গুৱাহাটী
ভাৰতৰ বহু প্ৰত্যেক্ষিত ‘চন্দ্রযান-৩' অভিযানক লৈ দেশবাসীয়ে অধীৰ উৎকণ্ঠাৰে ১৪ জুলাই লৈ অপেক্ষা কৰাৰ সমান্তৰালভাৱে অসমবাসীলৈও এই অভিযানে সুকীয়া গৌৰৱ আৰু আশাৰ বতৰা কঢ়িয়াই আনিছে। দেশৰ বিজ্ঞানী সমাজৰ বাবে উল্লেখযোগ্য দিশৰ সূচনা কৰি বহু প্রত্যাশিত ‘চন্দ্ৰযান-৩' অভিযানৰ উৎক্ষেপণ নিয়ন্ত্ৰণ তথা অভিযান পৰিচালনাৰ ক্ষেত্ৰত চয়ন দত্ত নামৰ এগৰাকী সুদক্ষ অসমীয়া বিজ্ঞানীয়ে গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিছে।
উল্লেখ্য যে সম্প্ৰতি মহাকাশ বিভাগৰ ইউ আৰ ৰাও ছেটেলাইট চেণ্টাৰত বিজ্ঞানী আৰু অভিযন্তা হিচাপে কৰ্মৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেক্ট্রনিক্স আৰু যোগাযোগ অভিযান্ত্রিক বিভাগৰ প্ৰাক্তন ছাত্ৰ দত্তৰ এই সাফল্যৰ খবৰে উল্লসিত কৰি তুলিছে তেজপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক।
এইগৰাকী অসম সন্তান বিজ্ঞানীৰ ওপৰত ‘অন ব'ৰ্ড কমাণ্ড টেলিমেট্রি, ডাটা হেণ্ডলিং এণ্ড ষ্ট'ৰেজ ছিষ্টেম'ৰ লগতে লেণ্ডাৰ, চন্দ্ৰযান-৩ৰ উপ-প্রকল্প সঞ্চালকৰ দৰে গুৰুদায়িত্ব ন্যস্ত হৈছে। উল্লেখ্য যে ‘কমাণ্ড এণ্ড ডাটা হেণ্ডলিং ষ্ট’জে ছিষ্টেম মূলতঃ অবিৰ্টাৰৰ মগজু’ আৰু ই মহাকাশযানৰ সকলো কাৰ্য নিয়ন্ত্ৰণ কৰে। ভাৰতৰ তৃতীয় চন্দ্ৰ অভিযানৰ চন্দ্রযান-৩ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) লঞ্চ ভেহিকল মাৰ্ক-৩ শ্রীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা অহা ১৪ জুলাইত উৎক্ষেপণ কৰাৰ কথা।
তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা প্ৰেৰণ কৰা এটা বিবৃতিত এই বিষয়ে প্ৰকাশ কৰাৰ লগতে এই সন্দৰ্ভত বিজ্ঞানী দত্তৰ প্ৰতিক্ৰিয়াও উল্লেখ কৰিছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ প্রাক্তন ছাত্ৰগৰাকীয়ে এই দায়িত্ব নিষ্ঠাৰে ৰূপায়ণ কৰিবলৈ পাই ধন্য হোৱাৰ লগতে সংশ্লিষ্ট সকলোকে কৃতজ্ঞতা জনাইছে। এই অভিযান আমাৰ দেশ আৰু বিশ্বৰ বিজ্ঞানী সমাজৰ বাবে উল্লেখযোগ্য মাইলৰ খুঁটিৰূপে চিহ্নিত হৈ ৰ'ব বুলিও তেওঁ উল্লেখ কৰিছে।