গুৱাহাটী
অসম চৰকাৰে ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক ৮০ শতাংশ চৰকাৰী অনুদানেৰে ই-ৰিক্সা প্ৰদান কৰাৰ লগতে আন কেতবোৰ সামগ্ৰী সম্পূর্ণ বিনামূলীয়াকৈ দিয়াৰ সিদ্ধান্ত লৈছে। অসম সংখ্যালঘু উন্নয়ন পৰিষদে প্ৰকাশ কৰা এক জাননীত এই কথা উল্লেখ কৰা হৈছে।
এই জাননীখনৰ মতে অসম সংখ্যালঘু উন্নয়ন পৰিষদৰ তৰফৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে অসমৰ স্থায়ী বাসিন্দাৰ অধিসূচীত ধর্মীয় সংখ্যালঘু অর্থাৎ মুছলিম, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী সম্প্ৰদায়ৰ লোকসকলক ৮০ শতাংশ চৰকাৰী অনুদানেৰে ই-ৰিক্সাৰ উপৰি চিলাই মেচিন, ফেশ্বন ডিজাইন মেচিন, অট'মেটিক পেপাৰ প্লেট মেকিং মেচিন সম্পূর্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব।
অৱশ্যে ই-ৰিক্সাৰ ক্ষেত্ৰত মুঠ খৰচৰ ৮০ শতাংশ ধন চৰকাৰে দিব, বাকী ২০ শতাংশ ধন হিতাধিকাৰীয়ে বহন কৰিব লাগিব। অসম সংখ্যালঘু উন্নয়ন ব'ৰ্ডে প্ৰদান কৰিবলগা এনে সামগ্রীসমূহ লাভৰ বাবে আবেদনকাৰীৰ বয়স ১৮ বছৰৰ পৰা ৫০ বছৰৰ ভিতৰত হ'ব লাগিব। অহা ১৭ জানুৱাৰীৰ ভিতৰত আবেদনকাৰীয়ে অসম সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ ৱেবছাইট (amdb.assam.gov.in)ত অনলাইনযোগে আবেদন কৰিব লাগিব।
আবেদনকাৰীসকলৰ বছৰেকীয়া আয় তিনি লাখ টকাতকৈ অধিক হ’ব নোৱাৰিব। আবেদনকাৰীয়ে অনলাইনযোগে প্র-পত্ৰ পূৰণ কৰাৰ সময়ত যাৱতীয় নথি-পত্র আপলোড কৰিব লাগিব। তদুপৰি আবেদনৰ লগত আপলোড কৰা নথি-পত্ৰসমূহৰ মূল কপি বাছনি প্রক্ৰিয়াৰ সময়ত আবেদনকাৰীয়ে লৈ আহিব লাগিব।