নতুন দিল্লী
ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক তথা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সাংসদ গৌতম গম্ভীৰে "আইছিছ কাশ্মীৰ" (ISIS Kashmir)ৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰা বুলি জানিব পৰা গৈছে। এই ভাবুকিৰ বাবেই বুধবাৰে গম্ভীৰে দিল্লী আৰক্ষীৰ কাষ চাপে আৰু তৎকালীন ব্যৱস্থা বিচাৰে।
এই আতংকজনক পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই গম্ভীৰে আনুষ্ঠানিকভাৱে এফআইআৰ পঞ্জীয়নৰ বাবে অনুৰোধ দাখিল কৰে বুলি এছএইচঅ’ ৰাজিন্দৰ নগৰ থানা আৰু ডিচিপি কেন্দ্ৰীয় দিল্লীয়ে প্ৰকাশ কৰিছে।
তেওঁ নিজৰ পৰিয়ালৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে কৰ্তৃপক্ষক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈও আহ্বান জনায়। এই ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী আৰক্ষীয়ে বিষয়টোৰ পুংখানুপুংখ তদন্ত কৰি গম্ভীৰ আৰু তেওঁৰ পৰিয়ালক সুৰক্ষিত কৰাৰ বাবে উপযুক্ত নিৰাপত্তা ব্যৱস্থা ৰূপায়ণ কৰিব বুলি আশা কৰা হৈছে।
উল্লেখ্য যে, ২২ এপ্ৰিলত গম্ভীৰে দুটা ভাবুকিপূৰ্ণ ইমেইল পোৱা বুলি অভিযোগ পত্ৰত কোৱা হৈছে। দুয়োটা মেইলতে লিখা আছিল-"I Kill U"। গম্ভীৰে এনে ভাবুকিৰ সন্মুখীন হোৱাটো প্ৰথম ঘটনা নহয়। ২০২১ চনৰ নৱেম্বৰ মাহ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়তো তেওঁ একেধৰণৰ ইমেইল পাইছিল।
ইফালে, মঙলবাৰে গম্ভীৰে এক্সত জম্মু-কাশ্মীৰৰ পেহেলগামত পৰ্যটকৰ ওপৰত হোৱা সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণক গৰিহণা দিয়ে। মঙলবাৰে সংঘটিত নৃশংস আক্রমণত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত গুলীচালনা কৰাৰ ফলত ২৬ জন সাধাৰণ নাগৰিকৰ মৃত্যু হয়।