোন অহা দেখি পাওঁ।"
সেনাবাহিনীৰ বায়ু প্ৰতিৰক্ষাৰ সঞ্চালক প্ৰধান বিষয়াগৰাকীয়ে আৰু উল্লেখ কৰে যে স্বৰ্ণ মন্দিৰ কৰ্তৃপক্ষই "এবাৰ তেওঁলোকক বুজাই দিয়াৰ পিছত উপলব্ধি কৰিছিল যে সম্ভাৱ্য ভাবুকি আছে। তেওঁলোকে আমাক এক আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিস্তম্ভ, য'ত প্ৰতিদিনে হাজাৰ হাজাৰ মানুহ য়ায়, ৰক্ষা কৰিবলৈ বন্দুক স্থাপন কৰিবলৈ অনুমতি দিছিল। ফলত বন্দুক মোতায়েন কৰা হ'ল, আৰু স্বৰ্ণ মন্দিৰৰ লাইট নুমুৱাই দিয়া হ’ল।"
১৫ নং ইনফেণ্ট্ৰি ডিভিজনৰ জেনেৰেল অফিচাৰ কমাণ্ডিং (জি অ’ চি) মেজৰ জেনেৰেল কাৰ্তিক চি ছেছাদ্ৰীয়ে পূৰ্বে সেনাৰ বায়ু প্ৰতিৰক্ষা গানাৰে স্বৰ্ণ মন্দিৰক লক্ষ্য কৰি লোৱা সকলো ড্ৰ’ন আৰু মিছাইল সফলতাৰে প্ৰতিহত কৰিছিল বুলি দিয়া বক্তব্য উল্লেখ কৰি ডি’কুনহাই কয় যে ভাৰতীয় সেনাই অনুমান কৰিছিল যে পাকিস্তানে সীমান্তত বৈধ সামৰিক লক্ষ্যৰ অভাৱত সীমান্তৰ ওচৰৰ ধৰ্মীয় স্থানসমূহক লক্ষ্য কৰি ল’ব পাৰে।
লেফটেনেণ্ট জেনেৰেল ডি’কুনহাই কয়, "সৌভাগ্যক্ৰমে আমি অনুমান কৰিলোঁ যে তেওঁলোকে (পাকিস্তান) কি কৰিব পাৰে।
স্বৰ্ণ মন্দিৰত ভাৰতীয় সেনাৰ অভিযানৰ বিষয়েও বিতংভাৱে উল্লেখ কৰা মেজৰ জেনেৰেল ছেছাদ্ৰীয়ে নিশ্চিত কৰে যে শিখ মন্দিৰটোত কৰা সকলো আক্ৰমণ সফলতাৰে বিফল কৰা হৈছিল।
"পাকিস্তান সেনাবাহিনীৰ ভাৰতৰ ভিতৰত আক্ৰমণ কৰাৰ কোনো বৈধ লক্ষ্য নাই, ভাৰতীয় সশস্ত্ৰ বাহিনীক মুখামুখি হোৱাৰ সাহস বা সামৰ্থ্যও নাই। সেয়েহে ই সন্ত্ৰাসবাদক ৰাষ্ট্ৰৰ নীতি হিচাপে ব্যৱহাৰ কৰে আৰু নিজৰ মাটিৰ পৰা মানৱবিহীন আকাশী অস্ত্ৰ নিক্ষেপ কৰাৰ আশ্ৰয় লয়। আনকি তেওঁলোকে ধৰ্মীয় স্থানসমূহকো লক্ষ্য কৰি লৈছিল, বিশেষকৈ ভাৰতীয় সীমান্তৰ কাষৰীয়া, এটা উদাহৰণ হৈছে অমৃতসৰৰ স্বৰ্ণ মন্দিৰ, যিটো ড্ৰোন আৰু মিছাইল আক্ৰমণৰ উত্থানৰ সাক্ষী হৈছিল যিটো আমাৰ সেনাবাহিনীৰ বায়ু প্ৰতিৰক্ষা গুনাৰসকলে সাহসেৰে বিফল কৰিছিল,” মেজৰগৰাকীয়ে কয়।
২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তান আৰু পাকিস্তান-অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী ঘাটিত ভাৰতে আক্ৰমণ চলাইছিল। ভাৰত আৰু পাকিস্তানে শেহতীয়াকৈ তীব্ৰ সামৰিক কাৰ্য্যত লিপ্ত হৈছিল।
ইয়াৰ প্ৰতিশোধ হিচাপে পাকিস্তানে প্ৰায় ১০০০ ড্ৰোনেৰে ভাৰতীয় অসামৰিক এলেকাক লক্ষ্য কৰি লয়, এই সকলোবোৰ ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সফলতাৰে নিষ্ক্ৰিয় কৰে। ভাৰতে পাকিস্তানৰ বিমান ঘাটিতো যথেষ্ট ক্ষতিসাধন কৰাৰ লগতে পাকিস্তান সেনাৰ যথেষ্ট ক্ষতিসাধন কৰে।