২০৭৫ চনৰ ভিতৰত বিশ্বৰ দ্বিতীয় বৃহত্তম অৰ্থনীতি দেশ হিচাপে পৰিগণিত হব ভাৰত

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
বিনিয়োগ বেংক গোল্ডমেন চেক্সৰ এক প্ৰতিবেদন অনুসৰি ২০৭৫ চনৰ ভিতৰত ভাৰতে জাপান, জাৰ্মানী আৰু আমেৰিকাক অতিক্ৰম কৰি বিশ্বৰ দ্বিতীয় বৃহত্তম অৰ্থনীতি দেশ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান ভাৰত বিশ্বৰ ৫ম বৃহত্তম অৰ্থনীতি দেশ হৈ আছে।
 
প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এই প্ৰক্ষেপণ কেইবাটাও কাৰকৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। ইয়াৰ ভিতৰত অনুকূল জনগাঁথনি, উদ্ভাৱন আৰু প্ৰযুক্তি, বৃদ্ধি পোৱা মূলধনী বিনিয়োগ, আৰু শ্ৰমিকৰ উৎপাদনশীলতা উন্নত কৰা আদি অন্তৰ্ভুক্ত। 
 
গোল্ডমেন চেক্সে ভৱিষ্যদ্বাণী কৰিছে যে নিৰ্ভৰশীল জনসংখ্যাৰ তুলনাত কৰ্মবয়সীয়া লোকৰ সংখ্যা জুখি ভাৰতৰ নিৰ্ভৰশীলতা অনুপাত অহা বিশ বছৰত চুবুৰীয়া অৰ্থনীতিৰ ভিতৰত আটাইতকৈ কম হ’ব। 
 
গোল্ডমেন চেক্স ৰিচাৰ্চৰ অৰ্থনীতিবিদ সন্তনু সেনগুপ্তাই জোৰ দি কয় যে জনগাঁথনিয়ে উল্লেখযোগ্য ভূমিকা পালন কৰিলেও উদ্ভাৱন, উচ্চ শ্ৰমিক উৎপাদনশীলতা আৰু বৃদ্ধি পোৱা মূলধনী বিনিয়োগো ভাৰতৰ অৰ্থনৈতিক বিকাশৰ অপৰিহাৰ্য চালক হ’ব। 
 
প্ৰতিবেদনত লগতে এই কথা উল্লেখ কৰা হৈছে যে নিৰ্ভৰশীলতাৰ অনুপাত হ্ৰাস পোৱাৰ লগে লগে ভাৰতৰ সঞ্চয়ৰ হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ সৈতে অধিক আয় আৰু শক্তিশালী বিত্তীয় খণ্ডই অধিক বিনিয়োগৰ বাবে অধিক মূলধন লাভ কৰিব।
 
বিশেষকৈ পথ আৰু ৰে’ল পথ নিৰ্মাণৰ ক্ষেত্ৰত আন্তঃগাঁথনি উন্নয়নত চৰকাৰে গুৰুত্ব দিয়াটো এক ইতিবাচক পদক্ষেপ হিচাপে দেখা গৈছে। গোল্ডমেন চেক্সে পৰামৰ্শ দিয়ে যে ব্যক্তিগত খণ্ডই এই সুযোগ গ্ৰহণ কৰি উৎপাদন আৰু সেৱা সম্প্ৰসাৰণ, অধিক চাকৰিৰ সৃষ্টি আৰু দেশৰ বৃহৎ শ্ৰমিক শক্তিক ঠাই দিব লাগে। 
 
কিন্তু প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ বাবে সম্ভাৱ্য বিপদ নিহিত হৈ আছে শ্ৰমিক শক্তিৰ অংশগ্ৰহণৰ হাৰ কম হোৱা। যোৱা ১৫ বছৰত শ্ৰম বজাৰত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা লোকৰ হাৰ হ্ৰাস পাইছে। ইয়াৰ উপৰিও ই উল্লেখযোগ্য লিংগ বৈষম্যৰ ওপৰত আলোকপাত কৰিছে, য’ত মহিলাৰ অংশগ্ৰহণৰ হাৰ পুৰুষতকৈ বহু কম।