অসমে দুটা এশিঙীয়া গঁড় উপহাৰ দিলে উত্তৰ প্ৰদেশক

Story by  atv | Posted by  [email protected] • 3 Years ago
অসমে দুটা এশিঙীয়া গঁড় উপহাৰ দিলে উত্তৰ প্ৰদেশক
অসমে দুটা এশিঙীয়া গঁড় উপহাৰ দিলে উত্তৰ প্ৰদেশক
গুৱাহাটী
 
অসমৰ গৌৰৱ বিশ্ববিখ্যাত এশিঙীয়া গঁড় দুটা উপহাৰ হিচাপে প্ৰদান কৰিলে উত্তৰ প্ৰদেশৰ চাহিদ আছফা কুল্লাহ খান চিৰিয়াখানক। বুধবাৰে চিৰিয়াখানাখনৰ কৰ্তৃপক্ষই এই কথা অৱগত কৰে।
 
 
চিৰিয়াখানা উপভোগ কৰিবলৈ অহা দৰ্শনাৰ্থীসকললৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এয়া হোলীৰ উপহাৰ বুলিও উল্লেখ কৰে কৰ্তৃপক্ষই। ইতিমধ্যে অসমৰ পৰা লৈ যোৱা গঁড় দুটাক হৰ আৰু গৌৰী বুলি নামকৰণ কৰা হৈছে।
 
উল্লেখযোগ্য যে অহা ২৭ মাৰ্চত গোৰখপুৰ চিৰিয়াখানাই প্ৰথম বাৰ্ষিকী উদযাপন কৰিব। জানিব পৰা মতে, দুয়োটা গঁড়কে বেলেগ ট্ৰাকত লৈ যোৱা হৈছে। 
 
চিৰিয়াখানাখনৰ সঞ্চালক এইচ্চ ৰাজা মোহনে কয় যে কোৱাৰেণ্টাইনৰ সময় শেষ হোৱাৰ পিছত দৰ্শনাৰ্থীসকলে গঁড় দুটা চাব পাৰিব আৰু এই অনুষ্ঠানত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো উপস্থিত থকাৰ সম্ভাৱনা আছে।
গঁড় দুটা আনিবলৈ যোৱা শুকুৰবাৰে অসমলৈ আহিছিল গোৰখপুৰ চিৰিয়াখানাৰ সাতগৰাকী সদস্য আৰু বণ্যপ্ৰাণী বিশেষজ্ঞ যোগেশ সিং।