আকাশ মিছাইল ব্যৱস্থা, অস্ত্ৰ স্থান নিৰ্ণয় ৰাডাৰৰ বাবে ভাৰতীয় সেনাই ₹ ৯ হাজাৰ কোটিৰ চুক্তি স্বাক্ষৰ কৰে

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
নতুন দিল্লী

ভাৰতীয় সেনাবাহিনীৰ বাবে বৰ্ধিত আকাশ ৱেপন চিষ্টেম আৰু ১২টা অস্ত্ৰ স্থান নিৰ্ণয় ৰাডাৰ, ডব্লিউ এল আৰ স্বাথি (প্লেইন) মুঠ ₹৯,১০০ কোটিতকৈ অধিক মূল্যৰ অধিগ্ৰহণৰ বাবে বৃহস্পতিবাৰে চুক্তি স্বাক্ষৰ কৰে, সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰিছে।

সেনা বায়ু প্ৰতিৰক্ষাৰ ৩য় আৰু চতুৰ্থ ৰেজিমেণ্টৰ বাবে বৰ্ধিত আকাশ ৱেপন চিষ্টেম (AWS) অধিগ্ৰহণৰ বাবে ভাৰত ডাইনামিক্স লিমিটেডৰ সৈতে ₹৮,১৬০ কোটিৰো অধিক মূল্যৰ চুক্তি স্বাক্ষৰিত হয়, য’ত আছে লাইভ মিছাইল আৰু লঞ্চাৰ মডিফিকেচনৰ সৈতে, গ্ৰাউণ্ড চাপৰ্ট ইকুইপমেণ্ট, বাহন আৰু আন্তঃগাঁথনি।

AWS হৈছে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ৰ দ্বাৰা ঘৰতে সৃষ্টি আৰু বিকশিত কৰা শ্বৰ্ট ৰেঞ্জ ছাৰ্ফেচ টু এয়াৰ মিছাইল (এছ আৰ এছ এ এম) এয়াৰ ডিফেন্স চিষ্টেম।

"আকাশী ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ উত্তৰ সীমান্তৰ বাবে ভাৰতীয় সেনাৰ বাবে উন্নীতকৰণৰ সৈতে AWSৰ দুটা অতিৰিক্ত ৰেজিমেণ্ট ক্ৰয় কৰা হৈছে। উন্নত AWSত আছে ছিকাৰ টেকন'লজি, হ্ৰাস কৰা ফুট প্ৰিন্ট, ৩৬০° এংগেজমেণ্ট কেপেবিলিটি আৰু উন্নত পৰিৱেশৰ পৰিমাপ।" - এটা প্ৰেছ বিবৃতিত কোৱা হৈছে।

বিবৃতিটোত উল্লেখ কৰা অনুসৰি এই পদক্ষেপে বিশেষকৈ ভাৰতীয় ক্ষেপণাস্ত্ৰ নিৰ্মাণ উদ্যোগৰ লগতে সাধাৰণতে থলুৱা প্ৰতিৰক্ষা নিৰ্মাণৰ পৰিৱেশতো লাভৱান হ’ব। প্ৰকল্পটোৰ সমগ্ৰ থলুৱা সামগ্ৰী ৮২%, যিটো ২০২৬-২৭ চনৰ ভিতৰত ৯৩% লৈ বৃদ্ধি কৰা হ’ব।

ভাৰত ইলেক্ট্ৰনিক লিমিটেড (বি ই এল)ৰ সৈতে ₹৯৯০ কোটিতকৈ অধিক ব্যয়ৰে ডব্লিউ এল আৰ স্বাথী (প্লেইনছ) চুক্তিবদ্ধ হৈছিল। ই এটা থলুৱাভাৱে নিৰ্মিত ডব্লিউ এল আৰ যিয়ে নিজৰ বাহিনীৰ ফালে গুলী চলোৱা বন্দুক, মৰ্টাৰ আৰু ৰকেট বিচাৰি উলিয়াব পাৰে, যাৰ ফলত নিজৰ অগ্নিশক্তিৰ সম্পদ ব্যৱহাৰ কৰি পাল্টা বোমা বিস্ফোৰণৰ দ্বাৰা ইয়াক নিৰ্মূল কৰিব পৰা যায়।

ইয়াৰ ফলত সৈন্যই শত্ৰুৰ পৰা কোনো বাধা নোহোৱাকৈ নিজৰ কাৰ্য্যকৰী দায়িত্ব পালন কৰাৰ লগতে একেসময়তে শত্ৰুতাপূৰ্ণ গুলীচালনাৰ পৰা ৰক্ষা পাব পাৰিব। বিবৃতি অনুসৰি এই অধিগ্ৰহণ প্ৰক্ৰিয়াত ২৪ মাহ সময় লাগিব বুলি আশা কৰা হৈছে।

নৌসেনাৰ বাবে মিছাইল জাহাজ


প্ৰতিৰক্ষা খণ্ডত ‘আত্মনিৰ্ভৰ্ত’ লাভৰ বাবে আন এক বৃহৎ সহায়ক হিচাপে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় জাহাজ নিৰ্মাণ কাৰখানাৰ সৈতে ১১খন নেক্সট জেনেৰেচন অফশ্ব’ৰ পেট্ৰ’ল জাহাজ আৰু ছখন নেক্সট জেনেৰেচন মিছাইল জাহাজ অধিগ্ৰহণৰ বাবে চুক্তিবদ্ধ হয়, যাৰ ব্যয় সামগ্ৰিকভাৱে প্ৰায় ₹১৯,৬০০ কোটি।

ক্ৰয় শিতানৰ অধীনত ১১খন নেক্সট জেনেৰেচন অফশ্ব’ৰ পেট্ৰ’ল জাহাজ গোৱা শ্বিপয়াৰ্ড লিমিটেড আৰু গাৰ্ডেন ৰিচ শ্বিপবিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰছ (জি আৰ এছ ই), কলকাতাৰ সৈতে মুঠ ₹৯,৭৮১ কোটি ব্যয়ৰে অধিগ্ৰহণৰ চুক্তি স্বাক্ষৰিত হয়। ১১খন জাহাজৰ ভিতৰত ৭খন জাহাজৰ থলুৱা ডিজাইন, বিকশিত আৰু নিৰ্মাণ কৰা হ’ব জি এছ এল আৰু চাৰিখন জি আৰ এছ ইয়ে। ২০২৬ চনৰ ছেপ্টেম্বৰৰ পৰা জাহাজসমূহৰ ডেলিভাৰী আৰম্ভ হোৱাৰ কথা।

উল্লেখযোগ্য যে এই জাহাজসমূহ অধিগ্ৰহণৰ ফলত ভাৰতীয় নৌসেনাই নিজৰ যুদ্ধ ক্ষমতা বজাই ৰাখিবলৈ সক্ষম হ’ব আৰু বিভিন্ন কাৰ্য্যকৰী প্ৰয়োজনীয়তা যেনে এণ্টি-পাইৰেচি, কাউণ্টাৰ-ইনফিল্ট্ৰেচন, এণ্টি-প’চিং, এণ্টি-ট্ৰেফিকিং, নন-কম্বেটেণ্ট ইভেকুৱেশ্যন অপাৰেচন, চাৰ্চ এণ্ড ৰেচকিউ (SAR), অফশ্বৰ সম্পদৰ সুৰক্ষা ইত্যাদি এই জাহাজসমূহৰ নিৰ্মাণৰ ফলতো সাড়ে সাত বছৰৰ ভিতৰত ১১০ লাখ মানুহৰ কৰ্মসংস্থাপনৰ সৃষ্টি হ’ব।

এই জাহাজসমূহে মেৰিটাইম ষ্ট্ৰাইক অপাৰেচন, এণ্টি ছাৰ্ফেচ ৱাৰফেয়াৰ অপাৰেচন চলাব পাৰিব আৰু বিশেষকৈ চ’ক পইণ্টত শত্ৰুৰ জাহাজৰ বাবে সাগৰীয় অস্বীকাৰৰ এক ডাঙৰ আহিলা হ’ব।

বৃহস্পতিবাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰত ইলেক্ট্ৰনিকছ লিমিটেডৰ সৈতে নৌসেনাৰ বাবে ₹১৭০০ কোটিৰো অধিক ব্যয় সাপেক্ষে ১৩টা লিংকছ-ইউ২ (Lynx-U2) অগ্নি নিয়ন্ত্ৰণ ব্যৱস্থা ক্ৰয়ৰ বাবেও চুক্তিবদ্ধ হয় বুলি বিষয়াসকলে জনায়।

মন কৰিবলগীয়া যে লিংকছ-ইউ২ ব্যৱস্থা হৈছে ভাৰতত ডিজাইন আৰু বিকশিত কৰা নৌসেনাৰ বন্দুকৰ গুলী নিয়ন্ত্ৰণ ব্যৱস্থা। চৰকাৰে এক বিবৃতিত কয় যে ই সাগৰৰ অগোছালিৰ মাজত লক্ষ্য সঠিকভাৱে অনুসৰণ আৰু সংযুক্ত কৰিবলৈ সক্ষম।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে বেংগালুৰুৰ বি ই এলৰ সৈতে "Buy {Indian - IDMM (Indigenously Designed Developed and Manufactured) RHL" ৰ অধীনত মুঠ ₹১,৭০০ কোটিৰ ওপৰত ভাৰতীয় নৌসেনাৰ বাবে ১৩টা Lynx-U2 অগ্নি নিয়ন্ত্ৰণ ব্যৱস্থা ক্ৰয় কৰাৰ বাবে চুক্তিবদ্ধ হয়, বিবৃতিটোত আৰু কোৱা হৈছে।