বিপদতত পৰিছে দীর্ঘম্যাদী ভিছা লৈ ভাৰতত থকা পাকিস্তানী ৰাবিয়া

Story by  atv | Posted by  Munni Begum • 19 h ago
ৰাবিয়া আয়ুছ ওৰফে ৰাবিয়া বেগম
ৰাবিয়া আয়ুছ ওৰফে ৰাবিয়া বেগম
 
গুৱাহাটী 
 
পেহেলগামৰ নৰসংহাৰক কেন্দ্ৰ কৰি দেশজুৰি অব্যাহত থকা চাঞ্চল্যৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ৪৮ ঘণ্টাৰ ভিতৰত ভাৰতত থকা পাকিস্তানী নাগৰিকক ভাৰত ত্যাগ কৰিবলৈ নির্দেশ দিয়াত একপ্ৰকাৰ হুৱা দুৱা লাগে ভাৰতত থকা পাকিস্তানী নাগৰিকৰ মাজত। 
 
পাকিস্তানী নাগৰিকসকলে টালি-টোপোলা বান্ধি ঘৰমুখী হ'বলৈ তৎপৰতা অৱলম্বন কৰাৰ মাজতে তিনিচুকীয়াত এগৰাকী পাকিস্তানী মহিলাৰ অৱস্থিতিক লৈ বিশেষ চর্চা চলিছে। 
 
উল্লেখ্য যে, দেওবাৰে ডিব্ৰুগড়ৰ নির্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সাংবাদিকৰ আগত ৰাজ্যখনত কেৱল এগৰাকীয়েই পাকিস্তানী নাগৰিক থকা বুলি জানিবলৈ দি তেওঁ তিনিচুকীয়াত থকা বুলি স্পষ্ট কৰিছিল সেই সূত্রে সোমবাৰে সংবাদ মাধ্যমৰ লোকে ৰাবিয়া আয়ুছ নামৰ সেই পাকিস্তানী নাগৰিকগৰাকীৰ শুংসূত্র উলিয়াবলৈ সক্ষম হয়। 
 
বিবাহসূত্ৰে ভাৰতলৈ প্ৰৱেশ ঘটা ৰাবিয়া আয়ুছ নামৰ এই পাকিস্তানী মহিলাগৰাকীক লৈ এতিয়া জল্পনা-কল্পনাৰ ওৰ পৰা নাই। জানিব পৰামতে ২০১৩ চনত মহম্মদ আবেছ নামৰ এজন ভাৰতীয় লোকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল কৰাচীৰ ৰাবিয়া। আৰু ২০২২ চনৰ পৰা তিনিচুকীয়া চহৰৰ ৰঙাগড়া পথৰ বৰপথাৰৰ এটা ভাড়াঘৰত পৰিয়ালসহ বসবাস কৰি আছে তেওঁ।   
 
সম্প্ৰতি পৰিয়ালটোৱে এখন সাধাৰণ দোকান দি তিনিচুকীয়াত নিগাজিকৈ বসবাস কৰি আছে। দীর্ঘম্যাদী ভিছা লৈ ৰাবিয়াই পৰিয়ালৰ সৈতে চহৰখনত বসবাস কৰি আছে। বিবাহৰ পিচত ৰাবিয়া আয়ুছ ওৰফে ৰাবিয়া বেগমে ২০২১ চনত স্বামীসহ পাকিস্তানৰ পৰা অসমত প্ৰৱেশ কৰিছিল বুলি জানিব পৰা গৈছে। 
 
সেই সময়ত পাকিস্তানী নাগৰিকগৰাকীয়ে দীর্ঘম্যাদী ভিছা আৰু ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন জনাইছিল। দীর্ঘম্যাদী ভিছাৰ বিষয়টো সম্প্রতি ভাৰত চৰকাৰৰ বিবেচনাধীন হৈ আছে যদিও ৰাবিয়াই লাভ কৰা নাই ভাৰতীয় নাগৰিকত্ব। 
 
পেহেলগাম কাণ্ডৰ পিচত এতিয়া সংকটত পৰিছে ৰাবিয়া আয়ুছৰ পৰিয়াল। এনে প্রেক্ষাপটত পৰিয়ালটোৱে অসম চৰকাৰৰ সৈতে যোগাযোগ কৰিছে। ভাৰত-পাক সম্পৰ্কৰ দ্রুত অৱনতিৰ মাজতে এই ঘটনাই এতিয়া বিশেষ চর্চা লাভ কৰিছে। 


শেহতীয়া খবৰ