আকৌ গুৱাহাটীত কৃত্ৰিম বান; গুৱাহাটীৰ ৰাজপথত চলিছে নাও

Story by  atv | Posted by  [email protected] • 6 h ago
গুৱাহাটীৰ ৰাজপথত চলিছে নাও
গুৱাহাটীৰ ৰাজপথত চলিছে নাও
 
গুৱাহাটী
 
গুৱাহাটীত কৃত্ৰিম বান কোনো নতুন কথা নহয়। গুৱাহাটীৰ নিত্য নৈমিত্তিক সমস্যাত পৰিণত হৈছে গুৱাহাটীৰ কৃত্ৰিম বান। নিশাৰে পৰাৰ অহা নেৰানেপেৰা বৰষুণৰ পিছতে পুনৰ বানত বুৰিল গুৱাহাটীৰ বিস্তৃৰ্ণ অঞ্চল।
 
মাজনিশাৰ পৰা গুৱাহাটীত আৰম্ভ হৈছে কৃত্ৰিম বান। নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীত ভিন্ন প্ৰান্তত হৈছে কৃত্ৰিম বান। গুৱাহাটীৰ হাতীগাঁও, ছয়মাইল, পাঞ্জাবাৰী, সাতগাঁও, ৰুক্মিণীগাঁও, লেম্ব ৰোড, পূৱ শৰণীয়া, চানমাৰি, শিলপুখুৰী, বামুনীমৈদাম, সিজুবাৰী, আমবাৰী অঞ্চলত কৃত্ৰিম বানৰ প্ৰকোপ।
 
আকৌ গুৱাহাটীত কৃত্ৰিম বান
 
গুৱাহাটীৰ ৰাজপথত একাঁঠু পৰ্যন্ত পানী। কৃত্ৰিম বানৰ পিছতে সমস্যাত পৰিছে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ লোক। কৃত্ৰিম বানৰ পিছতে সমস্যাত পৰিছে মহানগৰৰ মহানাগৰিক। বানৰ ফলত সমস্যাত পৰিছে কৰ্মক্ষেত্ৰলৈ যোৱা লোক। ৰাজপথেৰে পানীৰ মাজেৰে কৰিবলগীয়া হৈছে বিপদসংকুল যাত্ৰা।
 
ৰুক্মিণীগাঁৱতো কৃত্ৰিম বানৰ বাবে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰুক্মিণীগাঁৱৰ ৰাজপথত চলিছে এছডিআৰএফৰ নাও।