চাবমেৰিন ফ্লীট আধুনিকীকৰণৰ লক্ষ্যৰে ₹৬০,০০০ কোটিৰ নিবিদা ভাৰতীয় নৌসেনাৰ

Story by  atv | Posted by  Munni Begum • 14 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
দেশৰ বিদ্যমান পৰম্পৰাগত চাবমেৰিন ফ্লীটৰ আধুনিকীকৰণৰ লক্ষ্যৰে ভাৰতীয় নৌসেনাই ₹৬০,০০০ কোটিৰ নিবিদা প্ৰস্তুত কৰি অতি উন্নত চাবমেৰিন নিৰ্মাণৰ বাবে পৰীক্ষণ আৰম্ভ কৰিছে। 
 
ভাৰতীয় নৌসেনাই লাৰ্চেন এণ্ড টুব্ৰো আৰু মাজাগাঁও ডকয়াৰ্ড লিমিটেডকে ধৰি প্ৰতিযোগী দলসমূহৰ পৰীক্ষণ আৰম্ভ কৰিছে। ₹৬০,০০০ কোটিৰ  চুক্তিৰ অধীনত  ৬ খন ষ্টিল্থ চাবমেৰিন নিৰ্মাণ কৰা হব, যিকেইখন এয়াৰ ইণ্ডিপেণ্ডেণ্ট প্ৰ'পালচন (এআইপি) প্ৰযুক্তিৰে সজ্জিত হব আৰু পানীৰ তলত দীঘলীয়া কাৰ্যকলাপৰ বাবে সক্ষম হ'ব।  
 
প্ৰতিৰক্ষা বিষয়াসকলে জনায় যে, জাৰ্মানী চাবমেৰিনৰ এয়াৰ ইণ্ডিপেণ্ডেণ্ট প্ৰ'পালচন প্ৰণালীৰ পৰীক্ষণ জাৰ্মানীত মাৰ্চৰ শেষ সপ্তাহত কিয়েলত কৰা হৈছিল। পৰৱৰ্তী শৃংখলাৰ পৰীক্ষণ জুনত স্পেনিছ নৌসেনাৰ সহযোগত অনুষ্ঠিত হ'ব। 
 
বিষয়াসকলে কয় যে, জাৰ্মান পক্ষই প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মালিকানাধীন এমডিএলৰ সৈতে চুক্তি বদ্ধ হৈছে। প্ৰতিযোগিতাখন হৈছে জাৰ্মানী আৰু স্পেইনৰ সহযোগত ভাৰতৰ কাৰ্যসূচীৰ বাবে ষ্টিল্থ চাবমেৰিন নিৰ্মাণ কৰা। স্পেনিছ নাভাণ্টিয়া আৰু ভাৰতৰ লাৰ্চেন এণ্ড টুব্ৰো এই বৃহৎ প্ৰকল্পটোৰ অংশীদাৰ। 
 
ভাৰতে মেক ইন ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত এই চাবমেৰিনসমূহ নিৰ্মাণ কৰিব বিচাৰিছে আৰু প্ৰতিৰক্ষা প্ৰকল্পৰ বাবে ভাৰতীয় প্ৰতিষ্ঠানসমূহে ৩০,০০০ কোটি টকাৰ অধিক ব্যৱসায় লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে।