গুৱাহাটী
প্রবল বৃষ্টিপাতে স্তব্ধপ্রায় কৰি তুলিছে ৰাজ্যবাসীৰ জনজীৱন। বিগত ২৪ ঘণ্টাত ৰাজ্যত অব্যাহত থকা নেৰানেপেৰা বৰষুণে জটিলৰ পৰা জটিলতৰ কৰি তুলিছে পৰিস্থিতি। ৰাজ্যৰ কেইবাখনো জিলাত আগত সময়ছোৱাতো প্রবলৰ পৰা অতি প্রবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।বিশেষকৈ আগন্তুক ৪ দিনলৈ ৰাজ্যৰ ভিন্ন প্রান্তত অব্যাহত থাকিব প্রবল বৃষ্টিপাত। ৪০-৫০ কিলোমিটাৰপর্যন্ত বেগত বলিব বতাহ।
পশ্চিম অসম আৰু বৰাক উপত্যকাৰ জিলাসমূহত প্রধানকৈ অব্যাহত থাকিব প্রবল বৃষ্টিপাত। বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্রই আজি প্রকাশ কৰিছে এই আগজাননী। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নামনি অসমৰ বঙাইগাঁও, চিৰাং, বাক্সা, বৰপেটা, বজালী, তামুলপুৰ জিলাত আজিৰ বাবেও 'ৰেড এলার্ট' জাৰি কৰিছে বতৰ বিজ্ঞানে। একেদৰে নলবাৰী, দৰং, ওদালগুৰি জিলাতো আজি প্রবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বিভাগটোৱে।
আজি ঠায়ে ঠায়ে ২১ চেন্টিমিটাৰতকৈও বেছি বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ঠাই বিশেষে বিজুলী-গাজনিসহ ঘণ্টাত ৩০-৪০ কিলোমিটাৰ গতিবেগত বতাহ বলাৰ উপৰি এই গতি ৪০-৫০ কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে। সমান্তৰালভাৱে পৰহিলৈ অর্থাৎ অহা ১ জুনত প্রবল বৃষ্টিপাত অব্যাহত থাকিব ধুবুৰী, দক্ষিণ শালমাৰা আৰু শ্রীভূমিত জিলাত।
সেইদিনা জিলাকেইখনত ১২ৰ পৰা ২০ চেন্টিমিটাৰপর্যন্ত বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। গুৱাহাটী মহানগৰ, কামৰূপ জিলাকে ধৰি মৰিগাঁও, নগাঁও, হোজাই, ওদালগুৰি, দৰং, গোলাঘাট আদি জিলাতো শনিবাৰে পাতলীয়াৰ পৰা মজলীয়াধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।
উল্লেখ্য যে, একেৰাহে হৈ থকা বৰষুণৰ ফলত মহানগৰীকে ধৰি ৰাজ্যৰ পৰিস্থিতিয়ে জটিল ৰূপ লোৱাত নাগৰিকসকলৰ মাজত সৃষ্টি হোৱা আতংকৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ৰাইজক আশ্বস্ত কৰাৰ চেষ্টা চলায়। চুবুৰীয়া বাংলাদেশ বিশেষকৈ বংগোপসাগৰৰ পৰা ডাৱৰৰ হেঁচা বৃদ্ধি পোৱাৰ ফলতে অৰুণাচল, মেঘালয়, অসমত বৰষুণৰ মাত্ৰা প্ৰবল হৈছে আৰু ৰাজ্যৰ বৰ্তমান পৰিস্থিতি অস্বাভাৱিক হৈ পৰিছে। সেয়ে কোনো জৰুৰী কাম নাথাকিলে মহানগৰবাসীক ঘৰৰ পৰা ওলাই নাহিবলৈ আহ্বান জনোৱা হৈছে।
উল্লেখ্য যে, শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে ৰাজ্যখনৰ ৯ লাখ বিদ্যুৎ গ্রাহকৰ বিদ্যুৎ কর্তন কৰাৰ লগতে গুৱাহাটী মহানগৰীৰ এশটা ট্রেন্সফৰ্মাৰ বন্ধ কৰি ৰখা হৈছে বুলিও মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। ইপিনে মহানগৰীৰ কৃত্রিম বানত ক্ষতিগ্রস্তসকলৰ বাবে জিলা প্রশাসনে ৰুক্মিণীগাঁও আৰু সাতগাঁৱত দুটা আশ্রয় শিবিৰৰ ব্যৱস্থা কৰিছে। তাৰে এটা ৰুক্মিণীগাঁও ৰংগমঞ্চ প্রেক্ষাগৃহ আৰু এটা সাতগাঁও হাইস্কুলত।
কৃত্রিম বানে বিভীষিকাৰ সৃষ্টি কৰা গুৱাহাটীৰ সৰ্বসাধাৰণ লোকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ স্বাৰ্থত মুকলি কৰা হৈছে টোল ফ্রী নম্বৰ। কৃত্রিম বানৰ ভয়াৱহতাৰ এই সময়ত সম্মুখীন হোৱা সমস্যাৰ ক্ষেত্ৰত গুৱাহাটীৰ নাগৰিকে যিকোনো ধৰণৰ সহায় বিচাৰি জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ডি ডি এম এ) আৰু কামৰূপ মহানগৰ জিলা জৰুৰীকালীন অভিযান কক্ষ (ডিই অ' চি)ৰ সৈতে যোগাযোগ কৰিব পাৰিব।
এইক্ষেত্রত মুকলি কৰা টোল ফ্রী নম্বৰটো হৈছে ০৩৬১-১০৭৭। তদুপৰি ডি ডি এম এ আৰু ডি ই অ' চিয়ে ৰাইজৰ সুৰক্ষা আৰু নিৰাপত্তাৰ স্বাৰ্থত ৯৩৬৫৪-২৯৩১৪ ম'বাইল নম্বৰো মুকলি কৰিছে। বানৰ বিভীষিকাৰ সময়ত সম্মুখীন হোৱা সমস্যাৰ বাবে গুৱাহাটীৰ বাসিন্দাই উক্ত দুয়ো নম্বৰত যোগাযোগ কৰিব পাৰিব।