আজিৰ পৰা আৰম্ভ 'অপাৰেচন সেন্দুৰ'ৰ গোলকীয় প্ৰচাৰ অভিযান

Story by  atv | Posted by  Munni Begum • 8 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
আজিৰ পৰা আৰম্ভ হৈছে ভাৰতৰ অপাৰেচন সেন্দুৰৰ গোলকীয় প্ৰচাৰ অভিযান। এই কাৰ্যসূচী আৰম্ভ হোৱাৰ লগে লগে সঞ্জয় ঝা আৰু শ্ৰীকান্ত শিন্দেৰ নেতৃত্বত দুটা প্ৰতিনিধি দলে আজি যাত্ৰা কৰে। সঞ্জয় ঝাৰ প্ৰতিনিধি দলে পুৱা ১১.৪০ বজাত জাপানলৈ ৰাওনা হয়, আনহাতে শ্ৰীকান্ত শিণ্ডেৰ প্ৰতিনিধি দলে নিশা ৯ বজাত ইউ এ ইলৈ ৰাওনা হ’ব। 
 
বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে সৰ্বদলীয় ৭টা প্ৰতিনিধি দলৰ ৩টাৰ সদস্য, সাংসদ আৰু প্ৰাক্তন সংসদ সদস্যক অৱগত কৰে। পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় স্থিতি প্ৰকাশ কৰিবলৈ বিদেশী ৰাজধানীলৈ ৰাওনা হ’ব এই প্ৰতিনিধি দলসমূহ।
 
সূত্ৰ অনুসৰি মিশ্ৰীয়ে তেওঁলোকক কয় যে, ভাৰতে শান্তিৰ প্ৰতি দায়বদ্ধ হৈ থকাৰ সময়তে নিজৰ ভূমিত কোনো ধৰণৰ সন্ত্ৰাসবাদী আক্ৰমণ সহ্য নকৰে আৰু ইয়াৰ নতুন ৰ অংশ হিচাপে প্ৰতিহত কৰিব। 
 
জাপান, ছিংগাপুৰ, দক্ষিণ কোৰিয়া, মালয়েছিয়া, ইণ্ডোনেছিয়ালৈ প্ৰতিনিধি দলৰ নেতৃত্ব দি থকা জেডিইউৰ নেতা সঞ্জয় ঝাই ব্রিফিঙৰ অন্তত সাংবাদিকৰ আগত কয় যে, বিশ্বৰ নেতাসকললৈ তেওঁলোকৰ বার্তা হ’ব যে “ভাৰতে যথেষ্ট বুলি সিদ্ধান্ত লৈছে৷” তেওঁ কয় যে, যেতিয়াই ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাসক বিশ্বাস কৰে, তেতিয়াই পাকিস্তানে বাৰে বাৰে “নিজৰ অপৰাধৰ তদন্ত কৰিবলৈ কোৱা চোৰৰ দৰে” কাম কৰি আহিছে।
 
ইউ এ ই আৰু কেইবাখনো আফ্ৰিকান ৰাষ্ট্ৰৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত শিৱসেনাৰ সাংসদ শ্ৰীকান্ত শিন্দে কয় যে, তেওঁলোকে কেৱল ভাৰততে নহয়, বিদেশতো পাকিস্তানে সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হোৱাৰ প্ৰমাণ দাখিল কৰিব, মানৱতাৰ বিৰুদ্ধে অপৰাধত পাকিস্তানৰ ভূমিকাক উজ্জ্বল কৰি তুলিব।  
 
ঝাৰ নেতৃত্বত গঠিত প্ৰতিনিধি দলটোৰ অংশ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ছলমান খুৰশ্বিদে স্পষ্ট কৰি দিয়ে যে, সামৰিক পদক্ষেপ বন্ধ কৰাৰ সিদ্ধান্ত ভাৰত আৰু পাকিস্তানে পাৰস্পৰিকভাৱে লৈছে, কোনো তৃতীয় পক্ষৰ মধ্যস্থতা নোহোৱাকৈ - আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পূৰ্বৰ দাবীক প্ৰতিহত কৰি। 
 
ব্রিফিঙৰ সন্দর্ভত মন্তব্য কৰি খুৰছিদে কয়, "ভাৰত আৰু পাকিস্তানৰ মাজত বুজাবুজিত কোনোৱে হস্তক্ষেপ কৰা নাই, কোনোৱে মধ্যস্থতা কৰা নাছিল। কিন্তু যেতিয়া এনেবোৰ কথা পৃথিৱীত ঘটে তেতিয়া বিভিন্ন মানুহে এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰে। কিন্তু যি হৈছে, সেয়া হৈছে কেৱল দুয়োখন ৰাষ্ট্ৰৰ মাজত ঘটিছে। যেতিয়া বিষয়টো তীব্ৰতৰ হৈ উঠিছিল, তেতিয়া আমাৰ দুয়োখন ৰাষ্ট্ৰৰ মাজত হৈছিল। যেতিয়া ইয়াৰ অন্ত পৰিল, সেয়াও দুয়োখন ৰাষ্ট্ৰৰ মাজতহে অন্ত পৰিছিল। ইয়াৰ আৰম্ভণি পাকিস্তানৰ ডি জি এম অ'ই কৰিছিল। তেওঁলোকে কৈছিল যে, আমি এইটো শেষ কৰিব লাগে। আমি কৈছিলো যে, যদি তেওঁলোকে সাজু হয় তেন্তে আমিও শেষ কৰিবলৈ সাজু।   
 
সূত্ৰসমূহে জনোৱা মতে, প্ৰতিনিধি দলসমূহে ভাৰতত সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতাত পাকিস্তানৰ ভূমিকা সম্পৰ্কে বিশদভাৱে উল্লেখ কৰা নথি-পত্ৰসমূহো কঢ়িয়াই নিয়াৰ সম্ভাৱনা আছে, যাৰ সমৰ্থন আয়োজক দেশসমূহক পতিয়ন নিয়াবৰ লক্ষ্যৰে। এই নথি-পত্ৰসমূহ নিজ নিজ দেশৰ চৰকাৰী ভাষাত প্রস্তুত কৰা হ’ব পাৰে৷