গুৱাহাটী
নতুন সমষ্টি, নতুন ভোটাৰ তালিকাৰ ভিত্তিতেই হ'ব ২০২৪ চনৰ লোকসভা নির্বাচন। আজি দিছপুৰত জনতা ভৱনত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰী কৰিছে ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে।
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত আগত লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰা ৰাজ্যৰ নিৰ্বাচন বিভাগে দিছপুৰত আজি আয়োজন কৰা প্ৰথমখন সংবাদমেলত মুখ্য নির্বাচনী বিষয়া গোৱেলে লগতে কয় যে নতুন সমষ্টি অনুসৰি প্ৰস্তুত কৰা হ'ব অসমৰ ভোটাৰ তালিকা। সমষ্টি ভিত্তিত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ পাব অহা ৩১ জানুৱাৰীত।
যোৱা ১৬ আগষ্টৰ পৰা সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া কাৰ্যকৰী হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ১৭ আগষ্টৰ পৰা 'অনলাইন', 'অফলাইন’ দুয়োটা পদ্ধতিতে বন্ধ হৈ আছে ভোটাৰ তালিকাত নাম সংশোধনী প্রক্রিয়া।
সংবাদমেলত গোৱেলে জানিবলৈ দিয়ামতে অহা ২৫ ছেপ্টেম্বৰৰ ভিতৰত সম্পূর্ণ হ'ব নতুন সমষ্টিৰ মানচিত্র। সমষ্টিৰ ভৌগোলিক সীমা অনুসৰি স্থাপন কৰা হ'ব ভোট কেন্দ্র। প্রতিটো ভোটকেন্দ্ৰত সর্বাধিক ১,৫০০ ভোটাৰ থাকিব। তাতকৈ অধিক ভোটাৰ হ'লে স্থাপন কৰা হ'ব অতিৰিক্ত ভোটকেন্দ্র। নতুন ভোটকেন্দ্ৰৰ বাবে ২৭ অক্টোবৰৰ ভিতৰত বি এল অ'ৱে দাখিল কৰিব লাগিব খচৰা।
এই অনুসৰি দহ নৱেম্বৰত প্ৰকাশ পাব নতুন ভোটকেন্দ্ৰৰ তালিকা। ৰাজ্যত বৃদ্ধি পাব ১০ শতাংশ নতুন ভোটকেন্দ্র। অহা এক ডিচেম্বৰত প্ৰকাশ পাব নতুন ভোটাৰ তালিকাৰ খচৰা। ইয়াৰ পাচত ২০২৪ চনৰ ৩১ জানুৱাৰীত প্রকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। পৰৱৰ্তী পৰ্যায়ত নিৰ্বাচনৰ দিন ঘোষণা নোহোৱা পর্যন্ত নাম অন্তর্ভুক্ত কৰিব পাৰিব ভোটাৰ তালিকাত।
পূর্বে ৫ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ পাইছিল বুলি উল্লেখ কৰি তেওঁ ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলক বুথ পৰ্যায়ৰ এজেন্ট নিয়োগ কৰিবলৈ আহ্বান জনায়। শুকুৰবাৰৰ পৰা ৰাজ্যৰ ৫০ খন নির্বাচনী জিলাত ই ভি এমৰ প্ৰথম পৰ্যায়ৰ পুনৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হ'ব।
বিকল ই ভি এমসমূহ সাত দিনৰ ভিতৰত মেৰামতিৰ বাবে হায়দাবাদলৈ প্ৰেৰণ কৰা হ'ব। ২৯ ছেপ্টেম্বৰৰ ভিতৰত ই ভি এমৰ পুনৰীক্ষণ সমাপ্ত কৰা হ'ব। বর্তমানে ৰাজ্যত ৫২ হেজাৰ ই ভি এম আছে আৰু কার্যক্রম ই ভি এমসমূহ স্ট্রং ৰূমত ৰখা হ'ব।