৭ মে'ত অনুষ্ঠিত হ'বলগীয়া নির্বাচনৰ বাবে ৪৮ ঘণ্টা ড্রাই ডেৰ ঘোষণা নির্বাচন আয়োগৰ

Story by  atv | Posted by  Munni Begum • 13 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
৭ মে'ত অনুষ্ঠিত হ'বলগীয়া নির্বাচনৰ বাবে নির্বাচন আয়োগে প্রস্তুতি সম্পূৰ্ণ কৰিছে। সংসদীয় সমষ্টি কেইটাত দেওবাৰৰ বিয়লি ৫ বজাৰ পৰা ভোটগ্রহণৰ দিনা বিয়লি ৫ বজালৈ 'ড্রাই ডে' ঘোষণা কৰা হৈছে। 
 
ভোটগ্রহণ অনুষ্ঠিত হ'বলগীয়া এলেকাসমূহত সুৰা মজুত কৰা, বিক্ৰী কৰা তথা বিতৰণ কৰা আদি কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ভোটগ্রহণ শেষ হোৱাৰ পূৰ্বৰ ৪৮ ঘণ্টা ড্রাই ডেৰ ঘোষণা কঠোৰভাৱে পালন কৰিবলৈ নির্বাচন আয়োগে নির্দেশ দিছে। 
 
ইপিনে, ৫ মে'ৰ আবেলি ৫ বজাৰপৰা কোনো প্রার্থী বা দলে নির্বাচনী প্ৰচাৰ সম্বন্ধীয় সভা, শোভাযাত্রা আদি অনুষ্ঠিত কৰিব নোৱাৰিব। টেলিভিছন বা অন্য কোনো মাধ্যমৰ জৰিয়তে নির্বাচনী প্রচাৰ চলাব নোৱাৰিব। 
 
আনহাতে, নির্বাচন আয়োগে এক জাননীযোগে কৈছে যে জনপ্রতিনিধিত্ব আইন ১৯৫১ৰ ধাৰা ১২৬ অনুসৰি ভোটগ্রহণ সমাপ্ত হোৱাৰ ৪৮ ঘণ্টা আগেয়ে ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে নির্বাচনী প্রচাৰ সমাপ্ত কৰিব লাগিব। লক্ষণীয় যে চাৰিটা সমষ্টিত ৪৭ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে।
 
৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ ভোটগ্রহণৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা আয়ুক্তই কামৰূপ মহানগৰ জিলাত ড্রাই ডে' ঘোষণা কৰিছে। এই সময়ছোৱাত জিলাখনত সুৰা সেৱন, সৰবৰাহ তথা ক্রয়-বিক্রয় সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। 
 
তদুপৰি সকলো ধৰণৰ সুৰাৰ পাইকাৰী আৰু খুচুৰা বিপণী, বাৰ আদি বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে। কোনো ব্যক্তি অথবা প্রতিষ্ঠানে উল্লিখিত নিয়ম ভংগ কৰিলে জনপ্রতিনিধি আইন, ১৯৫১-ৰ ১৩৫ (গ) ধাৰা তথা আবকাৰী আইনৰ অধীনত বিহিত ব্যৱস্থা গ্রহণ কৰা হ'ব বুলি নির্দেশটোত কোৱা হৈছে। 
 
উল্লেখযোগ্য যে, জিলা প্রশাসনে অহা ৪ জুনৰ ভোট গণনাৰ দিনাখনো কামৰূপ মহানগৰ জিলাত ড্রাই ডে' ঘোষণা কৰিছে।